অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

এইচ আই ভি/এইডছ ৰোগীৰ বিৰুদ্ধে বৈষম্য

এইচ আই ভি/এইডছ বা চেৰ'ফ'বিয়া ৰোগীৰ বিৰুদ্ধে বৈষম্য হ'ল এইচ আই ভি/এইডছ ৰোগীক লৈ(এইচ আই ভি/এইডছ ৰোগত আক্ৰান্ত পি এল এইচ আই ভি লোক) পক্ষপাতিত্ব কৰা, এই ৰোগত আক্ৰান্ত লোকক ভয় বা প্ৰত্যাখ্যান কৰা আৰু এওলোকৰ বিৰোদ্ধ কলংক জাপি দিয়া।

হালনাগাদ: ১২ আগষ্ট ২০২৬ ৪৯২ শব্দ · ৩ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

এইচ আই ভি/এইডছ বা চেৰ'ফ'বিয়া ৰোগীৰ বিৰুদ্ধে বৈষম্য হ'ল এইচ আই ভি/এইডছ ৰোগীক লৈ(এইচ আই ভি/এইডছ ৰোগত আক্ৰান্ত পি এল এইচ আই ভি লোক) পক্ষপাতিত্ব কৰা, এই ৰোগত আক্ৰান্ত লোকক ভয় বা প্ৰত্যাখ্যান কৰা আৰু এওলোকৰ বিৰোদ্ধ কলংক জাপি দিয়া। এনে ৰোগৰ দ্বাৰা সহজে আক্ৰান্ত হোৱা সামাজিক তথা লৈঙ্গিক গোট যেনে এলজিবিটিকিউ+ সম্প্ৰদায়ৰ সদস্য, শিৰাত ড্ৰাগছ সেৱন কৰা, আৰু যৌনকৰ্মীসকল সাধাৰণতে এনে বৈষম্যৰ বলি হোৱা দেখা যায়। পি এল এইচ আই ভিৰ বিৰুদ্ধে সামাজিক কলংকৰ পৰিণতি যথেষ্ট ভয়াৱহ কিয়নো এইচআই ভি/এইডছৰ বৈষম্যই সমগ্ৰ বিশ্বতে এইচ আই ভি/এইডছ পৰীক্ষা আৰু যত্নৰ সুবিধা লাভ কৰাত সক্ৰিয়ভাৱে বাধাৰ সৃষ্টি কৰে।১ তদুপৰি এই নেতিবাচক অপযশ সমূহ চিকিৎসকৰ দ্বাৰা পালিত কু-সংস্কাৰৰ ৰূপত এলজিবিটিকিউ+ সম্প্ৰদায়ৰ সদস্যসকলৰ বিৰুদ্ধে বেছিকৈ ব্যৱহাৰ কৰা হয়।২

এই বৈষম্যই বিভিন্ন সমস্যাৰ সৃষ্টি কৰে, যেনে- ৰক্তদানৰ নিষেধাজ্ঞা, পূৰ্বৰ সন্মতি অবিহনে বাধ্যতামূলক এইচ আই ভি পৰীক্ষা, স্বাস্থ্যসেৱাৰ পৰিৱেশৰ ভিতৰত গোপনীয়তা উলংঘা, আৰু এইচ আই ভি ৰোগত আক্ৰান্ত ব্যক্তিৰ বিৰুদ্ধে লক্ষ্য কৰি হিংসাৰ মনোভাৱ সৃষ্টি কৰা। বহু দেশত অক্ষমতা আইনৰ দ্বাৰা গৃহ নিৰ্মাণ, নিয়োগ, আৰু স্বাস্থ্য/সামাজিক সেৱাৰ সুবিধাৰ ক্ষেত্ৰত এইচ আই ভি/এইডছৰ বৈষম্যক নিষিদ্ধ কৰা হৈছে যদিও, বিশ্বজুৰি এইচ আই ভি পজিটিভ ব্যক্তিসকলে এতিয়াও কলংক আৰু নিৰ্যাতনৰ চিকাৰ হ'ব লগা হয়।৩ সামগ্ৰিকভাৱে এইচ আই ভি/এইডছৰ ব্যাপক বৈষম্যই এইচ আই ভিৰ পৰামৰ্শ গ্ৰহণ আৰু পৰীক্ষাৰ বাবে সংকোচ, পৰিচয় সংকটৰ চিন্তা, বিচ্ছিন্নতা, নিসংগতা, আত্মসন্মান লাঘৱ হোৱাৰ ভয়, আৰু ৰোগ নিয়ন্ত্ৰণৰ প্ৰতি আগ্ৰহৰ অভাৱৰ সৃষ্টি কৰে।৪ ইয়াৰোপৰি এইচ আই ভিত আক্ৰান্ত ব্যক্তি বা এইচ আই ভি আক্ৰান্ত বুলি ধৰা লোকৰ বিৰুদ্ধে হিংসাত্মক কাৰ্য্যই ৰোগৰ অগ্ৰগতিৰ প্ৰতিক্ৰিয়াত চিকিৎসাৰ অগ্ৰগতি গুৰুতৰভাৱে প্ৰভাৱিত কৰিব পাৰে।৫

