অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

এন এন

এন এন (An An) হৈছে জাপানৰ পৰা প্ৰকাশিত হোৱা এখন সাপ্তাহিক মহিলা জীৱনশৈলী আলোচনী। ই জাপানৰ আটাইতকৈ পুৰণি আৰু জনপ্ৰিয় মহিলা আলোচনীৰ ভিতৰত এখন। ২০০৯ চনত জাপান টুডে আলোচনীত ইয়াক অতি জনপ্ৰিয় মহিলা আলোচনী বুলি উল্লেখ কৰা হৈছিল। ইয়াৰ উপৰিও ই দেশখনৰ আটাইতকৈ বেছি বিক্ৰী হোৱা মহিলা আলোচনীৰ ভিতৰত এখন।

হালনাগাদ: ৮ ফেব্ৰুৱাৰী ২০২৬ ১১৪ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

এন এন (An An) হৈছে জাপানৰ পৰা প্ৰকাশিত হোৱা এখন সাপ্তাহিক মহিলা জীৱনশৈলী আলোচনী। ই জাপানৰ আটাইতকৈ পুৰণি আৰু জনপ্ৰিয় মহিলা আলোচনীৰ ভিতৰত এখন।১২ ২০০৯ চনত জাপান টুডে আলোচনীত ইয়াক অতি জনপ্ৰিয় মহিলা আলোচনী বুলি উল্লেখ কৰা হৈছিল।৩ ইয়াৰ উপৰিও ই দেশখনৰ আটাইতকৈ বেছি বিক্ৰী হোৱা মহিলা আলোচনীৰ ভিতৰত এখন।৪

ইতিহাস আৰু পৰিচয়

এই আলোচনীখন ফ্ৰান্সৰ আলোচনী এল্লে-ৰ সহোদৰ প্ৰকাশন হিচাপে আৰম্ভ হৈছিল আৰু প্ৰথমে ইয়াৰ নাম আছিল এল্লে জাপোন।৪৫ এইখন আলোচনীৰ প্ৰথম সংখ্যা প্ৰকাশ পাইছিল ১৯৭০ চনৰ ২০ মাৰ্চ তাৰিখে।৬ ১৯৮২ চনত ইয়াৰ নাম সলনি কৰি এন এন ৰখা হয়,৭ যি এটা পাণ্ডাৰ নাম আছিল।৫ ইয়াৰ বিষয়বস্তুত জাপানী মহিলাসকলৰ পৰিচয় আৰু সামাজিক ধাৰণাসমূহ প্ৰতিফলিত কৰিবলৈ পৰিবৰ্তন কৰা হৈছিল।৫

১৯৯০-ৰ দশকৰ শেষফালে এন এন দ্বি-সাপ্তাহিকভাৱে প্ৰকাশ পোৱা হৈছিল।৮ আলোচনীখনৰ মুখ্য কাৰ্যালয় টোকিঅ’ত অৱস্থিত। এই আলোচনীখন সাপ্তাহিকভাৱে প্ৰতি মঙলবাৰে প্ৰকাশ পায়।৯ ইয়াৰ প্ৰকাশক হৈছে টোকিঅ’-ভিত্তিক প্ৰকাশনা সংস্থা মেগাজিন হাউছ লিমিটেড।৯

এই আলোচনীখন জাপানী মহিলা সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰা হয়। জাপানত নাৰীবাদ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এই আলোচনীখনৰ ভূমিকা উল্লেখযোগ্য।

প্ৰচলন সংখ্যা

১৯৭০ ৰ পৰা ২০০৯ চনলৈ এন এন-ৰ প্ৰচলন সংখ্যা প্ৰায় ৫,৪০,০০০ ৰ পৰা ৭,২০,০০০ কপি পৰ্যন্ত আছিল। ১৯৯০-ৰ দশকৰ মাজভাগত প্ৰায় ৬,৫০,০০০ কপি বিক্ৰী হৈছিল।৮ ২০০৬ চনত ইয়াৰ প্ৰচলন সংখ্যা আছিল ২,৮০,৬৮৩ কপি।১০

তথ্যসূত্ৰ

  1. ↑ (২১ ছেপ্টেম্বৰ ২০১৫). Kindle celebrity image rights scandal hits anan magazine. Japan Trends
  2. ↑ Kaori Shoji. (১২ মে' ২০০৮). Health-conscious Japanese women are running in style. The New York Times
  3. ↑ (১ মাৰ্চ ২০০৯). 'Marriage-hunting' is latest buzzword. Japan Today
  4. ↑ Alexandra Hambleton. (২০১২). Women and the Media in Asia: The Precarious Self. Palgrave Macmillan. পৃ. ১১৫–১২৯. ISBN 978-0-230-29272-7
  5. ↑ (২০০৮). The Art of Seduction and Affect Economy: Neoliberal Class Struggle and Gender Politics in a Tokyo Host Club. পৃ. ৫৭
  6. ↑ Lise Skov; Brian Moeran. (১৯৯৫). Women, Media, and Consumption in Japan. University of Hawaiʻi Press. পৃ. ৬০. ISBN 978-0-8248-1776-3
  7. ↑ Section 2: Fashion. National Diet Library
  8. ↑ Aviad E. Raz. (১৯৯৯). Riding the Black Ship: Japan and Tokyo Disneyland. Harvard University Asia Center. পৃ. ৭৬. ISBN 978-0-674-76894-9
  9. ↑ (১৫ মে' ২০১৪). an an Magazine for Japan's Young Women. Japan Visitor Blog
  10. ↑ (২৭ ডিচেম্বৰ ২০০৭). Manga Anthology Circulations 2004-2006. ComiPress

সম্পৰ্কিত শ্ৰেণী

মহিলা আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এন এন” প্ৰবন্ধৰ সংশোধন ৫৭৫৩৪৯ (৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।