অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

অনন্ত (হিন্দু ধৰ্ম)

অনন্ত ( अनन्त; অন্ত নোহোৱা) হৈছে এটা সংস্কৃত শব্দ। ই মূলতঃ বিষ্ণুৰ এটা উপনাম।

হালনাগাদ: ২৭ জুন ২০২৩ ২৫৯ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

অনন্ত ( अनन्त; অন্ত নোহোৱা) হৈছে এটা সংস্কৃত শব্দ। ই মূলতঃ বিষ্ণুৰ এটা উপনাম।১

বৈষ্ণৱ ধৰ্ম

বিষ্ণু অনন্ত নাগৰ কুণ্ডলীত শুই থাকে। তেওঁ সৃষ্টিৰ পৰৱৰ্তী চক্ৰৰ বাবে সাৰ পাব আৰু সকলো বস্তুৰ ধ্বংসৰ আগজাননী দিব। (১৪ শতিকাৰ ভাস্কৰ্য, নেচনেল মিউজিয়াম অৱ স্কটলেণ্ড, এডিনবাৰ্গ)
বিষ্ণু অনন্ত নাগৰ কুণ্ডলীত শুই থাকে। তেওঁ সৃষ্টিৰ পৰৱৰ্তী চক্ৰৰ বাবে সাৰ পাব আৰু সকলো বস্তুৰ ধ্বংসৰ আগজাননী দিব। (১৪ শতিকাৰ ভাস্কৰ্য, নেচনেল মিউজিয়াম অৱ স্কটলেণ্ড, এডিনবাৰ্গ)ছবি: Osama Shukir Muhammed Amin FRCP(Glasg) · CC BY-SA 4.0

বিষ্ণুৰ বহুকেইটা নামৰ ভিতৰত ই অন্যতম।২ শেষনাগৰ নামো অনন্ত, যাৰ ওপৰত বিষ্ণুৱে ক্ষীৰ সাগৰত শয়ন কৰি থাকে।৩

মহাভাৰতত অনন্ত বা শেষনাগ কাশ্যপৰ পুত্ৰ আৰু প্ৰজাপতিসকলৰ ভিতৰত এজন। তেওঁ কদ্ৰুৰ জ্যেষ্ঠ পুত্ৰ। কদ্ৰুৱে নিজৰ পুত্ৰসকলক উচ্ছৈশ্ৰৱাৰ দেহত ওলমি থাকিবলৈ কৈছিল আৰু যিসকলে তেনে কৰিবলৈ অস্বীকাৰ কৰিছিল, তেওঁলোকক জন্মেজয়ৰ সৰ্পযজ্ঞত মৃত্যু হ'বলৈ বুলি অভিশাপ দিছিল। অনন্তক ব্ৰহ্মাই ৰক্ষা কৰিছিল আৰু পাতাললৈ গৈ নিজৰ ফণাত ব্ৰহ্মাণ্ডখন ধাৰণ কৰিবলৈ নিৰ্দেশ দিছিল। এইদৰেই তেওঁ পাতালত নাগসকলৰ ৰজা হৈছিল। অনন্তৰ কৃপাত গৰ্গই জ্যোতিৰ্বিজ্ঞান আৰু কাৰণ বিজ্ঞান (causation) আয়ত্ত কৰিবলৈ সক্ষম হৈছিল।৪

আখ্যান অনুসৰি কল্পৰ শেষত ৰুদ্ৰ অনন্তৰ মুখৰ পৰা নিৰ্গত হৈ ত্ৰিলোকক গ্ৰাস কৰিব।৪

অনন্ত ব্ৰহ্মা, শিৱ, স্কন্দ, কৃষ্ণ, বলৰাম আৰু পৃথিৱীৰ এক উপনাম।৫

বেদান্ত

বেদান্তৰ মতে অনাদি (আৰম্ভণিহীন) অনন্ত (অন্তহীন) অখণ্ড (অখণ্ড) সচিদানন্দ (সত্তা-চেতনা-আনন্দ) বাক্যাংশত ব্যৱহৃত অনন্ত শব্দটোৱে অন্তহীন, একক অদ্বিতীয় বাস্তৱতাক বুজায়।৬

