এনচেই মঠ (Enchey Monastery ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ছিক্কিমৰ ৰাজধানী গেংটক নগৰৰ ওপৰত অৱস্থিত এক গুৰুত্বপূৰ্ণ বৌদ্ধ মঠ। এই মঠটো ১৯০৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল। এই মঠ নিয়িংমা পৰম্পৰাৰ বজ্ৰায়ণ বৌদ্ধ ধৰ্মৰ অন্তৰ্গত। গেংটকৰ তেতিয়াৰ সৰু বসতিস্থলটোৰ চাৰিওফালে গঢ়ি উঠা এই মঠ কালক্ৰমত এক উল্লেখযোগ্য ধৰ্মীয় কেন্দ্ৰলৈ পৰিণত হয়। এই স্থানৰ পৱিত্ৰতা বিখ্যাত তান্ত্ৰিক বৌদ্ধ সাধক লামা দ্ৰুপথোব কাৰ্পোৰ সৈতে জড়িত। কাহিনীমতে তেওঁ দক্ষিণ ছিক্কিমৰ মায়েনাম পাহাৰৰৰপৰা অলৌকিক শক্তিৰে উৰি আহি এই স্থানত উপস্থিত হৈছিল আৰু ইয়াতে প্ৰথমে এখন সৰু গোম্ফা (বৌদ্ধ মঠ) স্থাপন কৰিছিল। ‘এনচে’ (Enchey) শব্দৰ আক্ষৰিক অৰ্থ হৈছে “নিৰ্জন মঠ”।১২৩৪ স্থানীয় বিশ্বাস অনুসৰি খাংচেণ্ডোংগা আৰু য়াবডিন নামৰ ৰক্ষাকাৰী দেৱতাসকলে এই মঠত বাস কৰে। আন এক জনশ্ৰুতি অনুসৰি গুৰু পদ্মসম্ভৱই ইয়াতেই খাংচেন্দজোঙা, য়াবদেয়ান আৰু মহাকালৰ আত্মাসমূহক বশ কৰিছিল। এই কিংবদন্তিৰ বাবেই এনচে মঠ গেংটকৰ প্ৰতিটো পৰিয়ালৰ মাজত এক বিশেষ ধৰ্মীয় আৰু আধ্যাত্মিক মৰ্যাদা লাভ কৰিছে। ভক্তসকলৰ মাজত এই বিশ্বাসো প্ৰচলিত যে এই শক্তিশালী ৰক্ষাকাৰী দেৱতাসকলে আন্তৰিকভাৱে কৰা প্ৰাৰ্থনা আৰু মনোবাঞ্ছা পূৰণ কৰে।৫
ভূগোল
এনচেই মঠটো গেংটকৰ উত্তৰ-পূৰ্ব দিশত এটা মনোমোহা পাহাৰৰ ওপৰত অৱস্থিত। ইয়াৰপৰা কাঞ্চনজঙ্ঘা পৰ্বতমালাৰ অপূৰ্ব দৃশ্য উপভোগ কৰিব পাৰি। মঠটো গেংটক–নাথুলা পথত, চিনিঅ'লচু লজৰ ওপৰত অৱস্থিত। মঠলৈ যোৱা পথটো ঘন শংকুঁজাতীয় (কনিফেৰাছ) গছৰ মনোৰম শাৰীৰ মাজেৰে আগবাঢ়ে আৰু টিভি দূৰসংযোগ টাৱাৰটোক অতিক্ৰম কৰে। মঠটো গেংটকৰ মূল বজাৰৰপৰা প্ৰায় ৩ কিলোমিটাৰ (১.৯ মাইল) উত্তৰ-পূৰ্বে অৱস্থিত। ৫৬ আকাৰত তুলনামূলকভাৱে সৰু হ’লেও, গেংটক চহৰক ওপৰৰপৰা চোৱা এক কৌশলগত উচ্চ স্থানত অৱস্থিত হোৱাৰ বাবে চিকিমৰ আন বহুতো মঠতকৈ ইয়াৰপৰা কাঞ্চনজঙ্ঘা শৃংগৰ অধিক মনোমোহা দৃশ্য দেখা যায়।
স্থাপত্য

