এপ'ল ১১ আছিল প্ৰথম মহাকাশ অভিযান যাৰ সহায়ত প্ৰথম বাৰৰ বাবে মানুহে চন্দ্ৰত ভৰি দিছিল। নীল আৰ্মষ্ট্ৰং আৰু বুজ এলড্ৰিনে ২০ জুলাই ১৯৬৯ চনত এপ'ল' লুনাৰ মডুল ঈগলক চন্দ্ৰপৃষ্ঠত নমাইছিল। ইয়াৰ প্ৰায় ৬ঘণ্টাৰ পাছত নীল আৰ্মষ্ট্ৰঙে প্ৰথম বাৰৰ বাবে চন্দ্ৰপৃষ্ঠত ভৰি ৰাখিছিল ২১ জুলাইৰ দিনা। তাৰে ১৯মিনিটৰ পাছত বুজ এলড্ৰিনেও নীল আৰ্মষ্ট্ৰঙৰ লগত যোগ দিয়ে। তেওঁলোকে চন্দ্ৰপৃষ্ঠত ৩ঘণ্টা ১৫মিনিট সময় ঈগলৰ বাহিৰত কটাই আৰু চন্দ্ৰপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰে। মাইকেল ক'লিনছে কমাণ্ড মডুল কলম্বিয়া চন্দ্ৰৰ কক্ষপথত উৰাই ৰাখিছিল। নীল আৰ্মষ্ট্ৰং আৰু বুজ এলড্ৰিনে ২১ ঘণ্টা ৩১ মিনিট চন্দ্ৰপৃষ্ঠত থাকি পুনৰ মহাকাশত কলম্বিয়াৰ লগ লাগিছিল।
অভিযানৰ উদ্দেশ্য
অভিযানৰ মূল উদ্দেশ্য আছিলে আমেৰিকাৰ ৰাষ্ট্ৰীয় উদ্দেশ্য পূৰণ কৰা যিটো আছিলে চন্দ্ৰলৈ মানুহ যোৱা আৰু তাৰ পৰা পুনৰ পৃথিৱীলৈ ঘূৰাই অনাৰ। এই ৰাষ্ট্ৰীয় উদ্দেশ্যটো আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডিয়ে ২৫ মে' ১৯৬১ চনত ঘোষণা কৰিছিলে। ইয়াৰ উপৰিও অভিযানটোৰ আন বহুতো উদ্দেশ্য আছিলে; চন্দ্ৰপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰা, পৃথিৱীলৈ সংকেত পঠিয়াবলৈ এটা টেলিভিচন কেমেৰা মোতায়েন কৰা, সৌৰ বতাহ সংযুক্ত পৰীক্ষাৰ বাবে সঁজুলি, ভূকাম্পিক পৰীক্ষাৰ সঁজুলি, লেজাৰ ৰেনজিং ৰেত্ৰ ৰিফ্লেক্টৰ মোতায়েন কৰা১।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এপ'ল' ১১” প্ৰবন্ধৰ সংশোধন ৫৩৭২৫৯ (৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।