বঙালী উপন্যাস
১৩ প্ৰবন্ধ
-
দেৱদাস
দেৱদাস শৰৎচন্দ্ৰ চট্টোপাধ্যায় ৰচিত এটি বঙালী ভাষাৰ উপন্যাস। ইয়াৰ মুখ্য চৰিত্ৰত থকা পাৰ্ব্বতী বা পাৰোৰ, দেৱদাসৰ প্ৰতি থকা গভীৰ অনুৰাগ, উৎকৃষ্ট প্ৰেমৰ উদাহৰণ। শৰৎচন্দ্ৰ চট্টোপাধ্যায় ১৯০০ চনত দেৱদাস ৰচনা সমাপ্ত কৰে যদিও ১৭ বছৰ পিছত অৰ্থাৎ ১৯১৭ চনত উপন্যাস প্ৰকাশিত কৰা হয়।
-
আনন্দমঠ
আনন্দমঠ উনবিংশ শতিকাৰ বিখ্যাত সাহিত্যিক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচিত এটি বঙালী উপন্যাস। ইয়াক বঙালী আৰু ভাৰতীয় সাহিত্যৰ অন্যতম গুৰুত্বূপূৰ্ণ উপন্যাস হিচাপে আখ্যা দিয়া হৈছে। ভাৰতৰ জাতীয় স্তোত্ৰ বন্দে মাতৰম্ আনন্দমঠ উপন্যাসৰ অংশ।
-
কপালকুণ্ডলা
কপালকুণ্ডলা ১৮৬৬ চনত প্ৰকাশিত এটি বঙালী ভাষাৰ উপন্যাস। সাহিত্য সম্ৰাট বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় ইয়াৰ ৰচিয়তা। কপালকুণ্ডলাক বঙালী সাহিত্যত সাৰ্থক প্ৰেমৰ প্ৰথম উপন্যাস হিচাপে ইয়াক আখ্যা দিয়া হৈছে। কপালকুণ্ডলা বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়দেৱ ৰচিত দ্বিতীয়খন উপন্যাস
-
পথেৰ পাঁচালী (উপন্যাস)
পথেৰ পাঁচালী প্ৰখ্যাত বাঙালী সাহিত্যিক বিভুতিভূষণ বন্দ্যোপাধ্যায়ৰ দ্বাৰা ৰচিত এখন বিখ্যাত উপন্যাস। এই উপন্যাসখন বংগৰ এখন গাঁৱত দুই ভাই-ভনী অপু আৰু দুৰ্গা ডাঙৰ-দীঘল হোৱাৰ বিখ্যাত কাহিনী। এই উপন্যাসখনৰ শিশু সংস্কৰণৰ নাম আম আঁটিৰ ভেঁপু।
-
পদ্মানদীৰ মাঝি (উপন্যাস)
পদ্মানদীৰ মাঝি ঔপন্যাসিক মানিক বন্দ্যোপাধ্যায় ৰচিত এখন উপন্যাস। প্ৰকাশকালৰ আনুমানিক হিচাপত পুতুলনাচেৰ ইতিকথা উপন্যাসখনক তৃতীয় উপন্যাস হিচাপে ধৰিলে পদ্মানদীৰ মাঝি মানিক বন্দ্যোপাধ্যায়ৰ চতুৰ্থ উপন্যাস।
-
পুতুল নাচেৰ ইতিকথা
পুতুল নাচেৰ ইতিকথা (Putul Nacher Itikatha) হৈছে বাঙালী সাহিত্যিক মানিক বন্দ্যোপাধ্যায়ৰ দ্বাৰা ৰচিত তৃতীয় উপন্যাস আৰু চতুৰ্থ ছপা গ্ৰন্থ। উপন্যাসখন ১৩৪১ বঙ্গাব্দৰ পুহ মাহৰ পৰা ১৩৪২ বঙ্গাব্দৰ আঘোন মাহলৈকে ভাৰতবৰ্ষ আলোচনীত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল।
-
মানবজমিন (উপন্যাস)
