অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ৰংগনায়কী

ৰংগনায়কী (ரங்கநாயகி, रङ्गनायकी), তেখেতৰ উপনাম তায়াৰ দ্বাৰাও জনাজাত। (தாயார்) এগৰাকী হিন্দু দেৱী। শ্ৰীৰংগমৰ শ্ৰীৰংগনাথস্বামী মন্দিৰৰ মুখ্য দেৱী। শ্ৰীৰংগমৰ মুখিয়াল দেৱতা ৰংগনাথৰ প্ৰধান পত্নী। দেৱীক লক্ষ্মীৰ প্ৰকাশ হিচাপে গণ্য কৰা হয়, আনহাতে ৰংগনাথক বিষ্ণুৰ প্ৰকাশ হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ২০ ছেপ্তেম্বৰ ২০২৫ ৩১৬ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ৰংগনায়কী (ரங்கநாயகி, रङ्गनायकी), তেখেতৰ উপনাম তায়াৰ দ্বাৰাও জনাজাত।১ (தாயார்) এগৰাকী হিন্দু দেৱী। শ্ৰীৰংগমৰ শ্ৰীৰংগনাথস্বামী মন্দিৰৰ মুখ্য দেৱী।২ শ্ৰীৰংগমৰ মুখিয়াল দেৱতা ৰংগনাথৰ প্ৰধান পত্নী। দেৱীক লক্ষ্মীৰ প্ৰকাশ হিচাপে গণ্য কৰা হয়, আনহাতে ৰংগনাথক বিষ্ণুৰ প্ৰকাশ হিচাপে গণ্য কৰা হয়।৩ ৰংগনায়কী নাচিয়াৰ আৰু পেৰিয়া পিৰাট্টি নামেৰেও জনাজাত।

ৰংগনায়কীক শ্ৰীৰংগমৰ লোকসকলৰ লগতে বিষ্ণুৰ অনুগামী বৈষ্ণৱসকলেও পূজা কৰে। শ্ৰীবৈষ্ণৱ পৰম্পৰা অনুসৰি তেওঁক স্বয়ং ৰংগনাথৰ সহ-সম বুলি গণ্য কৰা হয়।

মন্দিৰ

ৰংগনাথস্বামী মন্দিৰত দুটা মুখ্যমূৰ্তি আৰু এটা শোভাযাত্ৰাত ব্যৱহাৰ কৰা মূৰ্তি (উৎসৱ মূৰ্তি) আছে। এই শোভাযাত্ৰাৰ মূৰ্তিটো তেওঁৰ মন্দিৰৰ ওচৰৰ গছৰ তলত পুতি থোৱাৰ সময়ত মন্দিৰত খালজী বংশৰ (১৩২৩ খ্ৰীষ্টাব্দত) মালিক কাফুৰে আক্ৰমণ কৰিছিল। ইয়াত এখন দেৱাল স্থাপন কৰা হয় আৰু দেৱীৰ মূৰ্তি মন্দিৰৰ পৰা স্থানান্তৰ কৰা হয় যাতে ই অপবিত্ৰ নহয়।৪ লুণ্ঠনৰ পাছত সেই মূৰ্তিটো পোৱা নগ’ল আৰু থানৰ পুৰোহিতে খৰখেদাকৈ নতুন মূৰ্তি সৃষ্টিৰ নিৰ্দেশ দিলে। এই মূৰ্তিটোৱেই আছিল এই মন্দিৰৰ দ্বিতীয় প্ৰধান মূৰ্তি। স্থানীয় কিংবদন্তি অনুসৰি দেৱীয়ে এজন ভক্তৰ সপোনত দেখা দি তেওঁৰ শোভাযাত্ৰাৰ মূৰ্তি (উৎসৱ মূৰ্তি) ক’ত আছে সেই কথা ক’লে। এই মূৰ্তিটো ভক্তই খান্দি উলিয়াই মন্দিৰত পুনৰ সংস্থাপন কৰে। আন মন্দিৰৰ দৰে ৰংগনাকীৰ শোভাযাত্ৰাৰ মূৰ্তি কেতিয়াও মন্দিৰৰ চৌপাশৰ পৰা আঁতৰাই নিয়া নাযায়। শোভাযাত্ৰাৰ সময়ত মন্দিৰৰ দেৱীয়ে মন্দিৰৰ দেৱতাৰ কাষত স্থান দিয়াটো মন্দিৰৰ প্ৰথা হিচাপে চলি আহিছে। শ্ৰীৰংগমত অৱশ্যে ৰংগনাথৰ শোভাযাত্ৰাৰ মূৰ্তিটো অনুগামীসকলে তেওঁৰ ধৰ্মীয় ক্ষেত্ৰত আনুষ্ঠানিকভাৱে কঢ়িয়াই লৈ ফুৰে। প্ৰতীকীভাৱে এইদৰে ৰংগনাথে তেওঁৰ প্ৰিয়জনক লগ কৰিবলৈ অহা বুলি ভৱা হয়।৫৬

