অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

উমৈহতীয়া দেৱানী বিধি

উমৈহতীয়া দেৱানী বিধি (Uniform Civil Code) হৈছে ভাৰতত নাগৰিকৰ ব্যক্তিগত আইন প্ৰণয়ন আৰু কাৰ্যকৰীকৰণৰ প্ৰস্তাৱ,যিসমূহ সকলো নাগৰিকৰ ক্ষেত্ৰত তেওঁলোকৰ ধৰ্ম, লিংগ আৰু যৌন অভিমুখ নিৰ্বিশেষে সমানে প্ৰযোজ্য৷ বৰ্তমান বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তিগত আইন তেওঁলোকৰ ধৰ্মীয় শাস্ত্ৰৰ দ্বাৰা পৰিচালিত হয়।

হালনাগাদ: ১৪ মে’ ২০২৬ ৪২৭ শব্দ · ২ মিনিট সংগৃহীত ৫৫
সংশোধনৰ পৰামৰ্শ

উমৈহতীয়া দেৱানী বিধি (Uniform Civil Code) হৈছে ভাৰতত নাগৰিকৰ ব্যক্তিগত আইন প্ৰণয়ন আৰু কাৰ্যকৰীকৰণৰ প্ৰস্তাৱ,যিসমূহ সকলো নাগৰিকৰ ক্ষেত্ৰত তেওঁলোকৰ ধৰ্ম, লিংগ আৰু যৌন অভিমুখ নিৰ্বিশেষে সমানে প্ৰযোজ্য৷ বৰ্তমান বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তিগত আইন তেওঁলোকৰ ধৰ্মীয় শাস্ত্ৰৰ দ্বাৰা পৰিচালিত হয়।১ সমগ্ৰ দেশতে একেধৰণৰ নাগৰিক সংহিতা ৰূপায়ণ ভাৰতৰ শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম বিতৰ্কিত প্ৰতিশ্ৰুতি। ব্যক্তিগত আইন ৰাজহুৱা আইনৰ পৰা পৃথক আৰু ইয়াত বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, তুলি লোৱা তথা ভৰণ-পোষণ আদি সামৰি লোৱা হয়। ভাৰতীয় সংবিধানৰ ২৫-২৮ অনুচ্ছেদত ভাৰতীয় নাগৰিকক ধৰ্মীয় স্বাধীনতা নিশ্চিত কৰাৰ লগতে ধৰ্মীয় গোষ্ঠীসমূহক নিজৰ কাম-কাজ বৰ্তাই ৰাখিবলৈ অনুমতি দিয়াৰ বিপৰীতে সংবিধানৰ ৪৪ নং অনুচ্ছেদত ভাৰতীয় ৰাষ্ট্ৰই ৰাষ্ট্ৰীয় নীতি প্ৰণয়ন কৰাৰ সময়ত সকলো ভাৰতীয় নাগৰিকৰ বাবে নিৰ্দেশনামূলক নীতি আৰু সাধাৰণ আইন প্ৰয়োগ কৰিব বুলি বাঞ্ছা কৰা হৈছে। ২৩

ব্ৰিটিছ ৰাজৰ সময়ত প্ৰথমে ব্যক্তিগত আইন প্ৰণয়ন কৰা হৈছিল, মূলতঃ হিন্দু আৰু মুছলমান নাগৰিকৰ বাবে। ব্ৰিটিছে সম্প্ৰদায়ৰ নেতাসকলৰ বিৰোধিতাৰ আশংকা কৰিছিল আৰু এই ঘৰুৱা ক্ষেত্ৰখনৰ ভিতৰত অধিক হস্তক্ষেপ কৰাৰ পৰা বিৰত আছিল। পূৰ্বতে পৰ্তুগীজ, গোৱা আৰু দমনত ঔপনিৱেশিক শাসনৰ বাবে ভাৰতৰ গোৱা ৰাজ্য ভাৰতৰ পৰা পৃথক হৈ গোৱা নাগৰিক সংহিতা নামেৰে জনাজাত সাধাৰণ পৰিয়াল আইন বৰ্তাই ৰাখিছিল আৰু এইদৰে ২০২৪ চনৰ ৭ ফেব্ৰুৱাৰীলৈকে দেৱানী বিধি মানি চলা ভাৰতৰ একমাত্ৰ ৰাজ্য আছিল৷ কিন্তু গোৱা দেৱানী বিধিত কিছুমান অসামঞ্জস্যতা আছে; কাৰণ ইয়াত বিভিন্ন সম্প্ৰদায়ৰ বাবে বিশেষ ব্যৱস্থা আছে৷ যেনে- পত্নীয়ে ২৫ বছৰৰ আগতে সন্তান জন্ম নিদিলে বা ৩০ বছৰ বয়সৰ আগতে পুৰুষ সন্তান জন্ম নিদিলে হিন্দু পুৰুষক দুগৰাকী বিয়া পতাৰ অনুমতি দিয়ে৷ স্বাধীনতাৰ পিছত হিন্দু সংহিতা বিধেয়ক প্ৰৱৰ্তন কৰা হয় যিয়ে বৌদ্ধ, হিন্দু, জৈন আৰু শিখ আদি ভাৰতীয় ধৰ্মৰ মাজত বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তিগত আইনসমূহ বহুলাংশে সংহিতা আৰু সংস্কাৰ কৰে৷ অৱশ্যে ই খ্ৰীষ্টান, ইহুদী, মুছলমান আৰু পাৰ্চীসকলক ৰেহাই দিছিল৷ আৰু হিন্দুৰ পৰা পৃথক সম্প্ৰদায় হিচাপে চিনাক্ত কৰা হৈছিল।৪৫

