অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰুডল্ফ বন্নেট

জ’হান ৰুডল্ফ বন্নেট (Johan Rudolf Bonnet, জন্ম: ৩০ মাৰ্চ ১৮৯৫ (আমষ্টাৰডাম),- মৃত্যু: ১৮ এপ্ৰিল, ১৯৭৮ (লৰেন)) হৈছে এগৰাকী ডাচ আৰ্টিষ্ট, যি জীৱনৰ বেছিভাগ সময় ইণ্ডোনেছিয়াৰ বালিৰ উবুদত কটাইছিল।

হালনাগাদ: ১৩ ডিচেম্বৰ ২০২৪ ২৩২ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ
১৯৫০ চনত নিজৰ ঘৰৰ সমুখত ৰুডল্ফ বন্নেট
১৯৫০ চনত নিজৰ ঘৰৰ সমুখত ৰুডল্ফ বন্নেটছবি: P. (Paul) Spies (Fotograaf/photographer). · CC BY-SA 3.0

জ’হান ৰুডল্ফ বন্নেট (Johan Rudolf Bonnet, জন্ম: ৩০ মাৰ্চ ১৮৯৫ (আমষ্টাৰডাম),- মৃত্যু: ১৮ এপ্ৰিল, ১৯৭৮ (লৰেন)) হৈছে এগৰাকী ডাচ আৰ্টিষ্ট, যি জীৱনৰ বেছিভাগ সময় ইণ্ডোনেছিয়াৰ বালিৰ উবুদত কটাইছিল।১ ডাচ হুগুৱেনট বংশৰ এটি পৰিয়ালত তেওঁৰ জন্ম হৈছিল, যিটো পৰিয়াল কেইবাটাও প্ৰজন্ম ধৰি বেকাৰী ব্যৱসায়ৰ সৈতে জড়িত হৈ আছিল। বন্নেটে আমষ্টাৰডামৰ ৰাইক্সকাডেমি ভান বিলডেণ্ডে কুনষ্টেনত অধ্যয়ন কৰিছিল।

বালিলৈ অহাৰ আগছোৱা সময়

১৯২০ চনত তেওঁ পিতৃ-মাতৃৰ সৈতে ইটালীলৈ গৈছিল, এই ভ্ৰমণৰ সময়ত তেওঁ বিপুল সংখ্যক মানুহৰ ছবি অংকন কৰিছিল আৰু লগতে গাঁৱৰ দৃশ্য আৰু প্ৰাকৃতিক দৃশ্য আঁকিছিল। ইটালীলৈ উভতি আহি কিছু মাহৰ বাবে এটা ষ্টুডিঅ’ ভাড়াত লৈছিল। ৰোমত তেওঁ ডব্লিউ.অ.জে. নিউৱেনকেম্পক লগ পাইছিল, যি তেওঁক বালি ভ্ৰমণ কৰিবলৈ পৰামৰ্শ দিছিল, কিন্তু বন্নেট প্ৰথম উত্তৰ আফ্ৰিকালৈ গৈছিল। এই ভ্ৰমণকালত তেওঁ অঁকা ছবিসমূহৰ প্ৰদৰ্শনী পাতি এইবোৰ যথেষ্ট পৰিমাণে বিক্ৰী কৰা হৈছিল, যাতে সেই টকাৰে তেওঁ বালিলৈ জাহাজত যাত্ৰা কৰিব পাৰে।২

বালিত

ৰুডল্ফ বনেটৰ ''নি ৰাদজি'' বালি, ১৯৫৪
ৰুডল্ফ বনেটৰ নি ৰাদজি বালি, ১৯৫৪ছবি: Rudolf Bonnet · CC BY-SA 3.0

১৯২৯ চনত বন্নেট বালিত উপস্থিত হয় আৰু তাতেই তেওঁ জাৰ্মান শিল্পী ৱালটাৰ স্পাইচ আৰু ডাচ সংগীতজ্ঞ জাপ কুনষ্টক লগ পায়। ১৯৩০ চনত বালিলৈ উভতি আহি কুনষ্টৰ সৈতে তেওঁ নিয়াছলৈ যাত্ৰা কৰে। ১৯২৯ চনৰ পৰা ১৯৪০ চনৰ ভিতৰত বন্নেট উবুদত থাকে। যেতিয়া স্পাইছ কেম্পুহানলৈ গুচি যায়, তেতিয়া বন্নেটে উবুদত স্পাইছৰ ঘৰটোত নিজৰ ষ্টুডিঅ’ স্থাপন কৰে। তেওঁ স্বাস্থ্যসেৱা আৰু শিক্ষাকে ধৰি সাম্প্ৰদায়িক বিষয়বোৰৰ লগত জড়িত হৈ পৰিছিল। পিতা মহা আন্দোলনৰ লগতো তেওঁ জড়িত আছিল, যি স্থানীয় শিল্পীসকলক তেওঁলোকৰ শিল্পকলাৰ মানদণ্ড উন্নীত কৰিবলৈ উৎসাহিত কৰিছিল। জাপানীসকল বালিত উপস্থিত হোৱাৰ পিছত ১৯৪২ চনলৈকে বনেট মুক্ত হৈ থাকে আৰু পিছত তেওঁক চুলাৱেছিলৈ পঠিয়াবলৈ নিৰ্দেশ দিয়া হয়।

তথ্যসূত্ৰ

  1. ↑ Museum Puri Lukisan history. Museum Puri Lukisan
  2. ↑ Ruud Spratt, Artists on Bali, pp 40 Pepin Press

সম্পৰ্কিত শ্ৰেণী

চিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুডল্ফ বন্নেট” প্ৰবন্ধৰ সংশোধন ৪৫৪৪৭৭ (১৩ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।