অৰেলিয়া ( Aurelia); আনুমানিক সময় ১২০ খ্ৰীষ্টপূৰ্ব – ৩১ জুলাই, ৫৪ খ্ৰীষ্টপূৰ্ব, ৰোমান সেনাপতি আৰু ৰাষ্ট্ৰনেতা জুলিয়াছ ছিজাৰৰ মাতৃ আছিল।
পৰিয়াল
অৰেলিয়া, ৰুটিলিয়া আৰু লুচিয়াছ অৰেলিয়াছ কট্টা বা তেওঁৰ ভাতৃ মাৰ্কাছ অৰেলিয়াছ কট্টাৰ কন্যা আছিল।১ খ্ৰীষ্টপূৰ্ব ১১৯ চনত তেওঁৰ পিতৃ কনছুল আৰু একে নামৰ দেউতাকৰ ফালৰ ককাক খ্ৰীষ্টপূৰ্ব ১৪৪ চনত কনছুল আছিল। ৰোমান ৰিপাব্লিকান যুগত অৰেলি কট্টাৰ পৰিয়ালটো এটা বিশিষ্ট পৰিয়াল আছিল। তেওঁৰ মাক ৰুটিলিয়া, ৰুটিলিয়া জেনছৰ সদস্য আছিল। তেওঁলোক কনছুলাৰ পদবীৰ আছিল। পাব্লিয়াছ ৰুটিলিয়াছ ৰুফাছ আছিল তেওঁৰ মাতৃৰ ফালৰ পৰা ককাক।
তেওঁৰ তিনিজন ভাতৃও কনছুল আছিল: খ্ৰীষ্টপূৰ্ব ৭৫ চনত গাইয়াছ অৰেলিয়াছ কট্টা, খ্ৰীষ্টপূৰ্ব ৭৪ চনত মাৰ্কাছ অৰেলিয়াছ কট্টা আৰু খ্ৰীষ্টপূৰ্ব ৬৫ চনত লুচিয়াছ অৰেলিয়াছ কট্টা।
অৰেলিয়াই এজন প্ৰেটৰ গাইয়াছ জুলিয়াছ চিজাৰক বিয়া কৰাইছিল। তেওঁৰ স্বামীৰ মৃত্যু হৈছিল খ্ৰীষ্টপূৰ্ব ৮৫ – ৮৪ চনত। তেওঁলোকৰ সন্তান আছিল: জুলিয়া মেজৰ,- লুচিয়াছ পিনাৰিয়াছ আৰু কুইণ্টাছ পেডিয়াছৰ আইতাক, জুলিয়া মাইনৰ (? – খ্ৰীষ্টপূৰ্ব ৫১)- মাৰ্কাছ এটিউছ বালবাছৰ পত্নী আৰু সম্ৰাট অগাষ্টাছৰ আইতাক আৰু গাইয়াছ জুলিয়াছ চিজাৰ (খ্ৰীষ্টপূৰ্ব ১০০ – ৪৪), চিৰস্থায়ী একনায়কত্ববাদী।
চৰিত্ৰ
ইতিহাসবিদ টেচিটাছে তেওঁক আদৰ্শ ৰোমান মেট্ৰন বুলি গণ্য কৰিছিল আৰু তেওঁৰ প্ৰতি উচ্চ ভাৱ পোষণ কৰিছিল, কাৰণ তেওঁ নিজৰ সন্তানক শিক্ষাৰ উত্তম সুযোগ দিছিল।২ প্লুটাৰ্কে তেওঁক বিবেচনাসম্পন্ন মহিলা বুলি বৰ্ণনা কৰিছিল।৩ অতি বুদ্ধিমান, স্বাধীন আৰু সৌন্দৰ্য্য আৰু সাধাৰণ জ্ঞানৰ বাবে বিখ্যাত অৰেলিয়াক সমগ্ৰ ৰোমত অতিশয় সন্মান কৰা হৈছিল।
পুত্ৰৰ লালন-পালন আৰু নিৰাপত্তাৰ ক্ষেত্ৰত অৰেলিয়া আৰু তেওঁৰ পৰিয়ালটো অতিশয় প্ৰভাৱশালী আছিল। তেওঁৰ স্বামী জ্যেষ্ঠ্য গাইয়াছ ছিজাৰ প্ৰায়ে আঁতৰত আছিল, গতিকে তেওঁলোকৰ পুত্ৰক ডাঙৰ-দীঘল কৰাৰ কামটো বেছিভাগেই অৰেলিয়াৰ কান্ধত পৰিছিল। যেতিয়া কনিষ্ঠ ছিজাৰৰ বয়স প্ৰায় ১৮ বছৰ আছিল, তেতিয়া ৰোমৰ একনায়কত্ববাদী লুচিয়াছ কৰ্ণেলিয়াছ চুলাই তেওঁক তেওঁৰ কণমানি পত্নী কৰ্ণেলিয়া চিনাক বিবাহ বিচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছিল, যিগৰাকীয়ে ছুলাৰ প্ৰধান শত্ৰু মাৰিয়াছক সমৰ্থন কৰিছিল। ডেকা ছিজাৰে দৃঢ়তাৰে নাকচ কৰিলে, যাৰ ফলত চুলাৰ পৰা নিজকে বহুত বিপদত পৰিল। অৰেলিয়াই নিজৰ ভাতৃ গাইয়াছ কট্টাৰ সৈতে পুত্ৰক ৰক্ষা কৰি পুত্ৰক বচাবলৈ কৰা আবেদনৰ সৈতে জড়িত হৈ পৰে।