এইচ আই ভি সম্পৰ্কীয় কলংক

বৈষম্য, অমানৱীয়তা আৰু কুসংস্কাৰৰ দ্বাৰা প্ৰায়ে সমাজত কলংকই স্থায়ীত্ব লাভ কৰে। এইচ আই ভি/এইডছ ৰোগ সম্পৰ্কিত কলংকক তলত দিয়া তিনিটা ভাগত ভাগ কৰা হৈছে:

  • সক্ৰিয় এইডছ কলংক—যিকোনো মাৰাত্মক আৰু সংক্ৰামক ৰোগৰ সৈতে জড়িত হোৱাৰ সম্ভাৱনাৰ প্ৰতি থকা ভয় আৰু আশংকাৰ প্ৰতিফলন।
  • প্ৰতীকী এইডছ কলংক—এই ৰোগৰ সৈতে জড়িত বুলি ধৰা সামাজিক গোট বা জীৱনশৈলীৰ প্ৰতি ঘৃণাৰ মনোভাৱ প্ৰকাশ কৰা।৬
  • সৌজন্যত এইডছ কলংক—এইচ আই ভি/এইডছ বা এইচ আই ভি পজিটিভ লোক আৰু বিষয়টোৰ সৈতে জড়িত লোকক ঘৃণা কৰা।[4]

এইচ আই ভি/এইডছ ৰোগত আক্ৰান্ত লোকসকলৰো নিজৰ প্ৰতি আভ্যন্তৰীণ ঘৃণাৰ মনোভাৱ সৃষ্টি হ’ব পাৰে। আভ্যন্তৰীণ কলংক হ’ল যেতিয়া কোনো ব্যক্তিয়ে এইচ আই ভি সম্পৰ্কে নেতিবাচক ধাৰণা বা কু-সংস্কাৰক নিজৰ ক্ষেত্ৰত মান্যতা দিয়ে। ইয়াৰ ফলত সামাজিক ভাৱে লাজ বা বিচ্ছিন্নতাৰ অনুভৱ হ’ব পাৰে। আভ্যন্তৰীণ কলংকই এইচ আই ভি নিদান প্ৰকাশ পোৱাৰ ভয় বৃদ্ধি কৰিব পাৰে আৰু তাৰ পিছত এইচ আই ভি পজিটিভ অৱস্থাৰ বাবে বৈষম্য বা গ্ৰহণযোগ্যতাৰ অভাৱৰ ভয় বৃদ্ধি কৰিব পাৰে।৭ এইচ আই ভি সম্পৰ্কীয় কলংক আৰু তাৰ ফলত হোৱা বৈষম্যই এইচ আই ভি ৰোগত আক্ৰান্ত লোকসকলৰ মানসিক স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।৭

