১৬৮৭ চনত ইংৰাজী গণিতজ্ঞ ছাৰ আইজাক নিউটনে তেঁওৰ মহানতম সৃষ্টি “প্ৰিন্সিপিয়া” (ইংৰাজী ভাষা: Principia)ত মহাকৰ্ষণৰ সূত্ৰ আগবঢ়াইছিল। মহাকৰ্ষণৰ সূত্ৰমতে,
“বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো কণাই আন প্ৰতিটো কণাক আকৰ্ষণ কৰি আছে আৰু এই আকৰ্ষণ বলৰ মান কণাদুটাৰ ভৰৰ পূৰণফলৰ সমানুপাতিক আৰু সিহঁতৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক।”
বাখ্যা
ধৰাহ'ল, ⟨m_1⟩ আৰু ⟨m_2⟩ ভৰৰ দুটা কণাক পৰস্পৰ ⟨r⟩ দূৰত্বত ৰখা হৈছে। নিউটনৰ সূত্ৰ অনুসৰি দুয়োটা কণাই পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰিছে। ⟨m_1⟩ ভৰৰ কণাই ⟨m_2⟩ ভৰৰ কণাটোক ⟨F_2⟩ বলৰ দ্বাৰা আৰু ⟨m_1⟩ ভৰৰ কণাই ⟨m_1⟩ ভৰৰ কণাটোক ⟨F_2⟩ বলৰ দ্বাৰা আকৰ্ষণ কৰিছে, অৰ্থাৎ ⟨F_1=F_2⟩। আকৌ ধৰাহ'ল ⟨F_1=F_2=F⟩। নিউটনৰ বিশ্বজনীন মহাকৰ্ষণ সূত্ৰমতে,
⟨F \propto \frac{m_1 m_2}{r^2}⟩ ⟨or, F = G \frac{m_1 m_2}{r^2},⟩
য'ত ⟨G⟩ হৈছে মহাকৰ্ষণিক ধ্ৰুৱক। মহাকৰ্ষণিক ধ্ৰুৱকক বিশ্বজনীন ধ্ৰুৱক বুলিও কোৱা হয়। ⟨G⟩ৰ মান হ'ল, ⟨G \approx 6.673 \times 10^{-11} {\rm N} {\rm m }^2 {\rm kg}^{-2}⟩২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ D.S. Mathur. Mechanics
- ↑ bn.wikipedia.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিউটনৰ বিশ্বজনীন মহাকৰ্ষণ সূত্ৰ” প্ৰবন্ধৰ সংশোধন ১৬৩৮০৩ (১৬ নৱেম্বৰ ২০১৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।