অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শান্তি টিগ্গা

শান্তি টিগ্গা ভাৰতীয় সেনাবাহিনীৰ প্ৰথম মহিলা জোৱান আছিল।তেওঁৰ সক্ষমতা আৰু দক্ষতাই পৰৱৰ্তী সময়ত পুৰুষ সহকৰ্মীসকলকো অতিক্ৰম কৰিছিল, যাৰ বাবে তেওঁক নিযুক্তি প্ৰশিক্ষণ শিবিৰত শ্ৰেষ্ঠ প্ৰশিক্ষাৰ্থীৰ খিতাপ প্ৰদান কৰা হয়।২০১৩ চনৰ ১৩ মে’ত তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৩১৯ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

শান্তি টিগ্গা ভাৰতীয় সেনাবাহিনীৰ প্ৰথম মহিলা জোৱান আছিল।১২তেওঁৰ সক্ষমতা আৰু দক্ষতাই পৰৱৰ্তী সময়ত পুৰুষ সহকৰ্মীসকলকো অতিক্ৰম কৰিছিল, যাৰ বাবে তেওঁক নিযুক্তি প্ৰশিক্ষণ শিবিৰত শ্ৰেষ্ঠ প্ৰশিক্ষাৰ্থীৰ খিতাপ প্ৰদান কৰা হয়।২০১৩ চনৰ ১৩ মে’ত তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।৩

প্ৰাৰম্ভিক জীৱন

শান্তি টিগ্গাৰ ঘৰ পশ্চিম বংগৰ জলপাইগুৰি জিলাত। তেওঁ সামাজিকভাৱে প্ৰান্তীয় অনুসূচিত জনজাতি সম্প্ৰদায়ৰ আছিল। তেখেতৰ পৰিয়াল আৰু সম্প্ৰদায়ৰ কেইবাগৰাকী সদস্যই প্ৰতিৰক্ষা বাহিনীৰ বিভিন্ন দলত নামভৰ্তি কৰিছিল, যিয়ে তেওঁক ৩৫ বছৰ বয়সত সেনাবাহিনীত নামভৰ্তি কৰিবলৈ প্ৰেৰণা যোগাইছিল।৪তেওঁ বাল্যবিবাহ কৰিবলগীয়া হৈছিল। তেওঁ আৰম্ভণিৰ জীৱনৰ বেছিভাগ সময় এগৰাকী গৃহিণী হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁ দুটা সন্তান জন্ম দিছিল আৰু মাতৃৰ দায়িত্ব পালন কৰিছিল।৪১

কৰ্মজীৱন

যেতিয়া শান্তি টিগ্গাৰ স্বামীৰ মৃত্যু হয়, তেতিয়া ক্ষতিপূৰণ হিচাপে তেওঁক ৰেলৱেৰ চাকৰি প্ৰদান কৰা হয়। ২০০৫ চনত ভাৰতীয় ৰেলৱেত যোগদান কৰি পৰৱৰ্তী পাঁচ বছৰ তেওঁ বংগৰ জলপাইগুৰি জিলাৰ চলছা ষ্টেচনত কাম কৰিছিল।২০১১ চনত, তেওঁ টেৰিটৰিয়েল আৰ্মীৰ ৯৬৯ ৰেল অভিযন্তা ৰেজিমেণ্টত যোগদান কৰিবলৈ চুক্তিবদ্ধ হৈছিল।৫তেতিয়ালৈকে, মহিলাসকলক অ-যুঁজাৰু আৰু বিষয়াৰ সশস্ত্ৰ বাহিনীত যোগদান কৰিবলৈ অনুমতি দিয়া হৈছিল। যিটো বিষয়ে টিগ্গা অৱগত হোৱা নাছিল।যেতিয়া তেওঁ অৱগত হৈছিল,তেওঁ কৈছিল যে এইয়া "এয়া নামমাত্ৰ প্ৰতিৰোধক"। ১৩ লাখ শক্তিশালী প্ৰতিৰক্ষা বাহিনীৰ ভিতৰত টিগ্গা প্ৰথম মহিলা জোৱান হিচাপে পৰিগণিত হৈছিল।৬

