সমাজতত্ব
৮ প্ৰবন্ধ
-
ধেমেলীয়া সম্পৰ্ক
নৃতত্ত্বত ধেমেলীয়া সম্পৰ্ক (Joking Relationship) হ’ল দুজন মানুহৰ মাজত গঢ় লৈ উঠা এক সম্পৰ্ক য’ত জোকাবলৈ বা ঠাট্টা কৰাৰ উদ্দেশ্য ধেমেলীয়া আচাৰ-ব্যৱহাৰ জড়িত হৈ থাকে। এই সম্পৰ্কত দুজন আত্মীয়ই অতি আন্তৰিক সম্পৰ্ক বজাই ৰাখি ইজনে সিজনক ধেমালি কৰে।
-
কইনাৰ মূল্য
কইনাৰ মূল্য বা কইনা-যৌতুক, কইনা-সম্পত্তি,[1] কইনা সেৱা বা কইনাৰ চিন, হৈছে দৰা বা তেওঁৰ পৰিয়ালে বিয়া কৰাবলগীয়া মহিলাগৰাকী বা তেওঁৰ পৰিয়ালক দিয়া ধন, সম্পত্তি বা অন্যান্য ধৰণৰ সম্পদ।
-
গান্ধীবাদী সমাজবাদ
মহাত্মা গান্ধীৰ তত্ত্বসমূহৰ হিন্দু জাতীয়তাবাদী ব্যাখ্যাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা সমাজবাদৰ এটা শাখা হ’ল গান্ধীবাদী সমাজবাদ। সাধাৰণতে গান্ধীয়ে ৰচনা কৰা হিন্দ স্বৰাজ বা ভাৰতীয় গৃহ-শাসনক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এটা ধাৰণা এই গান্ধীবাদী সমাজবাদ।
-
ছাবল্টাৰ্ণ ষ্টাডিজ
নিম্নবৰ্গীয় প্ৰসংগ, ছাবল্টাৰ্ণ ষ্টাডিজ বা ছাবল্টাৰ্ণ ষ্টাডিজ কালেকটিভ হৈছে উত্তৰ এছিয়াৰ পণ্ডিতসকলৰ এটা গোটৰ দ্বাৰা উন্মেষ ঘটোৱা এটা বিষয় যি নিম্নবৰ্গৰ লোকৰ দ্বাৰা ইতিহাস পুনৰ লিখনৰ সৈতে জড়িত। এই গোটটো উত্তৰ-ঔপনিৱেশিক আৰু উত্তৰ-সাম্ৰাজ্যবাদী সমাজৰ প্ৰতি আগ্ৰহী।
-
টেকন'নিমি
টেকন'নিমি (Teknonymy; গ্ৰীক ভাষাত τέκνον ("সন্তান") আৰু ὄνομα ("নাম"), বা টেকন'নিম হৈছে এক বিশেষ্যপদ, যিটোক প্ৰায়ে পেড'নিমিক বুলি জনা যায়। পিতৃ-মাতৃক তেওঁলোকৰ সন্তানৰ নাম উল্লেখ কৰি মতাৰ এক প্ৰথাকে টেকন'নিমি বুলি কোৱা হয়। এই প্ৰথা সমগ্ৰ বিশ্বৰ বহুতো সংস্কৃতিত পোৱা যায়।
-
প্ৰতিমানহীনতা
সমাজতত্ত্বত প্ৰতিমানহীনতা (anomie) হৈছে সৰ্বসাধাৰণে বা সমূহৰ সদস্য সকলে অনুসৰণ কৰিবলগীয়া কোনো এক নৈতিক মূল্যবোধ, মানদণ্ড, কৰ্ম নীতি বা নিৰ্দেশনা আদিক উভালি পেলোৱা বা ভাঙি পেলোৱাৰ এক সামাজিক অৱস্থা।
-
পৰিৱেশ সমাজতত্ত্ব
পৰিৱেশ সমাজতত্ত্ব (Environmental sociology) হ'ল সমাজ আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত হোৱা পাৰস্পৰিক ক্ৰিয়াৰ অধ্যয়ন৷ এই ক্ষেত্ৰখনে পৰিৱেশ সম্পদ ব্যৱস্থাপনাক প্ৰভাৱিত কৰা আৰু পৰিৱেশজনিত সমস্যাৰ সৃষ্টি কৰা সামাজিক কাৰকসমূহ, এই পৰিৱেশজনিত সমস্যাসমূহ সামাজিকভাৱে গঢ়ি তোলা আৰু সামাজিক সমস্যা হিচাপে…
-
সগোত্ৰতা
সগোত্ৰতা বা একমূলতা (Consanguinity) হৈছে তেজৰ সম্পৰ্কৰ জৰিয়তে দুজন ব্যক্তিৰ মাজত প্ৰতিষ্ঠা হোৱা এক আত্মীয় সম্পৰ্ক। ভাই-ভনী, পিতৃ-মাতৃ আৰু সন্তানৰ মাজৰ সম্পৰ্কটো এনে আত্মীয়তাৰ উদাহৰণ।