ই ব্ৰহ্মক৭ বুজায় যি হৈছে মহাশূন্যত সাকাৰ হৈ পৰা ছয় বৈশিষ্ট্যৰ (বাকীকেইটা হ'ল প্ৰজ্ঞা, প্ৰিয়ম, সত্যম, অনন্ত, আনন্দ আৰু স্থিতি) অন্যতম। ৮

ব্ৰহ্মৰ কোনো প্ৰাৰম্ভিক কাৰণ নাই আৰু ইয়াক অনাদিকাৰণ বুলি জনা যায়। অৰ্থাৎ ব্ৰহ্মৰ কোনো বস্তুগত কাৰণ নাই আৰু ই কোনো বস্তুৰ বস্তুগত কাৰণ নহয়।৯ অনন্ত হৈছে অসীম স্থান১০ আৰু এই অসীম স্থানেই ব্ৰহ্ম।

যোগ

যোগৰ মতে অনন্ত হৈছে অসীমৰ সৰ্প যি শিৱই পাৰ্বতীক প্ৰদান কৰা গোপন শিক্ষা শ্ৰৱণ কৰিছিল। সেই গোপন শিক্ষা আছিল যোগ। ধৰা পৰাৰ লগে লগে অনন্তক শিৱই সেই শিক্ষা মানুহক প্ৰদান কৰিবলৈ শাস্তি দিয়ে যাৰ বাবে অনন্তই মানৱ ৰূপ ধাৰণ কৰে আৰু তেওঁক পতঞ্জলি বুলি কোৱা হয়।১১ যোগসূত্ৰত পতঞ্জলিয়ে উশাহ-নিশাহৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছ। উশাহ-নিশাহৰ প্ৰচেষ্টাক ২.৪৭ নং সূত্ৰত অনন্ত শব্দটোৱে আলোকপাত কৰিছে।১২

জৈন ধৰ্ম

২৪গৰাকী জৈন তীৰ্থংকৰৰ ভিতৰত চতুৰ্দশগৰাকী অনন্ত বা অনন্ত নাথ নামেৰে জনাজাত। ১৩

তথ্যসূত্ৰ

  1. ↑ Roshen Dalal. (2010). Hinduism: An Alphabetical Guide. Penguin Books. পৃ. 27. ISBN 9780143414216
  2. ↑ Shri Vishnu Sahasranamam
  3. ↑ Stephen Knapp. (2005). The Heart of Hinduism: The Eastern Path of Freedom, Empowerment and Illumination. iUniverse. পৃ. 159. ISBN 9780595350759
  4. ↑ Parameshwaranand. (2001). Encyclopaedic dictionary of the Puranas Vol.1. Sarup and Sons. পৃ. 65. ISBN 9788176252263
  5. ↑ Ganga Ram Garg. (1992). Encyclopaedia of the Hindu World. Concept Publishing Company. পৃ. 424–5. ISBN 9788170223757
  6. ↑ Michael James. (2012). Happiness and the Art of Being. Arul Books. পৃ. 257. ISBN 9781475111576
  7. ↑ M.P.Pandit. (1988). Upanishads: Gateways of Knowledge. Lotus Press. পৃ. 127. ISBN 9780941524445
  8. ↑ Paul Deussen. (June 2010). The Philosophy of the Upanishads. Cosimo Inc. পৃ. 90. ISBN 9781616402402
  9. ↑ Narsimhacarana Panda. (1995). The Vibrating Universe. Motilal Banarsidas. পৃ. 21. ISBN 9788120812918
  10. ↑ M.N.Behera. (2003). Brownstudy of Heathenland. University Press of America. পৃ. 14. ISBN 9780761826521
  11. ↑ Gregor Maehle. (25 June 2012). Ashtanga Yoga The Intermediate Series: Mythology, anatomy and Practice. New World Library. পৃ. 41, 134. ISBN 9781577319870
  12. ↑ Srivatsa Ramaswami. (2000). Yoga for Three Stages of Life. Inner Traditions. পৃ. 96
  13. ↑ Pratiyogita Darpan: General Studies of Indian History. Upkar Prakashan. পৃ. 44

সম্পৰ্কিত শ্ৰেণী

বিষ্ণুৰ অৱতাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনন্ত (হিন্দু ধৰ্ম)” প্ৰবন্ধৰ সংশোধন ৩৭০১০৩ (২৭ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।