সুআন মানুৱেল ছাণ্ট'ছ কাল্ডে'ৰ'ন (Juan Manuel Santos Calderón) (;জন্ম: ১০ আগষ্ট, ১৯৫১) কলম্বিয়াৰ বৰ্তমান তথা ৩২তম ৰাষ্ট্ৰপতি। তেওঁ ২০১৬ চনত বাবে শান্তিৰ ন'বেল বঁটা লাভ কৰে।
তেওঁ এজন বিখ্যাত অৰ্থনীতিবিদ আৰু সাংবাদিক। তেওঁৰ পৰিয়াল কলম্বিয়াৰ ইল টাইমপা' নামৰ কাকত খনৰ ১৯১৩ চনৰ পৰা ২০০৭ চনলৈ সংখ্যাগৰিষ্ঠ শ্বেয়াৰৰ গৰাকী আছিল। কেঞ্চাছ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ কলম্বিয়াৰ ৰাষ্ট্ৰীয় কফি খেতিয়ক ফেডাৰেচনৰ অৰ্থনৈতিক পৰামৰ্শদাতা হিচাপে যোগ দিয়ে। তেওঁ লণ্ডনৰ আন্তৰ্জাতিক কফি সন্থাতো যোগ দিয়ে আৰু তাত তেওঁ লণ্ডন স্কুল অফ ইক'নমিক্স এণ্ড পলিটিকেল চাইন্সত অধ্যয়ন কৰে। ১৯৮১ চনত তেওঁ ইল টাইমপ' কাকতৰ ডেপুটি ডাইৰেক্টৰ আৰু দুবছৰ পিছত ডাইৰেক্টৰ হিচাপে কাৰ্য নিৰ্বাহ কৰে।
১৯৯১ চনত কলম্বিয়াৰ ৰাষ্ট্ৰপতি ছিজাৰ গাভিৰিয়া ত্ৰুজিল'য়ে তেওঁক কলম্বিয়াৰ প্ৰথম বৈদেশিক বাণিজ্য মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। তেওঁ কলম্বিয়াৰ আন্তৰ্জাতিক বাণিজ্য সম্প্ৰসাৰণৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। ২০০০ চনত ৰাষ্ট্ৰপতি এনড্ৰিউ পাস্ত্ৰনা আৰংগ'য়ে তেওঁক কলম্বিয়াৰ ৬৪তম বিত্ত আৰু ৰাজহুৱা সম্পত্তি মন্ত্ৰী হিচাপে নিযুক্ত কৰে।১
ৰাষ্ট্ৰপতি এলভাৰ' উৰিবে ভেলেজৰ কাৰ্যকালত তেওঁৰ গুৰুত্ব বাঢ়িব ধৰে। ২০০৫ চনত তেওঁ ছোচিয়েল পাৰ্টি অফ নেছেনেল উনিটি নামৰ ৰাজনৈতিক দল গঠন কৰে। ২০০৬ চনত উৰিবে আকৌ নিৰ্বাচিত হোৱাৰ পিছত চানটছ কলম্বিয়াৰ ৰাষ্ট্ৰীয় ৰক্ষা মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে। এই কালছোৱাত তেওঁ কলম্বিয়াৰ সশস্ত্ৰ বাহিনীৰ বিপ্লৱ আৰু আন গুৱেৰৃল্লা গোটৰ বিৰুদ্ধে কিছুমান সবল আৰু কঠোৰ নীতি গ্ৰহণ কৰে।
”৫০ বছৰীয়া কলম্বিয়াৰ গৃহ যুদ্ধ অৱসান ঘটাবলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকীৰ্তি স্বৰূপে" তেওঁক ২০১৬ বৰ্ষৰ শান্তিৰ ন'বেল বঁটা প্ৰদান কৰা হয়।২
চয়নিত কাম
- Santos Calderón, Juan Manuel. (1994). Colombia Sin Fronteras: Para Un Nuevo Futuro. Colombian Ministry of Foreign Trade
- Santos Calderón, Juan Manuel. (1994). El Nuevo Camino al Progreso. Colombian Ministry of Foreign Trade
- Santos Calderón, Juan Manuel; Hommes Rodríguez, Rudolf. (1994). Prácticas Comerciales y Perspectivas Macroeconómicas. Cladei. ISBN 9789589394007
- Santos Calderón, Juan Manuel; Blair, Tony. (1999). La Tercera Vía: Una Alternativa Para Colombia. Aguilar. ISBN 9789588061313
- Santos Calderón, Juan Manuel; Carrasquilla Barrera, Alberto. (2000). Memorias de Hacienda. Colombian Ministry of Finance and Public Credit
- Santos Calderón, Juan Manuel. (2009). Jaque al Terror: Los Años Horribles de las FARC. Planeta. ISBN 9789584223029
বহিঃসংযোগ
- Presidencia de Colombia
- Biography at Colombia Reports
- Biography at CIDOB Foundation
- Taking Colombia to the Next Level, Latin Business Chronicle, ৯ আগষ্ট, ২০১০
তথ্যসূত্ৰ
- ↑ (18 July 2000). En Sus Puestos. El Tiempo
- ↑ The Nobel Peace Prize 2016 - Press Release. www.nobelprize.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুআন মানুৱেল ছাণ্ট'ছ কাল্ডে'ৰ'ন” প্ৰবন্ধৰ সংশোধন ৬৩১৭৯৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।