অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অলুৱাচেউন অছ'ৱবি

অলুৱাছেউন অয়োডেজী অছ’ৱবি (Oluwaseun Osowobi) নাইজেৰিয়াৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী৷ তেওঁ ষ্টেণ্ড টু এণ্ড ৰেপ (STER) ইনিচিয়েটিভৰ প্ৰতিষ্ঠাপক। ২০১৯ চনত তেওঁ টাইম ১০০ নেক্সট তালিকাত অন্তৰ্ভুক্ত হোৱা দ্বিতীয়গৰাকী নাইজেৰিয়ান মহিলা আছিল, আৰু সেই একে বছৰৰ বাবে তেওঁ কমনৱেলথৰ বছৰৰ যুৱ ব্যক্তি হিচাপে…

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ১৭৩ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

অলুৱাছেউন অয়োডেজী অছ’ৱবি (Oluwaseun Osowobi) নাইজেৰিয়াৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী৷ তেওঁ ষ্টেণ্ড টু এণ্ড ৰেপ (STER) ইনিচিয়েটিভৰ প্ৰতিষ্ঠাপক। ২০১৯ চনত তেওঁ টাইম ১০০ নেক্সট তালিকাত অন্তৰ্ভুক্ত হোৱা দ্বিতীয়গৰাকী নাইজেৰিয়ান মহিলা আছিল, আৰু সেই একে বছৰৰ বাবে তেওঁ কমনৱেলথৰ বছৰৰ যুৱ ব্যক্তি হিচাপে নিৰ্বাচিত হৈছিল।১২

প্ৰাৰম্ভিক জীৱন

নাইজেৰিয়াত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা অছ'ৱবিয়ে মাকৰ পৰা অনুপ্ৰাণিত হৈ এজন অধিবক্তা হিচাপে কাম কৰিছিল।৩ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত স্নাতকোত্তৰ ডিগ্ৰী লাভৰ বাবে শ্বোৱানছি বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ পূৰ্বে আহমদু বেলো বিশ্ববিদ্যালয়৩ৰ পৰা স্থানীয় চৰকাৰ আৰু উন্নয়ন অধ্যয়নত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁৰ গৱেষণাপত্ৰত লিংগ সমতা আৰু মহিলা আৰু শিশুৰ বিৰুদ্ধে যৌন অপৰাধৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।৪

কৰ্মজীৱন

বাধ্যতামূলক ৰাষ্ট্ৰীয় যুৱ সেৱাৰ সময়ছোৱাত অছ’ৱবিয়ে ২০১১ চনৰ সাধাৰণ নিৰ্বাচনত স্বতন্ত্ৰ ৰাষ্ট্ৰীয় নিৰ্বাচনী আয়োগৰ বাবে কাম কৰিছিল। ইয়াৰ পিছত ২০১৩ চনত তেওঁ ষ্টেণ্ড টু এণ্ড ৰেপ (STER) প্ৰতিষ্ঠা কৰে।৫৬ এই পদক্ষেপে মহিলাৰ ওপৰত হোৱা হিংসাৰ সজাগতা বৃদ্ধি আৰু যৌন নিৰ্যাতনৰ বলি হোৱা লোকসকলক সহায় আগবঢ়াবলৈ চেষ্টা কৰে।৭ ২০১৯ চনত টাইমে অনুমান কৰিছিল যে এই সংস্থাটোৱে প্ৰায় ২ লাখ নাইজেৰিয়ান লোকৰ কাষ চাপিছে।৮৯

২০১৭ চনত জন ডি আৰু কেথেৰিন টি মেকআৰ্থাৰ ফাউণ্ডেশ্যনৰ পৰা জিনিয়াছ গ্ৰাণ্ট লাভ কৰা হয়।১০ ২০১৯ চনত তেওঁ টাইম ১০০ নেক্সটৰ বছৰৰ অন্যতম ব্যক্তি হিচাপে নিৰ্বাচিত হয় আৰু এই তালিকাত স্থান লাভ কৰা নাইজেৰিয়াৰ দ্বিতীয়গৰাকী মহিলাৰ অন্তৰ্ভুক্ত হয়।৮ ২০১৯ চনৰ কমনৱেলথৰ বছৰৰ যুৱ ব্যক্তি হিচাপেও তেওঁক নিৰ্বাচিত কৰা হয়।২

২০২০ চনত যুক্তৰাজ্যৰ ৰাজধানীত থকাৰ সময়তে অছ’ৱবিয়ে ৯ মাৰ্চত কমনৱেলথ দিৱস সেৱাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে ক’ভিড-১৯ত আক্ৰান্ত হয়। তেওঁ সুস্থ হৈ উঠিল আৰু তেওঁৰ অভিজ্ঞতাৰ বিশদ বিৱৰণ সংবাদ মাধ্যমত প্ৰকাশ পায়।১১

তথ্যসূত্ৰ

  1. ↑ (13 November 2019). Nigerian gender equality activist Ayodeji Osowobi named Time 100 most influential people in the world. STER.org
  2. ↑ Nigeria’s Osowobi emerges Commonwealth Youth Person of the Year 2019. Punch Newspapers
  3. ↑ Oluwaseun Ayodeji Osowobi. womendeliver.org
  4. ↑ Donovan, Ben. (March 28, 2018). Swansea student wins prestigious Commonwealth Young Person of the Year award. 2018.swansea.ac.uk
  5. ↑ (14 March 2018). From Survivor to Advocate! #BellaNaijaWCW Oluwaseun Ayodeji Osowobi wants Everyone to "Stand to End Rape". bellanaija.com
  6. ↑ Ijewere, Esther. (27 June 2017). Oluwaseun Ayodeji Osowobi – Rape survivor and founder, Stand To End Rape Initiative. Guardian
  7. ↑ Dark, Shayera. (November 6, 2018). Day in the life: Oluwaseun Osowobi, founder, Stand to End Rape (STER) Initiative. theafricareport.com. The Africa Report
  8. ↑ TIME 100 Next 2019: Oluwaseun Ayodeji Osowobi. Time
  9. ↑ The next generation of influential Africans. CNN
  10. ↑ Ojo, James. (13 November 2019). Njideka Crosby, Oluwaseun Osowobi… two Nigerians make 2019 ‘TIME 100 Next’ list. lifestyle.thecable.ng
  11. ↑ (7 April 2020). Nigeria COVID-19 survivor: ‘An experience I don’t wish on anyone’. aljazeera.com. Al Jazeera English

সম্পৰ্কিত শ্ৰেণী

নাইজেৰিয়াৰ মহিলা অধিকাৰ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অলুৱাচেউন অছ'ৱবি” প্ৰবন্ধৰ সংশোধন ৫৯৭৪৯০ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।