এবেলা ডেঞ্জাৰ (ইংৰাজী ভাষা: Abella Danger; জন্ম: ১৯ নৱেম্বৰ ১৯৯৫১) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন প্ৰাক্তন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনয় শিল্পী আৰু পৰিচালক। তেওঁ ২০১০ দশকৰ মাজভাগত প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগত অন্যতম জনপ্ৰিয় আৰু চাহিদাসম্পন্ন অভিনেত্ৰী হিচাপে পৰিচিত হয়। বিভিন্ন চলচ্চিত্ৰ, ৱেবছাইট আৰু ভিডিঅ' প্ৰকল্পত অভিনয় কৰাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত।২
প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ
ডেঞ্জাৰৰ জন্ম আৰু লালন-পালন ফ্ল'ৰিডাৰ মায়ামিত হৈছিল।৩ তেওঁ কৈশোৰকালত নৃত্য আৰু বিনোদন জগতৰ প্ৰতি আগ্ৰহী আছিল। ২০১৪ চনৰ জুলাই মাহত তেওঁ 'বেং ব্ৰজ' নামৰ কোম্পানীৰ জৰিয়তে প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগত আত্মপ্ৰকাশ কৰে।৪ আত্মপ্ৰকাশৰ পিছতেই তেওঁ উদ্যোগটোত দ্ৰুত জনপ্ৰিয়তা লাভ কৰে আৰু বহুসংখ্যক প্ৰযোজনা প্ৰতিষ্ঠানৰ সৈতে কাম কৰে।
পৰৱৰ্তী সময়ত তেওঁ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছলৈ গুচি যায় আৰু পেছাদাৰীভাৱে চলচ্চিত্ৰ উদ্যোগত কাম অব্যাহত ৰাখে। ফৰ্চুন আলোচনীয়ে তেওঁক প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী হিচাপে বৰ্ণনা কৰিছে।৫ অভিনয়ৰ উপৰিও তেওঁ কিছুমান প্ৰকল্পত পৰিচালক হিচাপেও কাম কৰিছে।৬
২০১৯ চনত ডেঞ্জাৰক মূলধাৰাৰ হলিউড অভিনেত্ৰী বেলা থৰ্ণৰ পৰিচালিত প্ৰথমখন পৰ্ণ ছবি হাৰ এণ্ড হিমত অভিনয়ৰ বাবে নিৰ্বাচন কৰা হৈছিল।৭ এই চুটি ছবিখন 'পৰ্ণহাব'ৰদ্বাৰা প্ৰযোজিত আৰু ই কোম্পানীটোৰ 'ভিজনৰীজ ডাইৰেক্টৰছ ক্লাব' শৃংখলাৰ অংশ আছিল। ডেঞ্জাৰে এই শৃংখলাৰ আন এক ছবি আই লাভ ইউতো অভিনয় কৰিছিল।৮
ডেঞ্জাৰে ইজৰাইলী ইডিএম (EDM) প্ৰযোজক আৰু ডিজে বৰগৰৰ দ্বিতীয়টো ষ্টুডিঅ' এলবাম দ্য আৰ্ট অৱ গৌৰৰ "৯১১" গীতটোত কণ্ঠদান কৰাৰ লগতে সংগীত ভিডিঅ'টোত অভিনয় কৰিছে।৯ তেওঁ কিছুমান সংগীত ভিডিঅ' আৰু বিনোদনমূলক প্ৰকল্পতো অংশগ্ৰহণ কৰিছে।
ব্যক্তিগত জীৱন
ডেঞ্জাৰ গায়িকা গ্ৰেবী গেৰেকোৰ (গ্ৰেবী জি) সৈতে সম্পৰ্কত আছিল আৰু তেওঁৰ "চিটি অন ফায়াৰ" সংগীত ভিডিঅ'টোত অভিনয় কৰিছিল। তাত তেওঁ গায়িকাগৰাকীক লছ এঞ্জেলছৰ অন্ধকাৰ জগতলৈ প্ৰলোভিত কৰা এটা চৰিত্ৰত অভিনয় কৰিছিল।১০১১
তথ্যসূত্ৰ
- ↑ Danger, Abella. (November 19, 2018). birthday. it's my birthday #scorpio 11/19/95 #jordanyear officially 23🔥😁
- ↑ Cohen, David. (April 19, 2019). Pornhub Wants to Save the Bees With (What Else?) Bee Porn. Adweek
- ↑ Danger, Abella. (April 10, 2023). born in Miami 1995..
- ↑ Warren, Peter. (January 21, 2015). AEE Newbie: Abella Danger, Miami Heat Hits L.A.. AVN
- ↑ Morris, Chris. (January 24, 2018). Call 'Em the Dirty Dozen: The 12 Most Popular Stars in Adult Entertainment. Fortune
- ↑ Song, Sandra. (December 12, 2019). Abella Danger on Porn Shaming, Faux Feminism and Kanye. Paper
- ↑ Rawden, Jessica. (October 3, 2019). Bella Thorne reveals why she decided to create a porn movie. Cinema Blend
- ↑ Keeley, Matt. (August 13, 2019). Former Disney star Bella Thorne makes her directorial debut with 'Her & Him' for Pornhub. Newsweek
- ↑ Cameron, John. (October 9, 2019). 6 Adult Film Stars Who Happen to be Diehard Fans of EDM. EDM.com
- ↑ (April 15, 2019). Los Angeles is a 'City on Fire' in Gaby G's new video. Earmilk
- ↑ Jerome, Cristina. (April 6, 2018). As Miami Beach Pride Nears, Native Youth Opens Up About Her Sexuality. Miami New Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এবেলা ডেঞ্জাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৩৫৫৪ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।