বছৰত এবাৰ পাংগুনি উত্তীৰাম উপলক্ষে, তামিল মাহৰ পাংগুনীৰ যিদিনা তৰা উত্তীৰাম উচ্চতম স্থানত থাকে, সেইদিনা ৰংগনাথ আৰু ৰংগনায়কীৰ ঐশ্বৰিক শোভাযাত্ৰাৰ মূৰ্তি (উৎসৱ মূৰ্তি), এদিনৰ বাবে একত্ৰিত কৰা হয়। দুয়োকে একেলগে মৰ্ত্যৰ পৰিসীমা বা সীমাবদ্ধতাৰ বাহিৰত থকা দিব্য-দম্পতীযুগল (ঈশ্বৰ দম্পতী) বুলি জনা যায়।৭ এই কাৰণে এই মন্দিৰত তিৰুকাল্যাণ-উৎসৱম (বিবাহ উৎসৱ) পতা নহয়। এই দৰ্শনক ছেৰতী-সেৱাই (যৌথ সেৱা) বোলা হয়।

পৰসৰ ভট্টৰে ৰচনা কৰা শ্ৰীগুণৰত্ন কোসম নামৰ শ্লোকটো ৰংগনাকীৰ বাবে উৎসৰ্গিত। অৱশ্যে পৰম্পৰাগত লক্ষ্মী অষ্টোত্ৰম মন্দিৰত আচাৰ-অনুষ্ঠানৰ সময়ত পাঠ কৰা হয়। বেদান্ত দেশিকাৰ দ্বাৰা ৰচিত শ্ৰী স্তুতি আৰু আদি শংকৰাচাৰ্যৰ দ্বাৰা ৰচিত কনকধৰ স্তোত্ৰম মন্দিৰৰ ভক্তসকলে তেওঁক স্তুতিকৰি জপ কৰে।

তথ্যসূত্ৰ

  1. ↑ Raman, K. V. (2003). Sri Varadarajaswami Temple, Kanchi: A Study of Its History, Art and Architecture. Abhinav Publications. পৃ. 8. ISBN 978-81-7017-026-6
  2. ↑ Hawley, John Stratton; Wulff, Donna Marie. (1998). Devī: Goddesses of India. Motilal Banarsidass Publ. পৃ. xii. ISBN 978-81-208-1491-2
  3. ↑ Kumar, P. Pratap. (1997). The Goddess Lakṣmī: The Divine Consort in South Indian Vaiṣṇava Tradition. Scholars Press. পৃ. 81. ISBN 978-0-7885-0199-9
  4. ↑ Gembali, Neeharika. (2022-03-30). Sri Ranganatha Swamy Temple. Writers Pouch. পৃ. 13. ISBN 979-8-88641-724-1
  5. ↑ Viswanatha. (2016-01-15). Theology and Tradition of Eternity: Philosophy of Adi Advaita. Partridge Publishing. পৃ. 68. ISBN 978-1-4828-6982-8
  6. ↑ Warrier, Shrikala. (December 2014). Kamandalu: The Seven Sacred Rivers of Hinduism. MAYUR University. পৃ. 204. ISBN 978-0-9535679-7-3
  7. ↑ (28 March 2002). I need to know the significance of Pankuni uttiram and Kalyana utsavam. Sri Vaishnava Home Page

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ দেৱ দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰংগনায়কী” প্ৰবন্ধৰ সংশোধন ৫৩৯৪০২ (২০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।