অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ৰ'জেছ থেছৰাছ

ৰ'জেছ থেছৰাছ (Roget's Thesaurus) ইংৰাজী ভাষাৰ এখন বহুপঠিত থেছৰাছ বা শব্দকোষ। ব্ৰিটিছ চিকিৎসক, প্ৰাকৃতিক ধৰ্মতত্ব অধ্যয়নকৰ্তা আৰু শব্দ-বিজ্ঞানী পিটাৰ মাৰ্ক ৰ'জেই (১৭৭৯–১৮৬৯) ১৮০৫ চনত এইখন লিখি উলিয়াইছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৩৩ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ৰ'জেছ থেছৰাছ (Roget's Thesaurus) ইংৰাজী ভাষাৰ এখন বহুপঠিত থেছৰাছ বা শব্দকোষ। ব্ৰিটিছ চিকিৎসক, প্ৰাকৃতিক ধৰ্মতত্ব অধ্যয়নকৰ্তা আৰু শব্দ-বিজ্ঞানী পিটাৰ মাৰ্ক ৰ'জেই (১৭৭৯–১৮৬৯) ১৮০৫ চনত এইখন লিখি উলিয়াইছিল।

ইতিহাস

১৮৫২ চনৰ ২৯ এপ্ৰিলত ৰ'জেছ থেছৰাছ' ৰাইজৰ বাবে মুকলি হয়।১ জেৰেমী বেন্থামৰ বস্তুবাদী শিক্ষণসমূহে ৰ'জেক অনুপ্ৰাণিত কৰিছিল আৰু তেওঁ কোৱা মতে "যিসকলে দুখেৰে খেপিয়াই ফুৰিছে আৰু লিখাৰ জটিলতাত কষ্ট কৰিছে এইখন কিতাপে সহায়ৰ হাত আগবঢ়াইছে"।২ কাৰ্পল্‌ছ পাণ্ডুলিপি সংগ্ৰহালয়ত প্ৰথম পাণ্ডুলিপি সংৰক্ষিত হৈ আছে।৩

ৰ'জেৰ শ্ৰেণীবদ্ধকৰণ আৰু উপশ্ৰেণীকৰণ লেইবনিজৰ দৰ্শনৰ ভিত্তিত কৰা হৈছিল যি নিজেই এৰিষ্ট'টলৰ আৰু আন লোকৰ কৰ্মৰ ভেঁটিত গঢ়া হৈছিল। ৰ'জেৰ প্ৰথম পাঠ "abstract relations"-ত এৰিষ্ট'টলৰ শ্ৰেণীকৰণৰ কিছু ভাগ সন্নিৱিষ্ট কৰা হৈছে।

সমল

ৰ'জেই প্ৰথম প্ৰকাশৰ পাতনিত তেওঁৰ শব্দকোষৰ বিষয়ে কৈছে:

প্ৰায় পঞ্চাছ বছৰৰ আগতে মই মৌখিক শ্ৰেণীকৰণৰ এটা পদ্ধতিৰ কথা ভাবিছিলোঁ যিটোৰ নিচিনাকৈ এই কিতাপখন কৰা হৈছে। মোৰ নিজৰে নূন্যতাখিনি এনে সংগ্ৰহে পূৰাব পাৰিব বুলিয়েই ১৮০৫ চনত মই শব্দবোৰৰ শ্ৰেণীকৰণ আগতে ভবা নীতিতে আৰু প্ৰায় একে ৰূপতে সৰুকৈ কৰিছিলোঁ, আৰু সেইখিনি এই শব্দকোষ হিচাপে প্ৰকাশ পাইছে।৪