এনচেই মঠ প্ৰথমে ১৮৪০-ৰ দশকত চিকিমৰ অষ্টম চোগিয়ালৰ পৃষ্ঠপোষকতাত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ ফলত তেতিয়াৰ সৰু গাঁও গেংটক ক্ৰমে এক গুৰুত্বপূৰ্ণ তীৰ্থস্থানলৈ পৰিণত হয়। বৰ্তমান দেখা মঠটো ১৯০৯ চনত ছিকিয়ং তুল্কুৰ শাসনকালত নতুনকৈ সুন্দৰ ৰূপত নিৰ্মাণ কৰা হয়। গেংটকৰ এই মঠখনৰ স্থাপত্যশৈলী চীনা পেগোডাৰ আৰ্হিত গঢ়ি তোলা হৈছে। য'ত প্ৰখ্যাত তান্ত্ৰিক সাধক লামা দ্ৰুপথব কাৰ্পোই পূৰ্বতে তপস্যা কৰিছিল মঠটো সেই ঠাইতেই নিৰ্মাণ কৰা হৈছে। মঠৰ শীৰ্ষত এখন উজ্জ্বল সোণালী গম্বুজ আছে, যিয়ে ইয়াৰ সৌন্দৰ্য অধিক পৰিমাণে বৃদ্ধি কৰিছে।
মঠৰ ভিতৰত বহুতো দেৱ-দেৱীৰ মূৰ্তি আৰু ধৰ্মীয় সামগ্ৰী সংৰক্ষিত আছে। ইয়াত মূলতঃ বুদ্ধ, লোকেশ্বৰ (অৱলোকিতেশ্বৰ) আৰু গুৰু পদ্মসম্ভৱৰ পূজা কৰা হয়। বৃহৎ প্ৰাৰ্থনা কক্ষৰ দেৱালসমূহ চাৰিজন ধৰ্মৰক্ষক ৰজা, চাৰিওটা মুখ্য দিশৰ অধিষ্ঠাতা দেৱতা আৰু মহাযান বৌদ্ধ ধৰ্মৰ বিভিন্ন দেৱ-দেৱীৰ মনোমোহা চিত্ৰ আৰু ভাস্কৰ্যৰে সজ্জিত। পৱিত্ৰ ধৰ্মগ্ৰন্থসমূহ আলমাৰীত সযতনে সংৰক্ষণ কৰি ৰখা হৈছে। মঠৰ ছাদ ধৰি ৰখা চাৰিটা খুঁটাত অতি সূক্ষ্ম আৰু নান্দনিক খোদিত শিল্প দেখা যায়। নিংমা পৰম্পৰাৰ এই মঠত প্ৰায় ৯০ জন ভিক্ষু বাস কৰে। ৭৮ The মঠৰ খিৰিকীবোৰো সুন্দৰকৈ খোদিত আৰু ৰঙীন অলংকৰণেৰে সজোৱা হৈছে।৯
এনচেই মঠত বাৰ্ষিক ধৰ্মীয় মুখা-নৃত্য (Cham Dance)ত ব্যৱহাৰ কৰা বহু মূল্যৱান মুখাৰ এক সমৃদ্ধ সংগ্ৰহ আছে। মঠটোৰ পৰিৱেশ অতি শান্ত আৰু মনোমোহা। ইয়াত এটা সমৃদ্ধ গ্ৰন্থাগাৰো আছে। ১০ মঠৰ চাৰিওফালে উৰি থকা ৰঙীন প্ৰাৰ্থনা-পতাকাই সমগ্ৰ অঞ্চলটোক এক আধ্যাত্মিক আৰু শান্তিময় পৰিৱেশ প্ৰদান কৰে। চিকিমৰ আন নিংমাপা মঠসমূহৰ দৰে এনচেই মঠো পেমায়াংছে মঠৰ অধীনত পৰিচালিত হয়।
১৯৪৭ চনত এক অগ্নিকাণ্ডত মঠটো সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছিল। পাছত ১৯৪৮ চনত ভক্তসকলৰ সহায়-সহযোগিতাত ইয়াক পুনৰ নিৰ্মাণ কৰা হয়।১১ স্থাপত্য আৰু বৈশিষ্ট্য
ভূমিকম্পৰ ক্ষতি
১৪ ফেব্ৰুৱাৰী ২০০৬ চনত চিকিমত সংঘটিত ভূমিকম্পৰ পিছত প্ৰস্তুত কৰা এক সমীক্ষা প্ৰতিৱেদনত উল্লেখ কৰা হয় যে, এনচেই মঠকে ধৰি ৰাজ্যখনৰ বহুতো অট্টালিকাই গুৰুতৰ ক্ষতিৰ সন্মুখীন হৈছিল। ভূমিকম্পৰ কম্পনৰ তীব্ৰতাৰ ফলস্বৰূপে মঠটোৰ শিলগাঁথনিৰ দেৱালসমূহত, বিশেষকৈ কোণ আৰু দুৱাৰ-খিৰিকীৰ ওচৰত, ডাঙৰ আৰু উলম্ব