অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আগমনী-বিজয়া

আগমনী (আগমনী গীত) আৰু বিজয়া (বিজয়া গীত) হৈছে বঙালী লোক সংগীতৰ দুটা বিশেষ শ্ৰেণী। ইয়াক সাধাৰণতে দেৱী পাৰ্বতী স্বামী গৃহৰ পৰা পিতৃ গৃহলৈ অহাৰ আনন্দত দুৰ্গাপূজাৰ সময়ত গোৱা হয়।

হালনাগাদ: ৬ ডিচেম্বৰ ২০২০ ১৩৯ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

আগমনী (আগমনী গীত) আৰু বিজয়া (বিজয়া গীত) হৈছে বঙালী লোক সংগীতৰ দুটা বিশেষ শ্ৰেণী। ইয়াক সাধাৰণতে দেৱী পাৰ্বতী স্বামী গৃহৰ পৰা পিতৃ গৃহলৈ অহাৰ আনন্দত দুৰ্গা পূজাৰ সময়ত গোৱা হয়।১২ এই আগমনী গানে বঙ্গৰ গ্ৰাম্যাঞ্চললৈ জীয়ৰী হিচাপে দেৱী পাৰ্বতী উভতি অহাক বুজায় আৰু বিজয়া গানে তিনিদিনৰ পিছত দেৱী পাৰ্বতী পুনৰ স্বামী গৃহলৈ ঘূৰি যোৱাৰ দুখ বেদনাক বুজায়।

আধাৰ

এই লোক সংগীতৰ মূল আধাৰ হৈছে শিৱ-পাৰ্বতীৰ ধৰ্মীয় কাহিনী। পাৰ্বতী হৈছে ৰজা হিমালয়ৰ কন্যা। তপস্যাৰ বলত তেওঁ শিৱক স্বামী হিচাপে লাভ কৰে। ভাৰতীয় হিন্দু শাস্ত্ৰত শিৱক বয়স বিহীন বুলি বৰ্ণনা কৰা হৈছে। যি পাৰিবাৰিক জীৱনৰ বন্ধনৰ প্ৰতি একেবাৰেই উদাসীন। শৰৎ কালৰ এটা ৰাতিত পাৰ্বতীৰ মাতৃ দেৱী মেনকাই তেওঁৰ কন্যা পাৰ্বতীক সপোনত দেখে। এই কথাত ব্যাকুল হৈ তেওঁ পাৰ্বতীক অন্য নহ'লেও উৎসৱ বুলিয়েই ঘৰলৈ মাতিবলৈ হিমালয়ৰ ওচৰত অনুৰোধ কৰে। পিতৃৰ এই আহ্বানত দেৱী পাৰ্বতী তিনিদিনৰ বাবে পিতৃ গৃহলৈ আহিবলৈ সন্মত হয়।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Datta 2006, পৃ. 95
  2. ↑ Bhowmik 2012

সম্পৰ্কিত শ্ৰেণী

সংগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আগমনী-বিজয়া” প্ৰবন্ধৰ সংশোধন ২৫৩৩২০ (৬ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।