অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আদম আৰু ইভ

আদম আৰু ইভ, আব্ৰাহামিক ধৰ্মসমূহৰ সৃষ্টি কাহিনীৰ মতে, প্ৰথম পুৰুষ আৰু প্ৰথম মহিলা বুলি ধৰা হয়। তেওঁলোক মানৱজাতি মূলতঃ এটা পৰিয়াল আৰু সকলো মানুহ একেটা আদিপুৰুষৰ যোৰৰ পৰা উৎপত্তি হোৱা বুলি বিশ্বাসৰ কেন্দ্ৰবিন্দু।

হালনাগাদ: ২ ছেপ্তেম্বৰ ২০২৬ ৪০০ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

আদম আৰু ইভ, আব্ৰাহামিক ধৰ্মসমূহৰ সৃষ্টি কাহিনীৰ মতে,১২ প্ৰথম পুৰুষ আৰু প্ৰথম মহিলা বুলি ধৰা হয়। তেওঁলোক মানৱজাতি মূলতঃ এটা পৰিয়াল আৰু সকলো মানুহ একেটা আদিপুৰুষৰ যোৰৰ পৰা উৎপত্তি হোৱা বুলি বিশ্বাসৰ কেন্দ্ৰবিন্দু।৩ তেওঁলোকৰ কাহিনীয়ে মানুহৰ পতন আৰু আদি পাপ নামৰ মতবাদৰ ভিত্তি প্ৰদান কৰে, যিবোৰ খ্ৰীষ্টধৰ্মত গুৰুত্বপূৰ্ণ যদিও ইহুদী ধৰ্ম বা ইছলামত এই মতবাদসমূহ গ্ৰহণ কৰা নহয়।৪

হিব্ৰু বাইবেলৰ আদিপুস্তকত প্ৰথমৰ পৰা পঞ্চম অধ্যায়লৈকে দুটা পৃথক সৃষ্টি কাহিনী দেখা যায়। প্ৰথম কাহিনীত আদম আৰু ইভৰ নাম উল্লেখ কৰা হোৱা নাই। ইয়াৰ পৰিৱৰ্তে ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিত মানৱজাতি সৃষ্টি কৰে আৰু তেওঁলোকক বংশবৃদ্ধি কৰিবলৈ আৰু ঈশ্বৰে সৃষ্টি কৰা সকলো বস্তুৰ ওপৰত তত্ত্বাবধান কৰিবলৈ নিৰ্দেশ দিয়ে। দ্বিতীয় কাহিনীত ঈশ্বৰে মাটিৰ ধূলিৰ পৰা আদমক সৃষ্টি কৰি তেওঁক এডেন বাগিচাত ৰাখে। আদমক কোৱা হয় যে তেওঁ বাগিচাৰ সকলো গছৰ ফল খাই পাৰে, কিন্তু ভাল আৰু বেয়াৰ জ্ঞানৰ গছৰ ফল খোৱা নিষিদ্ধ।

পাছত ঈশ্বৰে আদমৰ এটা পাঁজৰৰ পৰা ইভক সৃষ্টি কৰে যাতে তেওঁ আদমৰ সংগী হয়। আৰম্ভণিতে তেওঁলোক দুয়ো নিৰ্দোষ আছিল আৰু নিজৰ উলংগ অৱস্থাৰ বাবে লজ্জিত নহয়। কিন্তু এটা সাপ ইভক নিষিদ্ধ গছৰ ফল খাবলৈ প্ৰলোভিত কৰে আৰু ইভে সেই ফল আদমকো দিয়ে। ইয়াৰ ফলত তেওঁলোকৰ মাজত নতুন জ্ঞান জন্মে আৰু লাজ, বেয়া আদি ধাৰণা উপলব্ধি কৰিবলৈ সক্ষম হয়। তাৰ পিছত ঈশ্বৰে সাপক আৰু মাটিক অভিশাপ দিয়ে আৰু শেষত আদম আৰু ইভক এডেন বাগিচাৰ পৰা বহিষ্কাৰ কৰে।

হিব্ৰু শাস্ত্ৰৰ আন অংশত আদম বা ইভৰ উল্লেখ প্ৰায় দেখা নাযায়; মাত্ৰ এটা বংশতালিকাত আদমৰ নাম উল্লেখ আছে (১ বংশাৱলি ১:১)।ইয়াৰ পৰা অনুমান কৰা হয় যে যদিও এই কাহিনীটো পিছত ইহুদী কাহিনীৰ আৰম্ভণিত সংযোজন কৰা হৈছিল, তথাপিও ইয়াৰ সৈতে মূল কাহিনীৰ সম্পৰ্ক কম। পিছৰ আব্ৰাহামিক পৰম্পৰাসমূহত এই কাহিনী অধিক বিস্তৃত কৰা হয় আৰু আধুনিক বাইবেল গৱেষকসকলেও ইয়াক বহুলভাৱে বিশ্লেষণ কৰিছে। বিভিন্ন ধৰ্ম আৰু ধৰ্মীয় গোটে আদম আৰু ইভৰ কাহিনী ভিন্নভাৱে ব্যাখ্যা কৰে; উদাহৰণস্বৰূপে, ইছলামিক ব্যাখ্যাত আদম আৰু ইভ দুয়ো সমানভাৱে দায়ী বুলি ধৰা হয়, যেতিয়া কিছুমান খ্ৰীষ্টান ব্যাখ্যাত ইভক প্ৰথমে প্ৰলোভিত হোৱা বুলি ধৰা হয়। আদম আৰু ইভৰ কাহিনী শিল্প, সাহিত্য আৰু কবিতাতো বহুলভাৱে প্ৰতিফলিত হৈছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Womack, Mari. (2005). Symbols and Meaning: A Concise Introduction. Altamira Press. পৃ. 81. ISBN 978-0759103221
  2. ↑ Leeming, David. (2010). Creation Myths of the World: Parts I-II. পৃ. 303
  3. ↑ Azra, Azyumardi. (2009). The Meeting of Civilizations: Muslim, Christian, and Jewish. Sussex Academic Press. পৃ. 220–229. ISBN 978-1-845-19395-9
  4. ↑ Kolatch, Alfred J. (1985). The Second Jewish Book of Why. Jonathan David Publishers. পৃ. 64. ISBN 978-0-824-60305-2

সম্পৰ্কিত শ্ৰেণী

কাল্পনিক চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আদম আৰু ইভ” প্ৰবন্ধৰ সংশোধন ৬৩৩৯৯৯ (২ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।