নিযুক্তি প্ৰশিক্ষণ শিবিৰত টিগ্গাই তেওঁৰ পুৰুষ সহকৰ্মীসকলক অতিক্ৰম কৰিছিল।তেওঁ ১.৫ কিলোমিটাৰ দৌৰ সম্পূৰ্ণ কৰিবলৈ পুৰুষতকৈ পাঁচ ছেকেণ্ড কম সময় লৈছিল, আৰু ১২ ছেকেণ্ডত ৫০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিল, যাৰ বাবে তেওঁক জ্যেষ্ঠ বিষয়াসকলে প্ৰদৰ্শন উৎকৃষ্ট বুলি অভিহিত কৰিছিল। বন্দুক চম্ভালিলে তেওঁৰ গুলীচালনাই বিষয়াসকলক আপ্লুত কৰিছিল। আৰু তেওঁক লক্ষ্য লওঁতাৰ সৰ্বোচ্চ পদবী প্ৰদান কৰা হৈছিল। তেওঁ ইয়াৰ লগতে শ্ৰেষ্ঠ প্ৰশিক্ষাৰ্থীৰ খিতাপো লাভ কৰে।১

অপহৰণ আৰু মৃত্যু

২০১৩ চনৰ ৯ মে’ত টিগ্গাক অজ্ঞাত অপৰাধীয়ে অপহৰণ কৰিছিল আৰু তাৰ পিছত তেওঁক ৰে’লপথৰ কাষত এটা পোষ্টত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল। এই ঘটনাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, আৰু তাৰ পিছতেই আৰক্ষীৰ তদন্ত আৰম্ভ হৈছিল।সেই সময়ত তেওঁক চিকিৎসালয়ৰ কেবিনত কটকটীয়া নিৰাপত্তা প্ৰদান কৰা হৈছিল।এসপ্তাহৰ পিছত ২০১৩ চনৰ ১৩ মে’ত ৰে’লৱে চিকিৎসালয়ত টিগ্গাক ওলমি থকা অৱস্থাত পোৱা গৈছিল।৭ কেবিনত থকা তেওঁৰ পুত্ৰই টিগ্গা বহু পৰলৈ বাহিৰলৈ ওলাই নহা দেখি এলাৰ্ম বজাইছিল। এই গোচৰটো আৰক্ষী কৰ্তৃপক্ষৰ দ্বাৰা আত্মহত্যা বুলি ৰায় দিয়া হৈছিল।৩

টিগ্গাক পূৰ্বতে উৎকোচ লোৱাৰ ভুল অভিযোগ উত্থাপন কৰা হৈছিল। সেই অভিযোগ বহুলভাৱে প্ৰচাৰিত বিষয় এটাত কৰা হৈছিল। এক যন্ত্ৰণাদায়ক আৰু অপমানজনক বিচাৰৰ পিছত তেওঁ আইনীভাৱে দোষমুক্ত হৈছিল যদিও ৰাজহুৱা দৃষ্টিত নৈতিকভাৱে দোষমুক্ত হোৱাত প্ৰত্যাহ্বানৰ সম্মুখীন হৈছিল। তেওঁ বহু শ্ৰমৰ বিনিময়ত নিৰ্মাণ কৰা সুনাম ৰাইজৰ চকুত কলংকিত হৈ পৰিছিল। ভবা হৈছিল, তেওঁৰ বিৰুদ্ধে এই মানহানি তেওঁৰেই একাংশ সতীৰ্থ, শত্ৰু আৰু ইৰ্ষাপৰায়ণ মানুহৰ দ্বাৰা পদ্ধতিগতভাৱে তৈয়াৰ কৰা হৈছিল। সেয়েহে তদন্তকাৰী কৰ্তৃপক্ষই ৰায় দিছিল যে অন্যায়ভাৱে হোৱা এই ৰাজহুৱা অপমানেই তেওঁৰ আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰিছিল। এইদৰে গোচৰটো ক্ষিপ্ৰতাৰে সমাপ্ত হ’ল। গোচৰটোৰ যথাযথ বিবেচনা নকৰাকৈয়ে সিদ্ধান্ত স্থাপন কৰা হৈছিল। ৪

তথ্যসূত্ৰ

  1. ↑ 10 Things You Must Know about Shanti Tigga – the First Woman Jawan of the Indian Army. thebetterindia.com portal
  2. ↑ Shanti Tigga becomes first woman jawan. thehindu.com portal
  3. ↑ Indian Army's first woman jawan found dead in railway hospital. Firstpost
  4. ↑ Writer, Guest. (2019-03-04). Shanti Tigga: India's First Female Jawaan · #IndianWomenInHistory. Feminism In India
  5. ↑ Gautam, Nishtha. (November 30, 1999). Shanti Tigga's tragic death should not bar the entry of women in combat roles. India Today
  6. ↑ (2011-10-03). Shanti Tigga becomes first woman jawan. The Hindu
  7. ↑ Pillai, Shruti. (2016-01-14). The Life & Death Of Indian Army’s 1st Female Jawan Is One Of India’s Most Tragic Mysteries. ScoopWhoop

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সেনাৰ জোৱান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শান্তি টিগ্গা” প্ৰবন্ধৰ সংশোধন ৬৪০২২৭ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।