আইনী মৰ্যাদা আৰু সম্ভাৱনা

১৯৯৮,২০১৯ আৰু ২০২৪ ৰ সাধাৰণ নিৰ্বাচনৰ ইস্তাহাৰত বিজেপিয়ে উমৈহতীয়া দেৱানী বিধিক অন্তৰ্ভুক্ত কৰি আহিছে৷৬ নাৰায়ণ লাল পাঞ্চাৰিয়াই ২০১৯ চনৰ নৱেম্বৰ মাহত প্ৰথমবাৰৰ বাবে সংসদত এই বিধি উত্থাপন কৰাৰ প্ৰস্তাৱ দিছিল। আন সাংসদসকলৰ প্ৰতিবাদৰ বাবে সংশোধনী বাবে ৰখা বিধেয়কখন অতি সোনকালে প্ৰত্যাহাৰ কৰা হয়।৭৮ ২০২০ চনৰ মাৰ্চ মাহত কিৰোডী লাল মীনাই দ্বিতীয়বাৰৰ বাবে এই বিধেয়কখন আনিছিল যদিও পুনৰ উত্থাপন কৰা হোৱা নাছিল।৯ ২০২০ চনত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি আৰ এছ এছৰ সৈতে সাময়িক মতানৈক্যৰ বাবে বিজেপিয়ে বিধেয়কখনৰ নিৰ্দিষ্টতাসমূহৰ বিষয়ে চিন্তা কৰি আছে।১০১১

দিল্লী উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰা হৈছিল য’ত ন্যায়িক আয়োগ বা উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতি গঠন কৰি কেন্দ্ৰীয় চৰকাৰক তিনিমাহৰ ভিতৰত ইউচিচিৰ খচৰা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। ২০২১ চনৰ এপ্ৰিল মাহত এই আবেদন উচ্চতম ন্যায়ালয়লৈ হস্তান্তৰ কৰিবলৈ অনুৰোধ দাখিল কৰা হৈছিল যাতে সমগ্ৰ বিভিন্ন উচ্চ ন্যায়ালয়ত এনেধৰণৰ অধিক আবেদন দাখিল কৰিলে ভাৰতত অসামঞ্জস্যতা নাহে। এই খচৰাখন ৬০ দিনৰ বাবে ৱেবছাইটত প্ৰকাশ কৰা হ'ব যাতে বিস্তৃত ৰাজহুৱা বিতৰ্ক আৰু মতামতৰ সুবিধা হয়।১২

তথ্যসূত্ৰ

  1. ↑ Anand, Utkarsh. (2021-03-15). Has the Supreme Court set the ball rolling for a Uniform Civil Code?. Hindustan Times
  2. ↑ Shimon Shetreet; Hiram E. Chodosh. (December 2014). Uniform Civil Code for India: Proposed Blueprint for Scholarly Discourse. Oxford University Press. ISBN 978-0-19-807712-1
  3. ↑ Article 44 in the Constitution of India 1949
  4. ↑ Rina Verma Williams. (2006). Postcolonial Politics and Personal Laws. Oxford University Press. পৃ. 18, 28, 106, 107, 119. ISBN 0-19-568014-6
  5. ↑ Dasgupta, Sravasti. (6 July 2023). BJP Equates UCC With Gender Justice. But Can It End Discrimination In-Built in Personal Laws?. The Wire
  6. ↑ PTI. (2024-04-14). BJP's Lok Sabha poll manifesto highlights: UCC implementation, maintaining peace in Northeast. The Hindu
  7. ↑ Chari, Seshadri. (2019-08-16). Modi govt has been working for a Uniform Civil Code and we didn't even notice. Until now. The Print
  8. ↑ Jigeesh, AM. (2019-12-06). After objections, BJP member withdraws Bill for UCC. The Hindu Business Line
  9. ↑ Joy, Shemin. (2020-03-13). BJP MP once again does not introduce Uniform Civil Code Bill. Deccan Herald
  10. ↑ Ramchandran, Smriti Kak. (2020-08-06). BJP, RSS hope for consensus on Uniform Civil Code. The Hindu
  11. ↑ Sharma, Vibha. (2020-08-06). UCC next on Modi govt agenda?. The Tribune
  12. ↑ Ojha, Drishti. (2021-04-11). Plea In Supreme Court Seeks Transfer Of Plea For Uniform Civil Code From Delhi High Court To SC. LiveLaw

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ আইন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উমৈহতীয়া দেৱানী বিধি” প্ৰবন্ধৰ সংশোধন ৬০৬২৩০ (১৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।