মন্ত্ৰ
৭ প্ৰবন্ধ
-
গায়ত্ৰী মন্ত্ৰ
বৈদিক হিন্দু ধৰ্মত গায়ত্ৰী মন্ত্ৰ এটি অতি গুৰুত্বপূৰ্ণ মন্ত্ৰ। প্ৰচলিত বিশ্বাস অনুসৰি, গায়ত্ৰী মন্ত্ৰ বেদৰ আন আন মন্ত্ৰৰ দৰেই "অপৌৰষেয়" (অৰ্থাৎ কোনো মানুহৰ দ্বাৰা ৰচিত নহয়) আৰু বৈদিক হিন্দুসকলে ব্ৰহ্মৰ্ষিৰ ওচৰত প্ৰকাশ কৰা বুলি বিশ্বাস কৰে (গায়ত্ৰী মন্ত্ৰৰ ক্ষেত্ৰত ব্ৰহ্মৰ্ষি হ'ল বিশ্বমিত্ৰ)।
-
জপ
জপ (जप) হৈছে ধ্যানৰত অৱস্থাত কৰা মন্ত্ৰ বা ঐশ্বৰিক নামৰ পুনৰাবৃত্তি। হিন্দু ধৰ্মৰ উপৰিও জৈন ধৰ্ম, শিখ ধৰ্ম, আৰু বৌদ্ধ ধৰ্মত জপক এক প্ৰথা হিচাপে গণ্য কৰা হয়। ধ্যানৰ ভঙ্গীত বহি থাকোঁতে, আন কাম-কাজ কৰোঁতে, বা বহুলোকৰ সমাৱেশত আনুষ্ঠানিক উপাসনাৰ অংশ হিচাপে জপ সম্পন্ন কৰিব পাৰি।
-
হৰ হৰ মহাদেৱ
হৰ হৰ মহাদেৱ হিন্দু দেৱতা শিৱৰ প্ৰশংসাত সংস্কৃত আমন্ত্ৰণ। এই আমন্ত্ৰণত শিৱৰ দুটা উপনাম হৰ আৰু মহাদেৱ ব্যৱহাৰ কৰা হয়। সাধাৰণতে ইয়াক শিৱৰ অনুগামীসকলে শুভ অনুষ্ঠান যেনে প্ৰাৰ্থনা আৰু শিৱ মন্দিৰত প্ৰৱেশৰ সময়ত জপ কৰে।
-
ভোজন মন্ত্ৰ
ভোজন মন্ত্ৰ হ'ল ভোজন কৰাৰ পূৰ্বে গোৱা এটা মন্ত্ৰ। ই প্ৰাচীন ভাৰতীয় পৰম্পৰা অনুসৰি প্ৰচলিত। ভোজন মন্ত্ৰ কেৱল ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ অংশ নহয়, বৰঞ্চ ইয়াৰ দ্বাৰা মানসিক একাগ্ৰতা, কৃতজ্ঞতা আৰু সুস্থ জীৱনশৈলী প্ৰচাৰিত হয়।
-
হৰি ঔম
হৰি ওঁম বা হৰি ঔম(हरि ॐ) হিন্দু মন্ত্ৰ। হিন্দু ধৰ্মৰ অনুগামীসকলে পৱিত্ৰ ওঁম মন্ত্ৰৰ দৰেই হৰি ওঁম শুভ কামৰ আৰম্ভণিৰ সময়ত বা ধ্যান-ধাৰণৰ সময়ত জপ কৰে। ইয়াক অভিবাদন হিচাপেও ব্যৱহাৰ কৰা হয়।
-
সৎশ্ৰী আকাল
সৎশ্ৰী আকাল হৈছে এটা জয়কাৰ ধ্বনি(সাক্ষৰ অৰ্থত "বিজয়ৰ আহ্বান") যিটো এতিয়া শিখসকলে প্ৰায়ে অভিবাদন হিচাপে ব্যৱহাৰ কৰে। ই শিখ ক্লেৰিয়ান কলৰ দ্বিতীয়াৰ্ধ, যিটো দশম শিখ গুৰু গুৰু গোবিন্দ সিঙে দিয়া। সম্পূৰ্ণ আহ্বানটো এনেধৰণৰ, "বোলে ছ’ নিহাল, সৎশ্ৰী আকাল" ("সত্য হৈছে কালজয়ী")।
-
হিন্দু ধৰ্মত প্ৰাৰ্থনা
প্ৰাৰ্থনা হিন্দু ধৰ্মৰ এক অবিচ্ছেদ্য অংগ। হিন্দু ধৰ্মত পূজাৰ সময়ত প্ৰাৰ্থনা কৰা হয় আৰু ই হৈছে ভক্তিৰ প্ৰকাশ। হিন্দু ধৰ্মত মন্ত্ৰৰ জপ সৰ্বাধিক প্ৰচলিত পূজাৰ ধৰণ। বেদ হৈছে হিন্দু ধৰ্মৰ মূল গ্ৰন্থ (মন্ত্ৰ আৰু গীতৰ সমষ্টি)।