অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এনী ল’ৰি আলেক্সেণ্ডাৰ

এনী ল’ৰি আলেক্সেণ্ডাৰ, জন্ম: ১০ জানুৱাৰী, ১৮৬৪চন -মৃত্যু ১৫ অক্টোবৰ ১৯২৯ চন; এগৰাকী আমেৰিকান চিকিৎসক আৰু শিক্ষাবিদ আছিল। তেওঁ প্ৰথম দক্ষিণ আমেৰিকাত চিকিৎসাৰ অনুজ্ঞাপত্ৰ লাভ কৰা মহিলা চিকিৎসক আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৮২ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

এনী ল’ৰি আলেক্সেণ্ডাৰ, জন্ম: ১০ জানুৱাৰী, ১৮৬৪চন -মৃত্যু ১৫ অক্টোবৰ ১৯২৯ চন; এগৰাকী আমেৰিকান চিকিৎসক আৰু শিক্ষাবিদ আছিল। তেওঁ প্ৰথম দক্ষিণ আমেৰিকাত চিকিৎসাৰ অনুজ্ঞাপত্ৰ লাভ কৰা মহিলা চিকিৎসক আছিল।১

প্ৰাথমিক জীৱন আৰু শিক্ষা

আলেক্সেণ্ডাৰে ১৮৬৪ চনৰ ১০ জানুৱাৰীত নৰ্থ কেৰোলিনাৰ কৰ্ণেলিৱাচ চহৰৰ মেকেনবাৰ্গ কাউণ্টিত জন্ম গ্ৰহণ কৰে। ২ তেওঁৰ পিতৃ জন ব্ৰেভাৰ্ড আলেক্সেণ্ডাৰ আৰু মাতৃ আন ৱাল ল’ৰিৰ ছয়টা সন্তানৰ মাজত আছিল আৰু আলেক্সেণ্ডাৰ ক্ৰেইড আৰু ডেভিদ কডৱেলতকৈ সৰু আছিল৩

আলেক্সেণ্ডাৰে এগৰাকী মহিলা চিকিৎসক ৰোগীয়ে পুৰুষ চিকিৎসকৰ দ্বাৰা চিকিৎসা ল’ব নিবিচৰাৰ বাবে আৰু চিকিৎসাৰ সুবিধা অস্বীকাৰ কৰি মৃত্যু মুখত পৰাৰ পিছত চিকিৎসা ক্ষেত্ৰখনত নিজে আগবাঢ়িবলৈ যথেষ্ট প্ৰভাৱিত হৈছিল।৪ তেওঁক এইক্ষেত্ৰত তেওঁৰ পিতৃ আৰু এজন ব্যক্তিগত টিউটৰৰ সহায়ত শিক্ষদান কৰা হৈছিল।

কৰ্মজীৱন

আলেক্সেণ্ডাৰে পেনচিলভিয়া উইমেন মেডিকাল কলেজত নামভৰ্তি কৰে২ আৰু ১৮৮৪ চনত সন্মানসহ সুখ্যাতিৰে চিকিৎসা স্নাতক ডিগ্ৰী লাভ কৰে।পিছৰ বছৰত তেওঁ মেৰীলেণ্ড বোৰ্ড অৱ মেডিকেল এক্সামিনাৰ্চৰ পৰা চিকিৎসা শিক্ষা চৰ্চাৰ অনুজ্ঞাপত্ৰ লাভ কৰে। তেওঁ ১০০ জন প্ৰাৰ্থীৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰে।৩

আলেক্সেণ্ডাৰে নিজাকৈ প্ৰেকটিছ আৰম্ভ কৰিছিল আৰু বাল্টিমোৰৰ মহিলা চিকিৎসা মহাবিদ্যালয়ত শৰীৰবিজ্ঞানৰ সহকাৰী শিক্ষয়িত্ৰী আছিল। ১৮৮৭ চনত মেকলেনবাৰ্গ কাউণ্টিলৈ উভতি আহি চিকিৎসা সেৱা আগবঢ়াবলৈ ধৰে।৫ আৰু ১৮৮৯ চনত উত্ৰ কেৰোলিনাৰ চাৰ্লটত এটা ঘৰ কিনি লয়। ১৯১১ চনত ৩