ৰ'জেছ থেছৰাছ ছটা প্ৰাথমিক পাঠত বিভক্ত।৫ প্ৰতিটো পাঠৰ একাধিক ভাগ আছে আৰু সেইবোৰৰ পৰিচ্ছেদ আছে। ইয়াক অৰ্থৰ সম্পৰ্ক থকা শব্দবোৰৰ হাজাৰ ডালযুক্ত এজোপা গছৰ লগত তুলনা কৰিব পাৰি। শব্দবোৰ পোনে পোনে প্ৰতিশব্দ নহয়, সেইবোৰ অৰ্থ বা ভাৱ ওচৰ চপাহে। সকলোতকৈ সাধাৰণ শব্দটোক একেবাৰে ওপৰত ৰাখি গোটেই গোটটোৰ নাম তাৰেই দিয়া হয়।

সংস্কৰণ

প্ৰথম সংস্কৰণত ১৫০০০ শব্দ আছিল আৰু পৰৱৰ্তী সংস্কৰণবোৰত ইয়াৰ পৰিবৰ্ধন হৈ আহিছে।৩ শেহতীয়া সংস্কৰণ (অষ্টম) প্ৰায় ৪,৪৩,০০০ শব্দ আছে।৬ সমকালীন শব্ব্দবোৰ থকাকৈ কিতাপখন সময়ে সময়ে নবীকৰণ কৰা হয়; কিন্তু প্ৰতিটো সংস্কৰণতে ৰ'জেই দেখুৱাই যোৱা শ্ৰেণীকৰণ অনুসৰণ কৰা হয়।২ "Roget" নামটো যুক্তৰাজ্য আৰু আন কোনো কোনো ঠাইত ট্ৰেডমাৰ্ক কৰা হৈছে।৭ কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰত এই নাম সংৰক্ষিত নহয় আৰু কোনো শব্দকোষৰ শিৰোনামত "Roget" থকা মানেই ৰ'জেৰ লগত সম্পৰ্কীয় নুবুজায়, শব্দকোষৰ সাধাৰণ নাম হিচাপেহে ইয়াৰ ব্যৱহাৰ হয়।৮

গ্ৰন্থপঞ্জী

  • Baumgartner, Jason L.; Waugh, Timothy A. (2002). Roget2000: A 2D Hyperbolic Tree Visualization of Roget's Thesaurus. Visualization and Data Analysis 2002. School of Library and Information Science, Indiana University. পৃ. 339
  • Emblen, D.L. (1969). The Library of Peter Mark Roget. The Book Collector. পৃ. 449–469
  • Hüllen, Werner. (2004). A History of Roget's Thesaurus: origins, development, and design. Oxford University Press. ISBN 1-4237-8876-1
  • Hüllen, Werner. (2009). Networks and knowledge in Roget's Thesaurus. Oxford University Press. ISBN 978-0-19-955323-5
  • Kendall, Joshua C. (2008). The Man Who Made Lists: love, death, madness, and the creation of Roget's Thesaurus. ISBN 978-0-399-15462-1
  • Roget, Peter Mark. (1982). Roget's Thesaurus of English Words and Phrases. Longman. ISBN 0-582-55635-X
  • Roget, Peter Mark. (1962). The Original Roget's Thesaurus of English Words and Phrases. Longmans, Green & Co./Dell Publishing Co., Inc.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Hüllen
  2. ↑ (2012). How to be Really Well Informed in Minutes: All you need to know about everything that matters from the popular 'Briefing' columns. Ebury Press. পৃ. 74–77. ISBN 978-0-09194-706-4
  3. ↑ Roget's Thesaurus. Karcpeles Library
  4. ↑ Lloyd 1982, পৃ. xix
  5. ↑ Table of contents
  6. ↑ HarperCollins. (November 5, 2019). Roget's International Thesaurus, 8th Edition
  7. ↑ Intellectual Property Office. GOV.UK
  8. ↑ Lloyd 1982, পৃ. xiii

সম্পৰ্কিত শ্ৰেণী

গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰ'জেছ থেছৰাছ” প্ৰবন্ধৰ সংশোধন ৬৩২২৫৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।