অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

অসমৰ ঠাইৰ নামকৰণ

অসমৰ ঠাই কিছুমানৰ নামৰ গাঁথনিত এক বিশেষ সাদৃশ্য দেখা যায়। কৌতূহলত বহুবোৰ ঠাইৰ নামবোৰ সংগ্ৰহ কৰি সেইবোৰক শেষৰ শব্দটোৰ ভিত্তিত পৃথক কৰাত ঠাইবোৰৰ নামকৰণত এক ধৰণৰ নিয়ম ওলাই পৰিল। দেখা যায় যে, অসমত বহুবোৰ ঠাইৰ নাম দুটা শব্দ লগ লগাই কৰা হয়।

হালনাগাদ: ৩০ জুন ২০২১ ৩০৭ শব্দ · ২ মিনিট সংগৃহীত ৪৩
সংশোধনৰ পৰামৰ্শ

অসমৰ ঠাই কিছুমানৰ নামৰ গাঁথনিত এক বিশেষ সাদৃশ্য দেখা যায়। কৌতূহলত বহুবোৰ ঠাইৰ নামবোৰ সংগ্ৰহ কৰি সেইবোৰক শেষৰ শব্দটোৰ ভিত্তিত পৃথক কৰাত ঠাইবোৰৰ নামকৰণত এক ধৰণৰ নিয়ম ওলাই পৰিল। দেখা যায় যে, অসমত বহুবোৰ ঠাইৰ নাম দুটা শব্দ লগ লগাই কৰা হয়। প্ৰথম শব্দটো সাধাৰণতে সংখ্যা, গছ-বিৰিখ, নদী-জান-জুৰি, আৰু বহতো বিশেষ্য নতুবা বিশেষণৰ ভিত্তিত। দ্বিতীয় (শেষৰ) শব্দটো পাছত লগোৱা অব্যয়ৰ (Post-position equivalent to Preposition in English) দৰে ব্যৱহাৰ কৰা হয়, যদিও ই সূত্ৰমতে অব্যয় নহয়। সাধাৰণতে দ্বিতীয় শব্দটো এক বিশেষ্য বা ক্ৰিয়া ধাতুৰ এটা ৰূপ। এই দ্বিতীয় শব্দটোৱে ঠাই এখনৰ বৈশিষ্ট্যৰ গুৰি (Root)ৰ আভাস দিয়ে। তলত সংক্ষিপ্তভাৱে অসমৰ ঠাই কিছুমানৰ নামৰ উদাহৰণ দিয়া হ’ল।

ঠাইৰ নাম - প্ৰচলিত অন্তিম শব্দৰ ভিত্তিত

  • আলি – ধোদৰআলি, গড়আলি, চাৰিআলি, পাঁচআলি, ন আলি
  • কাটা – কুমাৰীকাটা, নাগকাটা
  • কুছি – কাঁহিকুছি, কুটনিকুছি, কঠাল(কৈঠাল)কুছি, শুৱালকুছি, বেটকুছি, গণককুছি
  • খাট (খাটা) – বোকাখাট, বামাখাটা
  • গড় – ৰাজগড়, ভঙাগড়, ডিব্ৰুগড়. অগ্নিগড়, নুমলীগড়
  • গাঁও – দেৰগাঁও, চাৰিগাঁও, পাঁচগাঁও, ছয়গাঁও, সাতগাঁও, আঠগাঁও, নগাঁও, বনগাঁও, বঙাইগাওঁ, গড়গাওঁ, বাসুগাঁও, গোসাঁইগাঁও, মৰিগাঁও, আমিনগাঁও, কাজলগাঁও, কৰিমগাঁও, হয়বৰগাঁও, মিকিৰগাঁও
  • গুৰি – শিমলুগুৰি, মইনাগুৰি, আঁহতগুৰি, জামুগুৰি, বিহুগুৰি, ওদালগুৰি, ভোমোৰাগুৰি, আমগুৰি, গণেশগুৰি
  • ঘাট – গোলাঘাট, নিমাতিঘাট, হাওৰাঘাট, নেতাই ধুবুনী ঘাট, জামুগুৰিঘাট, লোহাৰঘাট, চৈখোৱাঘাট, বিজলীঘাট
  • জান (জানী) – বালাজান, বালিজান, বোকাজান, কাকজান, নাওজান, বাহঁজানী, বৰুৱাজানী
  • ঝাৰ – কোকৰাঝাৰ, বৰঝাৰ
  • তল (তলা) – মদাৰতল, কদমতল, ধৰমতলা, বেলতলা
  • দিয়া – শদিয়া, পাগলাদিয়া, সুন্দৰীদিয়া
  • পট্টি – আমোলাপট্টি, কমাৰপট্টি, কেঞাপট্টি
  • পাৰ – কলংপাৰ, ঘগ্ৰাপাৰ
  • পাৰা – কুমাৰপাৰা, বামুণপাৰা, বালিপাৰা, বিলাসীপাৰা, গোৱালপাৰা, কোচপাৰা, ৰাঙাপাৰা
  • পুখুৰী – শিলপুখুৰী, জোৰপুখুৰী, নাগকাটা পুখুৰী
  • পুৰ – তেজপুৰ, শোণিতপুৰ, মধুপুৰ, প্ৰাগজ্যোতিষপুৰ, গৌৰীপুৰ, চন্দ্ৰপুৰ, ধাৰাপুৰ, গহপুৰ, লখিপুৰ, কামপুৰ, বদৰপুৰ, কমলপুৰ, তামোলপুৰ, ধৰ্মপুৰ, মুছলপুৰ, দিশপুৰ, ৰামপুৰ, অভয়পুৰ, গোপালপুৰ, হেদায়াতপুৰ
  • বজাৰ – পাণ বজাৰ, উজান বজাৰ, পল্টন বজাৰ, কুন্দিল বজাৰ, নিলামবজাৰ, পুলিচ বজাৰ
  • বস্তি – গান্ধীবস্তি, মণিপুৰীবস্তি
  • বাট – জোৰাবাট, মাজবাট
  • বাৰী – নলবাৰী, সৰ্থেবাৰী, বগৰীবাৰী, খৈৰাবাৰী, বাশঁবাৰী, জালুকবাৰী, পলাশবাৰী, বৰ্ণিবাৰী, তিতাবাৰী, ৰিহাবাৰী, বিৰুবাৰী, মোহনবাৰী, লিলাবাৰী
  • মুখ – যমুনামুখ, দিচাংমুখ, দিখৌমুখ, ভৰলুমুখ, গগাঁমুখ, চেঁচাঁমুখ, চাপৰমুখ, কোকিলামুখ
  • হাট – মৰাণহাট, বৰহাট, বৰ্ণিহাট
  • হাটী – গুৱাহাটী, কুলহাটী, কৈহাটী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ ঠাইৰ নামকৰণ” প্ৰবন্ধৰ সংশোধন ২৮৩৯৯৮ (৩০ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।