ইণ্ডিগ ভাৰতৰ এক নিম্ন খৰচৰ বিমান প্ৰতিষ্ঠান; ইয়াৰ মুখ্য কাৰ্য্যালয় ভাৰতৰ গুৰগাঁৱত অৱস্থিত। যাত্ৰী পৰিবহণৰ দৃষ্টিকোণৰ পৰা ই ভাৰতৰ সৰ্ববৃহৎ বিমানসংস্থা। ২০১৫ চনৰ আগষ্ট মাহৰ তথ্য অনুসৰি ইণ্ডিগ'ৰ ব্যৱসায়ৰ পৰিমাণ ভাৰতৰ বজাৰৰ ৩৫.৩%। বিমান প্ৰতিষ্ঠানটিৰ বৰ্তমান ৪১টা গন্তব্যস্থলৰ ভিতৰত ৩৬টা ঘৰুৱা আৰু ৫টা আন্তৰ্জাতিক গন্তব্যস্থল আছে। ইয়াৰ প্ৰাথমিক হাব হৈছে দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰ। ২০১৪ চনত ইণ্ডিগ'ত মুঠ ২১.৪ মিলিয়ন যাত্ৰী আভ্যন্তৰীন পৰিবহণ কৰিছিল।
গন্তব্যস্থলসমূহ
মূল প্ৰবন্ধ: ইণ্ডিগ' গন্তব্যস্থলসমূহ
২০১৬ চনৰ মাৰ্চৰ মতে, ইণ্ডিগ'ই দৈনিক ৮১৮খন বিমানে ৪১টা গন্তব্যস্থললৈ বিমান সেৱা আগবঢ়ায়, ইয়াৰে ৩৬টা স্থান হৈছে ভাৰতৰ ভিতৰৰ আৰু ৫টা স্থান বিদেশৰ।১২৩ ইণ্ডিগ'ৰ প্ৰধান হাব হৈছে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ,৪ ইয়াৰোপৰি আন আন হাব সমূহ হৈছে বাংগালোৰ,৫ ভুৱনেশ্বৰ,৬ চেন্নাই,৭ হাইদৰাবাদ,৮ ক'লকাতা,৭ মুম্বাই৭ আৰু নাগপুৰ।৯
তথ্যসূত্ৰ
- ↑ (18 March 2016). Airlines to operate 14,869 flights per week in summer schedule. The Economic Times
- ↑ (27 January 2016). IndiGo adds 8 new daily flights. DNA
- ↑ (23 June 2015). IndiGo soars above Jet Airways, Air India. Mint
- ↑ Profile on IndiGo. CAPA
- ↑ (16 February 2016). IndiGo adds to Bengaluru base. Anna.aero
- ↑ Base operations to start at Odisha’s BPIA from Oct 1. Odisha Sun Times
- ↑ (17 December 2014). IndiGo commences seventh route to Dubai. Anna.aero
- ↑ (6 August 2014). IndiGo starts new domestic route from Hyderabad. Anna.aero
- ↑ Nair, Aparna. (8 July 2014). IndiGo to park four planes at Nagpur airport. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইণ্ডিগ'” প্ৰবন্ধৰ সংশোধন ২৫৪০৮৬ (১১ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।