অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

অক্সিজ'

অক্সিজ (ইংৰাজী: Oxyzo) এটি ভাৰতীয় বিত্ত প্ৰযুক্তি সম্বন্ধীয় কোম্পানী। এই কোম্পানীয়ে লঘু আৰু মধ্যমীয়া আকাৰৰ ব্যৱসায়সমূহক বিত্তীয় সেৱা প্ৰদান কৰে। ২০২২ চনত এই কোম্পানীয়ে একশৃংগ কোম্পানীৰ তালিকাত স্থান লাভ কৰিলে।

হালনাগাদ: ২১ জুন ২০২৩ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

অক্সিজ (ইংৰাজী: Oxyzo) এটি ভাৰতীয় বিত্ত প্ৰযুক্তি সম্বন্ধীয় কোম্পানী। এই কোম্পানীয়ে লঘু আৰু মধ্যমীয়া আকাৰৰ ব্যৱসায়সমূহক বিত্তীয় সেৱা প্ৰদান কৰে। ২০২২ চনত এই কোম্পানীয়ে একশৃংগ কোম্পানীৰ তালিকাত স্থান লাভ কৰিলে।

প্ৰতিষ্ঠা আৰু সেৱা

অক্সিজ' অৱবিজনেছ নামৰ কোম্পানীৰ বিত্তীয় শাখা।১ অৱবিজনেছৰে প্ৰতিষ্ঠাপক আসীষ মহাপাত্ৰা আৰু ৰুচি কলৰাই ২০১৬ চনত এই কোম্পানী প্ৰতিষ্ঠা কৰিছিল।১২ ভুৱন গুপ্তা, নিতিন জৈন আৰু বসন্ত শ্ৰীধৰো এই কোম্পানীৰ প্ৰতিষ্ঠাপক।২

অক্সিজ'ই লঘু আৰু মধ্য আকাৰৰ ব্যৱসায়সমূহক বিত্তীয় প্ৰযুক্তিগত সেৱা প্ৰদান কৰে। বিশেষকৈ, এনে ব্যৱসায়ক ঋণ আদিৰ সেৱা প্ৰদান কৰি সেই ব্যৱসায়সমূহৰ বাণিজ্যিক প্ৰয়োজন পূৰ্ণ কৰা ইয়াৰ উদ্দেশ্য। সেৱাৰ মাজতে বন্ধক দিব নলগীয়া ঋণ, কম সূদৰ ঋণ আদি অন্যতম।২ ২০২২ চনলৈকে কোম্পানীটোৰ সেৱা ২৫০০তকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠানে লাভ কৰিছিল, আৰু মুঠ ব্যৱসায় আছিল ২০০০ কোটি টকাতকৈ অধিক।৩

বিনিয়োগ

অক্সিজ'ৰ চিৰিজ এ'ৰ বিনিয়োগ তেতিয়ালৈকে দেখা যোৱা ভাৰতৰ যিকোনো ষ্টাৰ্টাপৰ চিৰিজ এ' বিনিয়োগতকৈ অধিক আছিল।৪ ২০০ নিযুত ডলাৰৰ এই ৰাউণ্ডৰ পাছত কোম্পানীটোৰ মূল্যায়ন ১ বিলিয়ন ডলাৰতকৈ অধিক হৈ পৰিল, আৰু ই ভাৰতীয় একশৃংগ কোম্পানীৰ অন্যতম হ'ল। এল্ফা ৱে'ভ গ্ল'বেল, টাইগাৰ গ্ল'বেল, নৰ্ৱেষ্ট ভেঞ্চাৰ, মেট্ৰিক্স পাৰ্টনাৰ্ছ, ক্ৰিয়েচন ইনভেষ্টমেণ্টছ আদি অক্সিজ'ৰ বিনিয়োগকাৰী।৪ এই বিনিয়োগকাৰীসমূহ অৱবিজনেছৰো বিনিয়োগকাৰী, যাৰ পৰাই অক্সিজ' পৃথক হৈছে।

তথ্যসূত্ৰ

  1. ↑ ইংক ৪২ inc42.com/features/indias-unicorn-club-the-compr
  2. ↑ ক্ৰাঞ্চ বে'চ www.crunchbase.com/organization/oxyzo
  3. ↑ অক্সিজ'ৰ মূল ৱেবছাইট www.oxyzo.in/
  4. ↑ ইকনমিক টাইমছ economictimes.indiatimes.com/tech/startups/ofbus

সম্পৰ্কিত শ্ৰেণী

ব্যৱসায়িক প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অক্সিজ'” প্ৰবন্ধৰ সংশোধন ৩৬৯৩৫৯ (২১ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।