মিলি নাছোলো কিকোমেকো (Milly Nassolo) এগৰাকী উগাণ্ডাৰ সামাজিক উদ্যোগী, কৰ্মী আৰু অধিবক্তা। তেওঁ কাগাডি জিলাত অৱস্থিত এটা অলাভজনক সংস্থা মাইছা হোলিষ্টিক আফ্ৰিকা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক।১২৩৪
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
বুটাম্বালা জিলাৰ কিবিবি উপকাউণ্টিৰ কিকুম্বো গাঁৱত নাছোলোৰ জন্ম হৈছিল। প্ৰাথমিক শিক্ষাৰ বাবে গোম্বে প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল, তাৰ পিছত এমপিগি মিক্সড ছেকেণ্ডাৰী স্কুলত অ-লেভেলৰ বাবে পঢ়িছিল আৰু এমপিগি হাইস্কুলত এ লেভেলৰ অধ্যয়ন কৰিছিল। তেওঁ কাম্পালা আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা আইনত স্নাতক ডিগ্ৰী লাভ কৰে।৪
কৰ্মজীৱন
২০১৪ চনৰ পৰা নাছ'লোৱে স্নাতক ডিগ্ৰী লাভ কৰাৰ সময়তে লুবেগা, ছাকা এণ্ড কো এডভোকেটছত আইনী সহায়িকা হিচাপে কাম কৰি আহিছে।৪৫৬
২০১৪ চনত তেওঁ মাইছা হোলিষ্টিক আফ্ৰিকা ফাউণ্ডেশ্যন৭২ নামেৰে কাগাডি জিলাত এটা অলাভজনক সংস্থা প্ৰতিষ্ঠা কৰে৮৯১০ অৱশ্যে ২০১৯ চনত এই সংস্থাটো আৰম্ভ কৰা হয়।১১১২
ব্যক্তিগত জীৱন
২০১৬ চনত কামোকিয়া চাৰ্চ অৱ গডত নাছ’লোৱে ৰবাৰ্ট কিকোমেকো টুমুছাবেৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুজন পুত্ৰ টাইলাৰ কেব কে টুমুছাবে আৰু ট্ৰেভিছ ছিলভাৰ কে টুমুছাবে।২১৩১৪
তথ্যসূত্ৰ
- ↑ Editorial, PML DAILY EDITOR | PML Daily. (October 26, 2023). MILLY NASSOLO: Passion for Empowering Women
- ↑ Asingwire, Mzee. (May 17, 2023). Milly Nassolo's legal career: Balancing law practice and activism for social change. Pulse Uganda
- ↑ Milly Nassolo Unveils Maisha Holistic Africa Foundation in Kagadi District | the Kampala Post
- ↑ (March 28, 2021). Working for women makes Nassolo happy. Monitor
- ↑ (October 26, 2023). Activist Milly Kikomeko Launches "Get Talking with Milly" Tweet Chat Initiative – TowerPostNews. thetowerpost.com
- ↑ Wampula, Arajab. (October 25, 2023). Here Are All The Amazing Things Milly Nassolo Is Doing To Advocate For The Girl Child* | DaParrot | Building Communities, Outlining Possibilities
- ↑ Nassolo supports disadvantaged people. Bukedde
- ↑ Adeya, John Kenny. (October 19, 2023). Milly Nassolo Fostering Children's and Women's Rights in Uganda. Kampala Edge Times
- ↑ Mugisha, Mugibson. (May 18, 2023). Meet Milly Nassolo: A Champion For A Brighter Future For Children & Women In Uganda - MUGIBSON. mugibson.com
- ↑ Mugisha, Mugibson. (February 1, 2023). Activist Milly Nassolo Extends Helping Hand Through Health Camp In Kagadi District - MUGIBSON. mugibson.com
- ↑ (17 April 2019). Through Maisha Holistic Africa Foundation, Social Entrepreneur Milly Nassolo Seeks to Help Those in Need - MUGIBSON
- ↑ (17 April 2019). Social Entrepreneur Milly Nassolo Launches Maisha Holistic Africa Foundation
- ↑ Lisimba, Hillary. (December 21, 2021). I lied to him about everything the first time we met, Ugandan wife discloses. Tuko.co.ke - Kenya news.
- ↑ (17 April 2019). Social Entrepreneur Milly Nassolo Launches Maisha Holistic Africa Foundation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিলি নাছোলো” প্ৰবন্ধৰ সংশোধন ৬১৫৬০২ (৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।