আলেক্সেণ্ডাৰে নিউইয়ৰ্কৰ পলিক্লিনিকত স্নাতকোত্তৰ কাম কৰিছিল। ১৮০০ চনৰ শেষৰ ফালে মহিলা চিকিৎসকক সাধাৰণতে সমাজে গ্ৰহণ কৰা নাছিল, তেতিয়া তেওঁৰ কামে কিছুমান আত্মীয়ক ইমানেই স্তম্ভিত কৰিছিল যে তেওঁলোকৰ উপস্থিতিত আলেক্সেণ্ডাৰৰ নাম নল’বলৈয়ো অনুৰোধ কৰিছিল।৬

আলেক্সেণ্ডাৰে ২৩ বছৰ ধৰি প্ৰিচবেটেৰিয়ান কলেজ ফৰ উইমেন (বৰ্তমান কুইন্স ইউনিভাৰ্চিটি অফ চাৰ্লচ)ত চিকিৎসক হিচাপে কাম কৰিছিল।৭ তেওঁ কাম কৰা সময়ত চাৰ্লটচ মেলেৰিয়া আৰু টাইফিড জ্বৰৰ প্ৰাদুৰ্ভাৱৰ লগতে হুকৱৰ্ম মহামাৰী ৰূপেও দেখা দিছিল।৩

প্ৰথম বিশ্বযুদ্ধৰ সময়ত১ আলেক্সেণ্ডাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীৰ প্ৰথম লেফটেনেণ্ট আছিল আৰু চাৰ্লটৰ কেম্প গ্ৰীণত ভাৰপ্ৰাপ্ত সহকাৰী অস্ত্ৰোপচাৰ বিশেষজ্ঞ হিচাপে নিযুক্তি লাভ কৰিছিল। তাত তেওঁ স্কুলীয়া ল’ৰা-ছোৱালীৰ চিকিৎসা পৰিদৰ্শন কৰিছিল আৰু ১৯১৮ চনত ফ্লু মহামাৰীৰ সৈতে যুঁজিছিল।৮

তেওঁ মেকলেনবাৰ্গ মেডিকেল ছ’চাইটিত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ইউনাইটেড ডাটাৰ্চ অৱ দ্যা কনফেডাৰেচন, চাৰ্লট উইমেন ক্লাৱ আৰু ডটাৰ্চ অৱ দ্যা আমেৰিকান ৰিভলিউচনৰ সদস্য আছিল।৩

১৯২৯ চনৰ ১৫ অক্টোবৰত চাৰ্লটত এজন ৰোগীৰ পৰা সংক্ৰমিত নিউমোনিয়াত আলেক্সেণ্ডাৰৰ মৃত্যু হয়৩ ২০২২ চনত উত্তৰ কৰোলিনাৰ চাৰ্লটত লিটিল চুগাৰ ক্ৰীকৰ কাষত জেন ডিডেকাৰে তেওঁক তেওঁৰ প্ৰতিমূৰ্তিৰে স্মৰণ কৰে২৯

তথ্যসূত্ৰ

  1. ↑ Goodpasture, Joe. (November 2007). Call Her Doctor: The South's first female physician was a true pioneer. Charlotte Magazine
  2. ↑ Limehouse, Jonathan. (6 June 2022). Charlotte unveils statue of Dr. Annie Alexander, the first female physician to practice in NC. The Charlotte Observer
  3. ↑ Cohn. (2012). More Than Petticoats: Remarkable North Carolina Women. Globe Pequot. পৃ. 82–92. ISBN 978-0-7627-6445-7
  4. ↑ (7 March 2016). Annie Lowrie Alexander (1864-1929). North Carolina History -
  5. ↑ Censer. (2003). The Reconstruction of White Southern Womanhood, 1865-1895. Louisiana State University Press. পৃ. 155. ISBN 978-0-8071-2921-0
  6. ↑ Steelman, Ben. (June 20, 1999). Book packed full of 'History'. Star-News
  7. ↑ Kratt. (1992). Charlotte, Spirit of the New South. John F. Blair. পৃ. 160. ISBN 978-0-89587-095-7
  8. ↑ Powell. (1988). Dictionary of North Carolina Biography: Vol. 1, A-C. Univ. of North Carolina Pr. পৃ. 13. ISBN 978-0-8078-1329-4
  9. ↑ (6 June 2022). North Carolina's first female physician statue added to Charlotte's Trail of History. Charlotte Media Group

সম্পৰ্কিত শ্ৰেণী

আমেৰিকাৰ মহিলা চিকিৎসক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এনী ল’ৰি আলেক্সেণ্ডাৰ” প্ৰবন্ধৰ সংশোধন ৬৩০৯৪৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।