ফাট মৰা দেখা গৈছিল। মঠটো প্ৰথমবাৰৰ বাবে হোৱা ক্ষতি নাছিল। ১৯৮০ আৰু ১৯৮৮ চনৰ ভূমিকম্পতো মঠটোৱে ক্ষতিৰ সন্মুখীন হৈছিল। যদিও তেতিয়া মেৰামতি কৰা হৈছিল, সেইবোৰ পৰ্যাপ্ত নাছিল। সেয়েহে ২০০৬ চনৰ ভূমিকম্পত পূৰ্বতে মেৰামতি কৰা দেৱালসমূহ পুনৰ ক্ষতিগ্ৰস্ত প্ৰতিৱেদনত কোৱা হয় যে, গেংটক আৰু ইয়াৰ আশে-পাশে দেখা পোৱা ক্ষতি ভূমিকম্পৰ ৫.৭ ৰিখটাৰ স্কেলৰ মাত্ৰাৰ তুলনাত অস্বাভাৱিকভাৱে বেছি আছিল। ইয়াৰপৰা স্পষ্ট হয় যে অঞ্চলটো অতি উচ্চ ভূমিকম্প প্ৰাবল্যৰ অঞ্চল। এই অধিক ক্ষতিৰ মূল কাৰণ হিচাপে দুৰ্বল নক্সা, নিম্নমানৰ নিৰ্মাণ পদ্ধতি, দক্ষ কাৰিকৰী জনবলৰ অভাৱ আৰু অপৰ্যাপ্ত তদাৰকীক দায়ী কৰা হৈছে। প্ৰতিৱেদনত চিকিমত অধিক সুৰক্ষিত নিৰ্মাণ ব্যৱস্থা গ্ৰহণ, ভূমিকম্প প্ৰতিৰোধী প্ৰযুক্তিৰ ব্যৱহাৰ, উন্নত মানৰ নিৰ্মাণ সামগ্ৰী, গুণগত মান নিয়ন্ত্ৰণ আৰু দক্ষ অভিযন্তা তথা কাৰিকৰী জনবলৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ পৰামৰ্শ দিয়া হৈছে। এনচেই মঠটো এটা ঐতিহ্যবাহী শিলগাঁথনিৰ দুমহলীয়া স্থাপত্যশৈলীৰে গঠিত। ইয়াৰ প্ৰায় ৫০০ মিলিমিটাৰ পকা দেৱাল, কাঠৰ খুঁটি, বিম, মজিয়া আৰু ছাদৰ কাঠামো আছে। ছাদখন গ্যালভানাইজড লোহাৰ পাতৰ, যিটো কাঠৰ ট্ৰাছৰ ওপৰত স্থাপন কৰা হৈছে। ভূমিকম্পৰ ফলত দেৱালসমূহত কেঁচা-চাপজনিত ক্ষতি হয় আৰু ফাটৰ বাবে অলংকাৰিক প্লাষ্টাৰ খহি পৰে, যাৰ ফলত মঠটোৰ সৌন্দৰ্যও ক্ষুণ্ণ হয়। ক্ষতিগ্ৰস্ত দেৱালসমূহ মজপুত কৰিবলৈ ফাটসমূহত গ্ৰাউটিং (grouting) কৰাৰ পৰামৰ্শ দিয়া হৈছিল। ১২
উৎসৱসমূহ
এনচেই মঠত অনুষ্ঠিত ডেটৰ ছাম (Detor Cham) এক বৰ্ণাঢ্য আৰু আকৰ্ষণীয় ছাম নৃত্য উৎসৱ। এই উৎসৱ তিব্বতী পঞ্জিকাৰ দ্বাদশ চন্দ্ৰমাহৰ ১৮ আৰু ১৯ তাৰিখে অনুষ্ঠিত হয়, যি গ্ৰেগৰিয়ান পঞ্জিকা অনুসৰি সাধাৰণতে জানুৱাৰী–ফেব্ৰুৱাৰী মাহত পৰে। এনচেই মঠত উদযাপিত আন উল্লেখযোগ্য উৎসৱসমূহ হৈছে ছিংহে ছাম, যি প্ৰতি তিনি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। পাং লাবছল, হৈছে কাঞ্চনজংঘাক সাক্ষী মানি ভুটিয়া আৰু লেপচা জনগোষ্ঠীৰ মাজত সম্পন্ন হোৱা ৰক্ত-ভাতৃত্বৰ শপতৰ স্মৃতিত উদ্যাপন কৰা হয়। ছাম নৃত্য হৈছে মুখা-পিন্ধা এক ধৰ্মীয় নৃত্য। এই