অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ইক'টুৰিজম

ইক'টুৰিজম (Ecotourism) বুলিলে প্ৰাকৃতিক পৰিৱেশৰ ক্ষতি নকৰাকৈ বা জীৱ-জন্তুৰ বাসস্থানত ব্যাহত নকৰাকৈ অভিজ্ঞতা ল'ব বিচৰা পৰ্যটকসকলৰ বাবে আগবঢ়োৱা সেৱাকেই বুজা যায়। ই হৈছে এক প্ৰকাৰৰ পৰ্যটন য'ত প্ৰাকৃতিক এলেকালৈ দায়িত্বশীল ভ্ৰমণ, পৰিৱেশ সংৰক্ষণ আৰু স্থানীয় লোকসকলৰ কল্যাণ উন্নত কৰা অন্তৰ্ভুক্ত থাকে।

হালনাগাদ: ৩১ মে’ ২০২১ ৩৩১ শব্দ · ২ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

ইক'টুৰিজম (Ecotourism) বুলিলে প্ৰাকৃতিক পৰিৱেশৰ ক্ষতি নকৰাকৈ বা জীৱ-জন্তুৰ বাসস্থানত ব্যাহত নকৰাকৈ অভিজ্ঞতা ল'ব বিচৰা পৰ্যটকসকলৰ বাবে আগবঢ়োৱা সেৱাকেই বুজা যায়। ই হৈছে এক প্ৰকাৰৰ পৰ্যটন য'ত প্ৰাকৃতিক এলেকালৈ দায়িত্বশীল ভ্ৰমণ, পৰিৱেশ সংৰক্ষণ আৰু স্থানীয় লোকসকলৰ কল্যাণ উন্নত কৰা অন্তৰ্ভুক্ত থাকে।১ ইয়াৰ উদ্দেশ্য হ'ব পাৰে ভ্ৰমণকাৰীসকলক শিক্ষিত কৰা, পাৰিপাৰ্শ্বিক সংৰক্ষণৰ বাবে পুঁজি প্ৰদান কৰা, স্থানীয় সম্প্ৰদায়ৰ অৰ্থনৈতিক বিকাশ আৰু ৰাজনৈতিক সৱলীকৰণক পোনপটীয়াকৈ লাভান্বিত কৰা, বা বিভিন্ন সংস্কৃতি আৰু মানৱ অধিকাৰৰ প্ৰতি সন্মান বৃদ্ধি কৰা।

গ্ৰাম্য সমাজ প্ৰধান আমাৰ দেশত গ্ৰাম্য ভ্ৰমণেও এক সুস্থ অভিজ্ঞতা প্ৰদান কৰিব পাৰে। প্ৰকৃতিৰ অমল উপাদেনেৰে ভৰপূৰ বিভিন্ন গাওঁ ভ্ৰমণে আৱেগিক বান্ধোন সুদৃঢ় কৰাৰ লগতে গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰলৈও আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে।

গ্ৰাম্য ইক'টুৰিজিমৰ ধাৰণাটোৱে বিকাশ লাভ কৰা বেছি দিন হোৱা নাই। গাঁৱৰ সমাজ- সভ্যতা, শিল্প সংস্কৃতি, আদ্ৰভূমি আদি সংৰক্ষণৰ প্ৰতি নৱ প্ৰজন্মৰ মাজত সজাগতা বৃদ্ধি পাইছে। শীতৰ আগমনৰ লগে লগে জলাশয়সমূহলৈ আগমন ঘটা বিদেশী চৰাই-চিৰিকতিৰ উপৰিও স্থানীয় চৰাই-চিৰিকতি, লোক-সংস্কৃতি, পৰম্পৰাগত জীৱন শৈলী, ভৌগোলিক পৰিকাঠামো আদি সমলসমূহে পৰ্যটক আকৰ্ষণৰ মূল কাৰণ হৈ উঠিব পাৰে। কিন্তু এনে জনসজাগতা বৃদ্ধিৰ সময়তে এটা সমস্যাৰ উদ্ভৱ হয়। সেয়া হ'ল - গ্ৰাম্য অঞ্চলত সাধাৰণতে নিশা থকা-মেলাৰ ক্ষেত্ৰত পৰ্যটক সকল অসুবিধাৰ সন্মুখীন হয়। অৱশ্য ইয়াৰো সমাধান নথকা নহয়। বৰ্তমান সময়ত চৰকাৰ নিৰ্ভৰশীলতাৰ পৰা আত্মনিৰ্ভৰশীলতাৰ ওপৰত প্ৰজন্ম বিশ্বাসী হৈ পৰিছে। নতুনৰ মাজত "এণ্টাপ্ৰেনাৰশ্বিপ"ৰ বিকাশ ঘটিছে। গ্ৰাম্য পৰ্যটনৰ প্ৰতি "টুৰিষ্ট"ক আকৰ্ষণ আৰু সুবিধা হোৱাকৈ "হোম ষ্টে" স্থাপন কৰিলে থকা মেলাৰ সমস্যা দূৰ কৰিব পাৰে।

পৰিৱেশ কৰ্মী সৌম্যদ্বীপ দত্তই "ইক'টুৰিষ্ট" নামৰ তেখেতৰ গ্ৰন্থখনত হোম ষ্টেৰ ধাৰণাটোৰ বিষয়ে লিখিছে, “আমি হয়তো বহুতেই ভাবো যে চৰকাৰে গাঁৱত অতিথিশালা জাতীয় কিবা কৰা উচিত। কিন্তু গাঁৱত চৰকাৰী তত্ত্বাবধানত অতিথিশালা আৰু তাৰ অনুৰূপ কিবা হয় তেনেহ'লে গাঁৱত থকাৰ সমস্যা কমিব তেনদৰেই নাভাবো। গাঁৱৰ অতিথিশালা অলপ দিনৰ ভিতৰতে তত্ত্বাবধানৰ অভাৱত জহি-খহি থকাৰ বাবে অনুপযোগী হৈ উঠা বহু উদাহৰণ আমাৰ মাজত আছে। তদুপৰি চৰকাৰী অতিথিশালত মুষ্টিমেয় মানুহ থাকিব পাৰিব। তদুপৰি ইয়াৰ পৰা গাঁৱৰ গাঁৱৰ ৰাইজে অলপ আৰ্থিক সুবিধা লাভৰ পৰা বঞ্চিত হ'ব পাৰে। হোম ষ্টে হ'ল এনেকুৱা যে নিজা ঘৰৰ লগতে অতিৰিক্ত দুই-তিনিটা কোঠালী সাজি তাত বচেনিটাৰী-বাথৰুম আদিৰ সুবিধা কৰি দি পৰ্যটকৰ সুবিধাৰ্থে নিৰ্দিষ্ট মূল্যৰ বিনিময়ত খাদ্য সামগ্ৰী যোগান ধৰিব পৰা প্ৰক্ৰিয়া।”

তথ্যসূত্ৰ

  1. ↑ What is (not) Ecotourism? · Global Ecotourism Network (GEN). www.globalecotourismnetwork.org

সম্পৰ্কিত শ্ৰেণী

পৰ্যটন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইক'টুৰিজম” প্ৰবন্ধৰ সংশোধন ২৭৯৮১২ (৩১ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।