অৰিয়ানা মুন এণ্ড্ৰুজ (১৮৩৪–১৮৮৩) আছিল এগৰাকী আমেৰিকান চিকিৎসক যি আমেৰিকাৰ চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম আছিল। তেওঁ আমেৰিকাৰ গৃহ-যুদ্ধৰ সময়ত কনফেডাৰেট আৰ্মীৰ চিকিৎসক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
প্ৰাথমিক জীৱন আৰু শিক্ষা
১৮৩৪ চনত ভাৰ্জিনিয়াৰ আলবেমাৰ্ল কাউণ্টিত বাগিছাৰ মালিক পৰিয়ালত জন্মগ্ৰহণ কৰা অৰিয়ানা এণ্ড্ৰুজে (ডাক নাম মুন) সৰুৰেপৰাই চিকিৎসা বিজ্ঞান অধ্যয়ন কৰাৰ সিদ্ধান্ত লয়। এবছৰ ধৰি ট্ৰয় মহিলা চেমিনাৰী (বৰ্তমান এমা উইলাৰ্ড স্কুল)ত পঢ়িছিল, য'ত বিজ্ঞান আৰু গণিতৰ প্ৰয়োজনীয় পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছিল যাতে তেওঁ পেনচিলভেনিয়াৰ মহিলা চিকিৎসা মহাবিদ্যালয়ত (বৰ্তমান পেনচিলভেনিয়াৰ মহিলা চিকিৎসা মহাবিদ্যালয়) নামভৰ্তি কৰিব পাৰে। এইটো আছিল কলেজৰ চতুৰ্থবাৰৰ বাবে ছাত্ৰ-ছাত্ৰীক নিযুক্তি দিয়াৰ সময়ত। এণ্ড্ৰুজ আছিল ভাৰ্জিনিয়াৰপৰা অহা প্ৰথমগৰাকী মহিলা যিয়ে কলেজত পঢ়িছিল, আৰু দক্ষিণ আমেৰিকাৰপৰা মাত্ৰ তৃতীয় গৰাকী মহিলা।১
১৮৫৬ চনত এণ্ড্ৰুজে ডক্টৰেট ডিগ্ৰীৰ থিছিছ দাখিল কৰে আৰু পিছৰ বছৰত স্নাতক ডিগ্ৰী লাভ কৰে। সেই সময়ত আমেৰিকাত চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰা ৩৮ গৰাকী মহিলাৰ ভিতৰত তেওঁ অন্যতম।
কেৰিয়াৰ
চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰাৰ পাছত এণ্ড্ৰুজে দুবছৰ মধ্যপ্ৰাচ্য আৰু ইউৰোপ ভ্ৰমণ কৰিছিল, তাৰ পিছত ১৮৬১ চনত আমেৰিকাৰ গৃহ-যুদ্ধৰ আৰম্ভণিৰ আশে-পাশে উত্তৰ আমেৰিকালৈ উভতি আহে। ভাৰ্জিনিয়াৰ সামৰিক সেনাপতিসকললৈ তেওঁ লিখিছিল, কনফেডাৰেট ষ্টেটছ অৱ আমেৰিকাৰ যুদ্ধ প্ৰচেষ্টাত তেওঁৰ দক্ষতা আগবঢ়াইছিল।১
এণ্ড্ৰুজে ভাৰ্জিনিয়া বিশ্ববিদ্যালয়ৰ এখন অস্থায়ী চিকিৎসালয়ত নাৰ্ছৰ এটা দলৰ অধীক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল। ব্ৰিগেডিয়াৰ জেনেৰেল ফিলিপ চেণ্ট জৰ্জ ককলৈ লিখিছিল যে তেওঁক সন্মুখলৈ লৈ যাবলৈ অনুৰোধ কৰিছিল আৰু তেওঁৰ ভগ্নী লটি মুনেও তেওঁক সমৰ্থনত লিখিছিল। ১৮৬১ চনৰ নৱেম্বৰ মাহত ডা° জন ছামাৰফিল্ড এণ্ড্ৰুজৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত তেওঁ এই সেৱা এৰিলে। তেওঁলোকে ভাৰ্জিনিয়াৰ ৰিচমণ্ডলৈ গুচি যায় আৰু কনফেডাৰেট আৰ্মিৰ এখন চিকিৎসালয়ত কাম কৰে। পিছৰ বছৰত তেওঁ আলবেমাৰ্ল কাউণ্টিলৈ উভতি আহি প্ৰথম পুত্ৰ সন্তান জন্ম দিয়ে।১
যুদ্ধৰ পিছত তেওঁলোক টেনেচিলৈ গুচি যায় যদিও কু ক্লাক্স ক্লানৰ সৈতে হোৱা কাজিয়াত তেওঁলোক আলবেমাৰ্ল কাউণ্টিলৈ উভতি আহে। জন্মৰ কাউণ্টিলৈ উভতি আহি দম্পতীহালে যৌথ চিকিৎসা প্ৰেকটিছ স্থাপন কৰিলে। ১৮৮৩ চনত এণ্ড্ৰুজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।১ মৃত্যুৰ সময়ত এণ্ড্ৰুজৰ ছয়জন জীৱিত পুত্ৰ আছিল যদিও আৰু ছটা সন্তানৰ শৈশৱ কালতে মৃত্যু হৈছিল।২
তথ্যসূত্ৰ
- ↑ Tendrich Frank, Lisa. (2013). An Encyclopedia of American Women at War: From the Home Front to the Battlefields. Credo Reference. পৃ. 36–37. ISBN 978-1-785394-515
- ↑ Benge, Janet. (2001). Lottie Moon: Giving Her All for China. YWAM Pub. পৃ. 124. ISBN 978-1-576581-889
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰিয়ানা মুন এণ্ড্ৰুজ” প্ৰবন্ধৰ সংশোধন ৫৭৭৯৩৬ (১৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।