নৃত্যত নৃত্যশিল্পীসকলে অলংকৃত বস্ত্ৰ পৰিধান কৰি মহাকাল (ধৰ্মৰ ৰক্ষক) আৰু পৌৰাণিক হিমসিংহৰ ৰূপ ধাৰণ কৰে। এই চৰিত্ৰসমূহৰ কপালত অংকিত তৃতীয় চকুৱে আত্ম-অনুধ্যান আৰু অন্তৰ্মুখী চিন্তনৰ প্ৰয়োজনীয়তাক প্ৰতীকীভাৱে প্ৰকাশ কৰে। এই নৃত্য-উৎসৱসমূহ সাধাৰণতে লোছাৰ (তিব্বতী নৱবৰ্ষ; ফেব্ৰুৱাৰী–মাৰ্চ) আৰু লোচুং (চিকিমৰ নৱবৰ্ষ; ডিচেম্বৰ–জানুৱাৰী) উদ্যাপনৰ পূৰ্বে অনুষ্ঠিত হয়।১৩
বাহ্যিক সংযোগ
- Coordinates of Enchey
- Buddhist pilgrimage sites in India
- Pilgrims Guide to Buddhist India: Buddhist Sites
তথ্যসূত্ৰ
- ↑ Bindloss, Joe. (2009). Northeast India. Lonely Planet. পৃ. 179. ISBN 978-1-74179-319-2
- ↑ Bisht, Ramesh Chandra. (2008). International Encyclopaedia of Himalayas (5 Vols. Set). Mittal Publications. পৃ. 225. ISBN 978-81-8324-265-3
- ↑ Enchey Monastery. National Informatics Centre
- ↑ Enchey Monastery. Buddhist Temples
- ↑ Place of Solitude. Sikkim Infoonline
- ↑ Bradnock, Robert; Roma Bradnock. (2000). Indian Himalaya handbook: the travel guide. Footprint Travel Guides. পৃ. 299. ISBN 1-900949-79-2
- ↑ (2002). India. DK Pub. ISBN 0-7894-8395-5
- ↑ Bajwa, Jagir Singh; Ravinder Kaur. (2007). Tourism Management. APH Publishing. পৃ. 222. ISBN 978-81-313-0047-3
- ↑ Enchey monastery of Nyingmapa, Gangtok. Lonely Planet
- ↑ Kishore, B.R.; Shiv Sharma. (2008). India – A Travel Guide. Diamond Pocket Books (P) Ltd. পৃ. 377. ISBN 978-81-284-0067-4
- ↑ Sikkim Monasteries Tours. Trekking in Sikkim
- ↑ Reconnaissance Report on Sikkim Earthquake Of 14 February 2006. National Information Center of Earthquake Engineering (NICEE) at IIT Kanpur for Tata Steel Limited, India. পৃ. 1–5
- ↑ Singh, Sarina. (2005). India. Lonely Planet. পৃ. 523. ISBN 1-74059-694-3
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এনচেই মঠ” প্ৰবন্ধৰ সংশোধন ৬১৫৯০০ (৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।