যুদ্ধ
৩৯ প্ৰবন্ধ
-
দ্বিতীয় আফিং যুদ্ধ
দ্বিতীয় আফিং যুদ্ধ (ইংৰাজী: Second Opium war) আছিল ব্ৰিটিছ আৰু ফৰাচী সাম্ৰাজ্যই যুটীয়াভাৱে চীনৰ ছিং ৰাজবংশৰ বিৰুদ্ধে চলোৱা এখন গুৰুত্বপূৰ্ণ সামৰিক অভিযান। এই যুদ্ধ ১৮৫৬ চনৰ পৰা ১৮৬০ চনলৈ সংঘটিত হৈছিল। ইয়াক 'এৰো যুদ্ধ' বা 'ইংলো-ফ্ৰেন্স অভিযান' বুলিও জনা যায়।
-
নালাপানীৰ যুদ্ধ
নালাপানী যুদ্ধ ১৮১৪–১৮১৬ চনৰ এংলো-নেপালী যুদ্ধৰ প্ৰথম যুদ্ধ, যিখন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তেতিয়াৰ গোৰ্খা বংশৰ শাসনত থকা নেপালৰ বাহিনীৰ মাজত যুদ্ধ হৈছিল। ১৮১৪ চনৰ ৩১ অক্টোবৰৰপৰা ৩০ নৱেম্বৰৰ ভিতৰত ইংৰাজে এমাহ ধৰি ডেৰাডুনৰ ওচৰৰ নলাপানী দুৰ্গৰ আশে-পাশে যুদ্ধ সংঘটিত হয়।
-
ম'ষ্ট ৱাণ্টেড ইৰাকী তাচপাত
২০০৩ চনত আমেৰিকাৰ নেতৃত্বত গঠিত মিত্ৰজোঁটে ইৰাক আক্ৰমণ কৰাৰ সময়ত আমেৰিকাৰ প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থাই ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইন চৰকাৰৰ ম'ষ্ট ৱাণ্টেড সদস্যসকলক চিনাক্ত কৰাত সৈন্যবাহিনীক সহায় কৰিবলৈ প্লেয়িং কাৰ্ডছ বা তাচপাতৰ এটা নমুনা প্ৰস্তুত কৰিছিল।
-
ম'হগড় ৰণ
ম'হগড় ৰণ আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ সেনা আৰু মানৰ মাজত ১৮২২ চনৰ ১৯ এপ্ৰিলত হৈছিল। যোৰহাটৰ উত্তৰৰ ম'হগড় (বৰ্তমানৰ ককিলামুখ) নামে ঠাইত হোৱা বাবে এই যুদ্ধক ম'হগড় ৰণ বোলা হয়। আহোম ৰাজ্য ৰক্ষাৰ এইখনেই আছিল শেষ গুৰুত্বপূৰ্ণ ৰণ।
-
মেইজি পুনৰ্গঠন
মেইজি পুনৰ্গঠন বা মেইজি পুনৰুদ্ধাৰ (明治維新, Meiji Ishin) আছিল ১৮৬৮ খ্ৰীষ্টাব্দৰ এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক পৰিবৰ্তনৰ যুগ, যিয়ে জাপানক সামন্ততন্ত্ৰৰ পৰা আধুনিক, পশ্চিম-অনুকৰণমূলক ৰাষ্ট্ৰৰূপে পৰিণত কৰিছিল।
-
শামলীৰ যুদ্ধ
শামলীৰ যুদ্ধ বা থানা ভৱনৰ যুদ্ধ হৈছে ১৮৫৭ চনৰ ১০ মে’ত ইমদাদুল্লাহ মুহাজিৰ মক্কীৰ বাহিনী আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হোৱা এক সংঘৰ্ষ। ই ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ অংশ আছিল।
-
সাহিত্য আৰু সংস্কৃতিত নাৰী যোদ্ধা
সাহিত্য আৰু সংস্কৃতিত নাৰী যোদ্ধাৰ (Women warriors in literature and culture) চিত্ৰণ ইতিহাস, সাহিত্য অধ্যয়ন, চলচ্চিত্ৰ অধ্যয়ন, লোককথাৰ ইতিহাস, পৌৰাণিক কাহিনীৰ অধ্যয়নৰ বিষয়।
-
ৰঙা ফিচো
ৰঙা ফিচো (ক্ৰ'ৱেচিয়ান: Crveni Fićo) ক্ৰ'ৱেচিয়াৰ অচিজেকত থকা এটা স্মৃতিসৌধ। ক্ৰ'ৱেচিয়াৰ স্বাধীনতা যুদ্ধৰ আৰম্ভণিতে যুগোস্লাভিয়া সেনাবাহিনীৰ টেংকে জাষ্টাভা ৭৫০ (ফিচো) গাড়ী ধ্বংস কৰাৰ স্মৃতিত এই গাড়ীখন ক্ৰ'ৱেচিয়াৰ প্ৰতিৰোধৰ প্ৰতীক হৈ পৰিছিল।
-
ৰুছ-ইউক্ৰেনীয় যুদ্ধ
ৰুছ-ইউক্ৰেনীয় যুদ্ধ হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলিত এক যুদ্ধ য'ত মুখ্যতঃ ৰাছিয়া, ৰাছিয়া-পন্থী বাহিনী আৰু এফালে বেলাৰুছ আৰু আনফালে ইউক্ৰেইন আৰু ইয়াৰ আন্তঃৰাষ্ট্ৰীয় সমৰ্থক সকল জড়িত হৈ আছে। মৰ্য্যদাৰ বিপ্লৱৰ পিছত ২০১৪ চনৰ ফেব্ৰুৱাৰীমাহত এই সংঘৰ্ষ আৰম্ভ হয়।