প্ৰসৱৰ সময়ত কৰ্ণেলিয়াৰ মৃত্যুৰ পিছত অৰেলিয়াই নিজৰ কণমানি নাতিনীয়েক জুলিয়াক ডাঙৰ-দীঘল কৰিছিল আৰু পুত্ৰৰ ঘৰ-বাৰী পৰিচালনা কৰিছিল। ইয়াৰ পিছত ছিজাৰে চুলাৰ নাতিনী পম্পেয়া চুলাক বিয়া কৰায়। খ্ৰীষ্টপূৰ্ব ৬২ চনত ছিজাৰৰ ঘৰত অনুষ্ঠিত হোৱা বোনা ডেয়া উৎসৱৰ সময়ত অৰেলিয়াৰ এগৰাকী দাসীয়ে আৱিষ্কাৰ কৰে যে পাব্লিয়াছ ক্লডিয়াছে মহিলাৰ বেশত ঘৰটোত অনুপ্ৰৱেশ কৰিছিল, যাতে তেওঁৰ দ্বিতীয় বোৱাৰী পম্পেয়াৰ সৈতে প্ৰেমৰ সম্পৰ্ক আৰম্ভ বা অব্যাহত ৰাখিব পাৰে।৩ দুয়োৰে হয়তো আগতেও কিছুমান অনুচিত সম্পৰ্ক আছিল, কিন্তু মহিলাসকলৰ বাসগৃহৰ ওপৰত অৰেলিয়াৰ তীক্ষ্ণ চোৱাচিতাৰ বাবে তেওঁলোকক বশ কৰি তুলিছিল। পিছলৈ ক্লডিয়াছৰ বিৰুদ্ধে লুচিয়াছ লেণ্টুলাছে বলিদানৰ অপৰাধৰ অভিযোগ উত্থাপন কৰে কাৰণ তেওঁৰ অতিক্ৰমৰ ফলত বলিদানত বাধা আহি পৰে। পিছলৈ অৰেলিয়াই বিচাৰৰ সময়ত তেওঁৰ কন্যা জুলিয়াৰ সৈতে সাক্ষী হিচাপে উপস্থিত হৈ সাক্ষ্য দিছিল যে তেওঁ ক্লডিয়াছক যাবলৈ নিৰ্দেশ দিছিল।৪ এই কাণ্ডক লৈ ছিজাৰে পম্পেয়া চুলাক ক্লডিয়াছৰ লগত ব্যভিচাৰ কৰাৰ কোনো প্ৰকৃত প্ৰমাণ নোহোৱাকৈয়ে বিবাহ বিচ্ছেদ কৰে। ছিজাৰৰ বিবাহ বিচ্ছেদৰ কাৰণ আছিল যে "চিজাৰৰ পত্নীও চিজাৰ পৰিয়ালৰ অন্যসকলৰ দৰে নিশ্চয় সন্দেহৰ বাহিৰত নহয়।"
তথ্যসূত্ৰ
- ↑ 'Aurelia' in William Smith, ed., Dictionary of Greek and Roman Biography and Mythology (London: Taylor & Walton, 1844-1849). idno=ACL3129.0001.001 Vol. 1, idno=ACL3129.0002.001 2, idno=ACL3129.0003.001 3 vol. 1 pp. 435 -436
- ↑ Tacitus, Dialogus de oratoribus section xxviii
- ↑ 'Caesar' in Lives of the Noble Greeks and Romans by Plutarch (published c. 100-120 CE) translated by John Dryden (1683)
- ↑ Scholia Bobiensia - translation. www.attalus.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰেলিয়া (চিজাৰৰ মাতৃ)” প্ৰবন্ধৰ সংশোধন ৫৭১৭৮৩ (২৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।