স্ত্ৰী বা নাৰী বিদ্বেষ (ইংৰাজী ভাষা: Misogyny) হৈছে এটা ধাৰণা যিয়ে মহিলাৰ প্ৰতি থকা ঘৃণা বা অৱজ্ঞাক বুজায়। এয়া হৈছে পুৰুষতকৈ মহিলাসকলক নিম্ন সামাজিক স্থিতিত ৰাখিবলৈ ব্যৱহৃত এক প্ৰকাৰৰ লিংগ বৈষম্য, যিয়ে পিতৃতান্ত্ৰিকতাৰ সামাজিক ভূমিকা বজাই ৰাখে। হাজাৰ হাজাৰ বছৰ ধৰি স্ত্ৰী বিদ্বেষ প্ৰচলিত হৈ আহিছে। ই বিশ্বব্যাপী কলা, সাহিত্য, মানৱ সামাজিক গাঁথনি, ঐতিহাসিক ঘটনা, পৌৰাণিক কাহিনী, দৰ্শন আৰু ধৰ্মত প্ৰতিফলিত হয়।১
স্ত্ৰী বিদ্বেষৰ এক উদাহৰণ হৈছে মহিলাৰ বিৰুদ্ধে হিংসা, যাৰ ভিতৰত আছে ঘৰুৱা হিংসা আৰু ইয়াৰ আটাইতকৈ চৰম ৰূপত, স্ত্ৰী বিদ্বেষমূলক সন্ত্ৰাসবাদ আৰু নাৰীহত্যা। মহিলাসকলক পুৰ্ণ নাগৰিকত্বৰ পৰা আইনী বা সামাজিকভাৱে বাদ দি; মহিলাসকলক নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে যৌন উৎপীড়ন, বলপূৰ্বক আৰু মানসিক কৌশলৰ জৰিয়তেও বিদ্বেষ প্ৰায়ে পৰিচালিত হয়। কিছুমান ক্ষেত্ৰত, বিদ্বেষে মহিলাসকলক নিম্নমানৰ মৰ্যাদা স্বীকাৰ কৰাৰ বাবে পুৰস্কৃতও কৰে।
ইয়াক লোকৰ দ্বাৰা ধাৰণ কৰা মনোভাৱ; মুখ্যতঃ পুৰুষৰ দ্বাৰা, আৰু এক ব্যাপক সাংস্কৃতিক ৰীতি-নীতি বা প্ৰণালী হিচাপে বুজিব পাৰি।
বুৎপত্তি
Misogyny অৰ্থ হৈছে বিশেষকৈ মহিলাৰ প্ৰতি ঘৃণা। শব্দটো গ্ৰীক মুলৰ misein (ঘৃণা কৰা) আৰু gynē (মহিলা)ৰ পৰা গঠন কৰা হৈছে।২
তথ্যসূত্ৰ
- ↑ www.verywellmind.com/what-is-misogyny-5076055{{D link|date=April 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ www.merriam-webster.com/dictionary/misogyny
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্ত্ৰী বিদ্বেষ” প্ৰবন্ধৰ সংশোধন ৬০২৭৫২ (২৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।