এইচ আই ভি ৰোগত আক্ৰান্ত লোকৰ প্ৰতি সামাজিক ভাৱৱ ঘৃণাৰ মনোভাৱ অধিক। উপলব্ধ তথ্য থকা ৩৫ শতাংশ দেশত ইউএনএইডছৰ ৰিপৰ্ট অনুসৰি ৫০ শতাংশ লোকে এইচ আই ভি ৰোগীৰ প্ৰতি বৈষম্যমূলক মনোভাৱ থকা বুলি স্বীকাৰ কৰিছে।৮৯ এইচ আই ভি ৰোগত আক্ৰান্ত লোকসকলৰ প্ৰতি কলংক আৰু বৈষম্যৰ প্ৰাদুৰ্ভাৱ আৰু প্ৰভাৱৰ প্ৰমাণ সংগ্ৰহৰ আহিলা হিচাপে এইচ আই ভি ৰোগীৰ কলংক সূচকাংক (পি এল এইচ আই ভি ষ্টিগমা সূচকাংক) বিদ্যমান। পিএলএইচআইভি ষ্টিগমা সূচকাংক ২০০৮ চনত জিএনপি+, আইচিডব্লিউ, ইউএনএইডছ আৰু আইপিপিএফে প্ৰস্তুত কৰিছিল আৰু ইয়াক ১০০খনতকৈও অধিক দেশত ব্যৱহাৰ কৰা হয়।১০ পিএলএইচআইভি ষ্টিগমা সূচকাংকৰ ব্যক্তিগত দেশৰ প্ৰতিবেদন ২০১৬ চনৰ পৰা উপলব্ধ।১১

এইচ আই ভি ৰোগত আক্ৰান্ত লোকসকলে স্বাস্থ্যসেৱা, শিক্ষা, নিয়োগ আৰু আইন প্ৰয়োগকে ধৰি বহু খণ্ডত বৈষম্যৰ সন্মুখীন হয়।৯ বৈষম্যই সেৱা অস্বীকাৰ, মূল জনসংখ্যাৰ বাবে সুলভ সেৱাৰ অভাৱ আৰু সেৱাৰ বাবে অপৰ্যাপ্ত ধন আৰু পৰিসৰৰ ৰূপ লয়।৯ আভ্যন্তৰীণ কলংকৰ সৈতে সংগতি ৰাখি এইচ আই ভি/এইডছৰ কলংক আৰু বৈষম্যই পি এল এইচ আই ভিক প্ৰয়োজনীয় চিকিৎসা সেৱা লাভ কৰাত, আৰাম অনুভৱ কৰাত অধিক কঠিন কৰি তোলে।১২

তথ্যসূত্ৰ

  1. ↑ (August 2008). Stigma in the HIV/AIDS epidemic: a review of the literature and recommendations for the way forward. AIDS. পৃ. S67-79
  2. ↑ (August 2019). Training to reduce LGBTQ-related bias among medical, nursing, and dental students and providers: a systematic review. BMC Medical Education. পৃ. 325
  3. ↑ (2017-11-10). Civil Rights. HIV.gov
  4. ↑ (July 2003). HIV and AIDS-related stigma and discrimination: a conceptual framework and implications for action. Social Science & Medicine. পৃ. 13–24
  5. ↑ (2004). Violence Against Women and HIV/AIDS: Critical Intersections. Intimate Partner Violence and HIV/AIDS. World Health Organization
  6. ↑ (1999). AIDS and stigma in the United States. (Special issue). American Behavioral Scientist
  7. ↑ (2020-10-22). Facts about HIV Stigma · HIV Basics · HIV/AIDS · CDC. www.cdc.gov
  8. ↑ (2015-07-20). HIV Stigma and Discrimination. Avert
  9. ↑ www.unaids.org/sites/default/files/media_asset/W
  10. ↑ What is the People Living with HIV Stigma Index?. People Living with HIV Stigma Index
  11. ↑ Country Reports. People Living with HIV Stigma Index
  12. ↑ Mirza, Shabab Ahmed; Rooney, Caitlin. (2018-01-18). Discrimination Prevents LGBTQ People From Accessing Health Care. Center for American Progress

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এইচ আই ভি/এইডছ ৰোগীৰ বিৰুদ্ধে বৈষম্য” প্ৰবন্ধৰ সংশোধন ৬২৬৩৫৩ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।