লোকবিশ্বাস
৩৯ প্ৰবন্ধ
-
বুঢ়াগোসাঁই আৰু বুঢ়ীগোঁসানীৰ পূজা
বুঢ়াগোসাঁই আৰু বুঢ়ীগোসাঁনী হৈছে অসমীয়া সমাজৰ এক পৰম্পৰাগত দেৱ-দেৱী যাক অসমীয়া হিন্দু লোকসকলে ভগৱান শিৱ আৰু তেওঁৰ অৰ্ধাংগিনী দেৱী পাৰ্বতী ৰূপে পূজা কৰে। বিশেষকৈ অসমৰ গাঁও অঞ্চলত বুঢ়াগোসাঁই-বুঢ়ীগোসাঁনীৰ পূজা-সেৱা বহু শতাব্দী ধৰি প্ৰচলিত হৈ আহিছে।
-
বৃক্ষ বিবাহ
বৃক্ষ বিবাহ ( ইংৰাজী: Tree Marriage)হৈছে পূৰ্বতে কিছুমান জনবিশ্বাসৰ ভেটিত সাধাৰণ চহা মানুহে পালন কৰা এক উৎসৱ। অপুত্ৰক বা কেও কিছু নোহোৱা মানুহে বৃক্ষ বিবাহ পাতি দি পুণ্য অৰ্জন কৰিছিল। বৃক্ষ বিবাহত প্ৰথমে কোনো ৰাজহুৱা স্থান, আলিৰ কাষ বা চ'কত আঁহত আৰু বট গছ দুজোপা ৰোৱে।
-
ভূতৰ গল্প
ভূতৰ গল্প (ইংৰাজী: Ghost story) হ’ল যিকোনো কল্পকাহিনী বা নাটক য’ত এটা ভূত অন্তৰ্ভুক্ত থাকে, অথবা ভূতৰ সম্ভাৱনা বা ভূতৰ ওপৰত চৰিত্ৰৰ বিশ্বাসক এক আধাৰ হিচাপে গ্ৰহণ কৰা হয়। "ভূত" এটা নিজেই আবিৰ্ভাৱ হ’ব পাৰে বা যাদু-মন্ত্ৰৰদ্বাৰা তাক মাতি অনা হ’ব পাৰে।
-
মহা ছোনা
মহা ছোনা বা মহা ছোহোনা সিংহলী লোককথাৰ এক ইয়াক’(অৰ্থাৎ দানৱ), যিয়ে মৃত্যুৰ পিছৰ আত্মাক খেদি ফুৰে বুলি বিশ্বাস কৰা হয়। মহাছোনা নামৰ অৰ্থ সিংহল ভাষাত “সৰ্বশ্ৰেষ্ঠ অসুৰ" বা "কবৰস্থানৰ দেৱতা বা দানৱ"। ই শ্ৰীলংকাৰ আটাইতকৈ ভয়ংকৰ দেৱতা বা দানৱ।
-
মানো (পৌৰাণিক কাহিনী)
মানো, মান্নো, আস্কে বা মান্না হৈছে ছামি পৌৰাণিক কাহিনীত চন্দ্ৰৰ দেৱী ৰূপ। ছামি জাতিৰ বিশ্ব দৃষ্টিভঙ্গি আনিমিজম বা আনিমিষ্টিক স্বভাৱৰ, য’ত ছামানবাদী বৈশিষ্ট্য থকা দেখা যায়। সেই বিশ্বদৃষ্টিত দেৱ-দেৱীসকলে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰে।
-
মায়া মাকৈ দেৱতা
মায়া মাকৈ হৈছে মায়া মৌখিক পৰম্পৰাত বিশ্বাস কৰা মাকৈ গছৰ দেৱতা। অন্যান্য মেছ'আমেৰিকান জনগোষ্ঠীসমূহৰ দৰেই পৰম্পৰাগত মায়াসকলেও তেওঁলোকৰ মূল খাদ্যশস্য মাকৈত এক গুৰুত্বপূৰ্ণ শক্তিক চিনাক্ত কৰে। এই কথা তেওঁলোকৰ পৌৰাণিক পৰম্পৰাসমূহে স্পষ্টকৈ দেখুৱাইছে।
-
শাকচুন্নী
শাকচুন্নী (Shakchunni) শব্দটো সংস্কৃত ভাষাৰ শব্দ শংকাচুৰ্ণী পৰা আহিছে। ইয়াক সাধাৰণতে এগৰাকী বিবাহিত মহিলাৰ আত্মা বুলি বৰ্ণনা কৰা হয়। ইহঁতে হাতত শামুকৰ খোলাৰে তৈয়াৰী বিশেষ ধৰণৰ পৰম্পৰাগত শাখা পোলা নতুবা শাখা পলা পিন্ধি থাকে, যিটো বঙালী হিন্দু বিবাহিত মহিলাৰ চিন।
-
শিয়ালৰ শিং
শিয়ালৰ শিং হৈছে এটা পৌৰাণিক হাড়ৰ শঙ্কু আকৃতিৰ এক্সক্ৰেছেন্স যিটো মাজে মাজে সোণালী শিয়ালৰ মূৰৰ খুলিত গজি উঠে বুলি কোৱা হয়। ই দক্ষিণ এছিয়াৰ যাদুকৰী শক্তিৰ সৈতে জড়িত। ইয়াৰ অস্তিত্বৰ প্ৰমাণৰ অভাৱৰ পিছতো ইয়াক বাস্তৱ বুলি বহুলভাৱে বিশ্বাস কৰা হয়।
-
হোৱাইট বাফেলো কাফ উইমেন
হোৱাইট বাফেলো কাফ উইমেন (ইংৰাজী: White Buffalo Calf Woman; লাকোটা ভাষা: Ptesáŋwiŋ) বা হোৱাইট বাফেলো মেইডেন হ'ল অলৌকিক উৎপত্তিৰ এগৰাকী পবিত্ৰ মহিলা, যি লাকোটা ধৰ্মৰ এজন প্ৰাথমিক সাংস্কৃতিক পয়গম্বৰ হিচাপে কেন্দ্ৰীয় ভূমিকা পালন কৰে।