মানবজমিন হ'ল ভাৰতীয় বাঙালী লেখক শীৰ্ষেন্দু মুখোপাধ্যায়ৰদ্বাৰা ৰচিত আৰু ১৯৮৮ চনত প্ৰকাশিত এখন উপন্যাস। উপন্যাসখন গ্ৰন্থাকাৰে প্ৰকাশ হোৱাৰ পূৰ্বে দেশ আলোচনীত প্ৰকাশিত হৈছিল। পৰৱৰ্তী কালত ১৯৮৮ চনৰ আগষ্ট মাহত কলকাতাৰ আনন্দ পাব্লিচাৰ্ছে ইয়াক কিতাপ আকাৰে প্ৰকাশ কৰে।
-
সোণাৰ কেল্লা
সোণাৰ কেল্লা (ইংৰাজী নাম: The Golden Fortress) হ'ল সত্যজিৎ ৰায় ৰচিত এখন বিখ্যাত ৰহস্য উপন্যাস। এই উপন্যাসখন ১৯৭১ চনত প্ৰকাশ পায় আৰু ই সত্যজিৎ ৰায়ৰ জনপ্ৰিয় ৰহস্য চৰিত্ৰ ফেলুদাক কেন্দ্ৰ কৰি লিখা কাহিনীৰ অন্যতম।
-
অনিমেষ চতুষ্ক (উপন্যাস)
অনিমেষ চতুষ্ক (Animesh quartet) হ'ল প্ৰখ্যাত বাঙালী সাহিত্যিক সমৰেশ মজুমদাৰৰ দ্বাৰা ৰচিত চাৰিখন উপন্যাসৰ একত্ৰ সংকলন। চাৰিখন উপন্যাস হ'ল উত্তৰাধিকাৰ, কালবেলা, কালপুৰুষ এবং মৌষলকাল। গৌতম ঘোষে কালবেলা উপন্যাসখনক লৈ এখন বোলছবি নিৰ্মাণ কৰিছে।
-
গোৰা (উপন্যাস)
গোৰা (Gora) ৰবীন্দ্ৰনাথ ঠাকুৰৰ এখন উপন্যাস। এইখন ১৮৮০ দশকত ব্ৰিটিছ ৰাজত্বকালৰ সময়ত কলকাতাৰ পটভূমিত ৰচনা কৰা উপন্যাস। লিখাৰ ক্ৰম অনুযায়ী এইখন পঞ্চম আৰু তেৰখন উপন্যাসৰ ভিতৰত ই দীঘলীয়া উপন্যাস। এইখন ৰাজনীতি আৰু ধৰ্ম বিষয়ক দাৰ্শনিক বিতৰ্কৰে সমৃদ্ধ উপন্যাস।
-
বিশ্বাসঘাটক
বিশ্বাসঘাটক হৈছে ১৯৭৪ চনত নাৰায়ণ সান্যালে লিখা এখন বাংলা উপন্যাস। উপন্যাসখন ম্যানহাটান প্ৰকল্পৰ অধীনত পাৰমাণৱিক বোমা সম্পৰ্কীয় ঘটনাৰ ওপৰত আধাৰিত কৰি লিখা হৈছে।
-
লজ্জা (উপন্যাস)
লজ্জা (Lajja) বাংলাদেশী ঔপন্যাসিক তথা নাৰীবাদী লেখিকা তছলিমা নাছৰিনৰ দ্বাৰা ৰচিত এখন উপন্যাস। উপন্যাসখন একাধিক ভাষালৈ অনূদিত কৰা হৈছে। ১৯৯৩ চনত প্ৰথম প্ৰকাশিত এই গ্ৰন্থখন বাংলাদেশত নিষিদ্ধ কৰা হৈছিল।
-
শেষেৰ কবিতা (উপন্যাস)
শেষেৰ কবিতা (Shesher Kabita) ৰবীন্দ্ৰনাথ ঠাকুৰৰ এখন উপন্যাস। এইখন ৰবীন্দ্ৰনাথৰ চিত্ৰ সৃষ্টি পৰ্যায়ৰ দ্বিতীয়খন উপন্যাস (প্ৰথমখন যোগাযোগ)। ১৯২৭ চনৰ পৰা (১৩৩৪ বঙ্গাব্দৰ ভাদ্ৰ) ১৯২৮ চন(১৩৩৪ বঙ্গাব্দৰ চ'ত)লৈকে এই উপন্যাসখন প্ৰবাসীত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল।