গোল্ডেন পেগোডা,নামচাইটাই-খামতি ভাষাত নামচাইৰ সোণালী পেগোডা বা গ'ল্ডেন পেগোডাক কংমু খাম বুলিও জনা যায়। এই বৌদ্ধ ধৰ্ম মঠটো বাৰ্মিজ শৈলীৰ বৌদ্ধ মন্দিৰ আৰু ২০১০ চনত মুকলি কৰা হৈছিল। ই ভাৰতৰ অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ ২০হেক্টৰ (৪৯ একৰ) ভূমিত বিস্তৃত হৈ আছে। নিকটতম ৰেল ষ্টেচনটো হৈছে অসমৰ তিনিচুকীয়া জিলাৰ 'নিউ তিনিচুকীয়া জংচন' আৰু নামচাইৰ পৰা মাত্ৰ ৭৯.৭ কিলোমিটাৰ দূৰত অৱস্থিত। নামচাইলৈ যাত্ৰা কৰিবলৈ তিনিচুকীয়াৰ পৰা কেব আৰু বাছৰো সুবিধা আছে। নিকটতম বিমানবন্দৰটো হৈছে নামচাইৰ পৰা ১২৩ কিলোমিটাৰ দূৰত অসমত অৱস্থিত মোহনবাৰী (ডিব্ৰুগড়) বিমানবন্দৰ। নামচাইলৈ যাত্ৰা কৰিবলৈ মোহনবাৰীৰ পৰাও গাড়ী ভাড়ালৈ যাব পৰা যায়।অৰুণাচল প্ৰদেশৰ ৰাজ্য চৰকাৰে প্ৰদান কৰা ভূমিত পেগোডা নিৰ্মাণত স্থানীয় বিধায়ক অৰুণাচলৰ ৰাজনীতিবিদ চোনা মেইনে ৩ কোটি টকা খৰচ কৰিছিল। ৱৰ্ল্ড ত্ৰিপিটক ফাউণ্ডেচনে বৰ্তমান কংমু খামক ভাৰতৰ প্ৰথম আন্তৰ্জাতিক ত্ৰিপিটক কেন্দ্ৰ হিচাপে বিকশিত কৰি আছে।১২৩৪সোণালী পেগোডাৰ ভিতৰত বুদ্ধৰ এটা সুন্দৰ সোণালী মূৰ্তি ৰখা হৈছে যিটো নালন্দা আৰ্কাইভৰ কলা বুদ্ধৰ আৰ্হিত আৰ্হি তৈয়াৰ কৰা হৈছে। পৱিত্ৰ স্মাৰকসমূহৰ উপৰি সোণালী বৌদ্ধ মন্দিৰটোত ১৩ ফুট উচ্চতাৰ এটা বাঁহৰ বৌদ্ধ মূৰ্তি আছে। এইটো ভাৰতৰ একমাত্ৰ বৌদ্ধৰ বাঁহৰ মূৰ্তি।৫ অঞ্চলটোত টাই খামটি-চিংফো জনজাতিৰ সাংস্কৃতিক গৱেষণাৰ কেন্দ্ৰ, এটা পুথিভঁৰাল আৰু এটা মঠো আছে।৬
উৎসৱ
কাথিনা উৎসৱ হৈছে সোণালী পেগোডাত উদযাপন কৰা আটাইতকৈ ডাঙৰ উৎসৱ। ২০১৬ চনৰ ১৩ নভেম্বৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত থাই বৌদ্ধ ভিক্ষুসকলেও অংশগ্ৰহণ কৰিছিল।
তথ্যসূত্ৰ
- ↑ www.thehindu.com/features/magazine/wakro-wonders
- ↑ www.assamtribune.com/scripts/detailsnew.asp?id=f link|date=November 2024 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ web.archive.org/web/20170211080700/http://www.ar
- ↑ web.archive.org/web/20170211155754/https://www.t
- ↑ assam.nenow.in/%E0%A6%AA%E0%A7%B0%E0%A7%8D%E0%A6
- ↑ namsai.nic.in/tourist-place/golden-pagoda/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোল্ডেন পেগোডা,নামচাই” প্ৰবন্ধৰ সংশোধন ৫২২৩১৩ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।