অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

চীনা ভূত বিবাহ

চীনা পৰম্পৰাত ভূত বিবাহ (ghost marriage; 'আত্মাৰ বিবাহ') হৈছে এনে এক বিবাহ য'ত এজন বা দুয়োপক্ষৰ মৃত্যুৰ পিছত এই বিবাহ সম্পন্ন হয়। অন্যান্য ধৰণৰ ভূত বিবাহ বিশ্বজুৰি প্ৰচলিত, বিশেষকৈ ১৯৫৯ চনৰ পৰা ফ্ৰান্সত এই বিবাহৰ প্ৰচলন আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৭৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

চীনা পৰম্পৰাত ভূত বিবাহ (ghost marriage; 'আত্মাৰ বিবাহ') হৈছে এনে এক বিবাহ য'ত এজন বা দুয়োপক্ষৰ মৃত্যুৰ পিছত এই বিবাহ সম্পন্ন হয়।১ অন্যান্য ধৰণৰ ভূত বিবাহ বিশ্বজুৰি প্ৰচলিত, বিশেষকৈ ১৯৫৯ চনৰ পৰা ফ্ৰান্সত এই বিবাহৰ প্ৰচলন আছিল। চীনা ভূত বিবাহৰ উৎপত্তিৰ বিষয়ে বহুলাংশে অজ্ঞাত যদিও আজিও ইয়াৰ প্ৰচলনৰ বাতৰি পোৱা যায়।২

অৱলোকন

কাৰণ

পৰম্পৰাগত চীনা সংস্কৃতিত অবিবাহিত কন্যাৰ পিতৃ-মাতৃ হোৱাটো লজ্জাজনক বুলি ভবা হৈছিল আৰু অবিবাহিত ছোৱালীক প্ৰায়ে সমাজৰ পৰা আঁতৰাই ৰখা হৈছিল।৩ পুৰুষৰ বাবে প্ৰায়ে বংশৰ স্বাৰ্থত ভূত বিবাহ কৰা হৈছিল। ইয়াৰোপৰি পুৰুষৰ ক্ষেত্ৰত ভূত বিবাহে পৰিয়ালৰ বংশক আগবাঢ়ি যোৱাত সহায় কৰিছিল।৪ মৃত পুৰুষৰ পত্নীয়ে এনে এটা সন্তানক তুলি ল'ব পাৰে যিয়ে মানুহজনৰ পৰিয়ালৰ বংশক আগুৱাই নিব পাৰে।৫ মৃত পুৰুষৰ বাবে ভূতৰ বিবাহ সম্পন্ন কৰাৰ আন কাৰণ হ'ল বিয়া হ'ব বিচৰা পুৰুষৰ সপোনৰ পৰা আত্মাক মুক্তি দিয়া।৫ চীনা পৰম্পৰাত এইটোও কোৱা হৈছে যে ভায়েকে ককায়েকৰ আগতে বিয়া নকৰে, গতিকে কেতিয়াবা এই পৰম্পৰাৰ লগত খাপ খুৱাই থাকিবলৈ বিবাহ পূৰ্বেই মৃত্যুহোৱা ককায়েকৰ ভূত বিবাহ সম্পন্ন কৰা হ'য়।৬

প্ৰদৰ্শন

এই ভূত বিবাহবোৰ বিয়া আৰু অন্ত্যেষ্টিক্ৰিয়া দুয়োটাৰ দৰেই আছিল।৫ অংশগ্ৰহণকাৰীসকলৰ পৰিয়ালে বিভিন্ন উপহাৰ বিনিময় কৰে। এই উপহাৰ সমূহত মূলতঃ কেক, পোচাক, আৰু ধনৰ ব্যৱহাৰ হৈছিল।৭৮

মৃত ব্যক্তি(সকল)ক প্ৰতিনিধিত্ব কৰিবলৈ বাঁহেৰে নিৰ্মিত প্ৰতিমূৰ্তি ব্যৱহাৰ কৰা হয়। এনে প্ৰতিমূৰ্তি সমূহক বিয়াত পিন্ধিব পৰা ধৰণৰ কাপোৰ পিন্ধোৱা হয় আৰু সাধাৰণতে পিছত এইসমূহ জ্বলাই দিয়া হয়। বিবাহৰ বেছিভাগ অনুষ্ঠানেই প্ৰকৃততে নিয়মীয়া চীনা বিবাহৰ পৰম্পৰাৰে পালন কৰা হয়।৫৬

স্ত্ৰী মৃতদেহ চুৰি

এই প্ৰথাৰ ফলত মহিলাৰ মৃতদেহ চুৰি হোৱাৰ বাতৰি পোৱা যায়। ২০১৭–১৯ চনত শ্বানডং, শ্বানছি আৰু ছানছি প্ৰদেশত মহিলা মৃতদেহৰ ক’লা বজাৰৰ প্ৰচলন হৈছিল বুলি খবৰ ওলাইছিল। এনে বিবাহৰ উদ্দেশ্যে কেইবা লাখ আৰএমবিৰ(চীনা মূদ্ৰা) বিনিময়ত এই মহিলা মৃতদেহ বিক্ৰী কৰা হৈছিল। আনকি বিবাহিত, বৃদ্ধ মহিলাৰ মৃতদেহো এনে অবৈধ ব্যৱসায়ৰ লক্ষ্য হৈ পৰিছিল। ২০১৯ চনত হেনান প্ৰদেশৰ কিছুমান কবৰস্থানে এনে চুৰি ৰোধ কৰিবলৈ চিচিটিভি কেমেৰা আৰু কংক্ৰিটৰ কফিনৰ আশ্ৰয় লয়।৯

তথ্যসূত্ৰ

  1. ↑ Stockard, Janice E. Daughters of the Canton Delta
  2. ↑ (6 November 2015). 一個人的婚禮…女友過世男辦冥婚. 東森新聞. 東森新聞网
  3. ↑ Ikels, Charlotte. (May 1985). Parental Perspectives on the Significance of Marriage. Journal of Marriage and Family. পৃ. 253–264
  4. ↑ Ball, J. Dyer. (1904). Things Chinese: or Notes Connected with China. John Murray
  5. ↑ Topley, Marjorie. (Feb 1955). Ghost Marriages Among the Singapore Chinese. Man. Royal Anthropological Institute of Great Britain and Ireland. পৃ. 29–30
  6. ↑ Jordan, David K. (1972). Gods, Ghosts and Ancestors. University of California Press. ISBN 9780520019621
  7. ↑ Stockard, Janice E. (Mar 1, 1992). Daughters of the Canton Delta. Stanford University Press. ISBN 9780804720144
  8. ↑ (1966). Studies in Chinese Society. Stanford University Press. ISBN 9780804710077
  9. ↑ (14 Aug 2019). Multiple female corpses stolen for ghost marriage in Nanyang, Henan; Graveyards install CCTV cameras and adopt cement coffins to prevent thefts 【河南南陽市多具女屍被配冥婚】 【墓地裝監視鏡頭、換水泥棺材防盜. Hong Kong: Cable TV news

সম্পৰ্কিত শ্ৰেণী

সমাজতত্ত্ব

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চীনা ভূত বিবাহ” প্ৰবন্ধৰ সংশোধন ৬৩১১৩৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।