ক্ৰিষ্টিনা আইষ্ট্ৰাপ হেনচেন (জন্ম: ১৩ আগষ্ট ১৯৮৪)১ এগৰাকী প্ৰাক্তন ডেনিছ নাৰ্ছ, যি নিক’বিং ফালষ্টাৰ চিকিৎসালয়ৰ চাৰিগৰাকী ৰোগীক হত্যাৰ চেষ্টা কৰাৰ অপৰাধত দোষী সাব্যস্ত হৈছিল।
বিচাৰ আৰু দণ্ড
২০১৬ চনৰ জুন মাহত ডেনিছ দণ্ডবিধিৰ ২৩৭ ধাৰা অনুসৰি চাৰিটা হত্যাকাণ্ড আৰু হত্যাৰ প্ৰচেষ্টাৰ বাবে তেওঁক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰা হয়।২ ইয়াৰ উপৰিও তেওঁৰ নাৰ্ছ হিচাপে থকা স্বীকৃতি কৰ্তন কৰা হয়। নিক’বিং ফালষ্টাৰৰ আদালতে এইটো প্ৰমাণিত বুলি গণ্য কৰে যে হেনচেনে তেওঁৰ অসুস্থ আৰু দুৰ্বল ৰোগীসকলক মৰ্ফিন আৰু ডায়জেপামৰ মাৰাত্মক মাত্ৰা প্ৰদান কৰিছিল। নিম্ন আদালতত এই গোচৰটো ২৭ দিন ধৰি চলিছিল য’ত ৭০ জনতকৈ অধিক সাক্ষী অন্তৰ্ভুক্ত আছিল। ৰায়দানৰ সময়ত তেওঁ গোচৰটো খাৰিজ কৰাৰ বাবে উচ্চ ন্যায়ালয়ত আপিল কৰিছিল।
২০১৭ চনৰ মে' মাহত অক্ট্ৰে লেণ্ডছৰেটৰ দ্বাৰা তিনিটা হত্যাকাণ্ডৰ বাবে তেওঁক দোষী সাব্যস্ত কৰা হয়। উচ্চ ন্যায়ালয়ৰ পৰ্যালোচনাত এইটো চাৰিটা গোচৰত অপৰাধমূলক নৰহত্যাৰ প্ৰচেষ্টা হিচাপে পৰিৱৰ্তন কৰা হয়।৩ ইয়াৰ ওপৰত ভিত্তি কৰি আদালতে হেনচেনৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ডৰ পৰা ১২ বছৰলৈ হ্ৰাস কৰে।৪ এই পৰিৱৰ্তনৰ কাৰণ আছিল বিশেষকৈ এক ফৰেনছিক আৰু প্ৰমাণ-নিৰ্দিষ্ট বিৱৰণ: যদিও দেখা গৈছিল যে হেনচেনে ৰোগীসকলক ঔষধৰ অপব্যৱহাৰ কৰিছিল, তথাপিও মৰ্ফিন আৰু ডায়জেপামৰ বেজীয়েই মৃত্যুৰ প্ৰত্যক্ষ কাৰণ বুলি সম্পূৰ্ণ নিশ্চিত হোৱাটো সম্ভৱ নাছিল।
এই অভিযোগসমূহৰ উপৰিও হেনচেনক নিজৰ ৭ বছৰীয়া কন্যাক শক্তিশালী নিদ্ৰাৰ ঔষধ দিয়াৰ বাবেও দোষী সাব্যস্ত কৰা হৈছিল যিবোৰ শিশুৰ বাবে বিপদজনক আৰু কেৱল প্ৰাপ্তবয়স্কৰ বাবেহে উপযোগী।৫
এক ফৰেনছিক মানসিক মূল্যায়নে নিৰ্ধাৰণ কৰিছিল যে হেনচেন 'হিষ্ট্ৰনিক পাৰ্চনেলিটি ডিছঅৰ্ডাৰ'ত ভুগিছিল।৬ এই বিকাৰত আক্ৰান্ত ব্যক্তিয়ে ইতিবাচক মনোযোগ লাভ কৰিবলৈ চৰম পৰ্যায়লৈ যাব পাৰে।
অভিযোগকাৰী পক্ষই হেনচেনৰ এই মানসিক বিকাৰক হত্যাকাণ্ডৰ অন্যতম মূল কাৰণ হিচাপে গণ্য কৰিছিল।৭ চৰকাৰী অধিবক্তা মাইকেল বোৱেলচেনে আদালতত উল্লেখ কৰিছিল যে হেনচেনে নিজৰ পেছাদাৰী জ্ঞানক এক গভীৰ বিকৃত উপায়েৰে ব্যৱহাৰ কৰিছিল।
শাস্তি লাভ কৰাৰ পিছতো হেনচেনে এগৰাকী সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত নিজক নিৰ্দোষী বুলি দাবী কৰিছিল। পৰৱৰ্তী সময়ত সেই সাংবাদিকগৰাকীয়েই এই বিষয়ত এখন কিতাপ লিখে।৮
পৰিণাম
হেনচেনৰ কাহিনীক লৈ নেটফ্লিক্সে দ্য নাৰ্ছ৯ নামৰ এখন ধাৰাবাহিক নিৰ্মাণ কৰিছে যিখন ২০২৩ চনৰ ২৭ এপ্ৰিলত মুক্তি দিয়া হৈছিল।১০ এই ধাৰাবাহিকখন ডেনিছ সাংবাদিক ক্ৰিষ্টিয়ান কৰফিক্সেনে লিখা একে নামৰ কিতাপখনৰ ওপৰত ভিত্তি কৰি নিৰ্মিত।১১
তথ্যসূত্ৰ
- ↑ Autorisationsregisteret. পৃ. stps.dk
- ↑ Livstid i sygeplejerskesagen. www.domstol.dk
- ↑ Sygeplejerske fundet skyldig i bl.a. forsøg på manddrab af fire patienter. www.domstol.dk
- ↑ (24 June 2016). Portræt af sygeplejersken, der blev seriemorder: 'Christina Hansen-vagter' var altid fyldt med drama. bt.dk
- ↑ (26 October 2017). Sygeplejersken fra Nykøbings eksmand kan ikke få den fulde forældremyndighed over deres datter
- ↑ (30 May 2016). Drabsanklaget sygeplejerske: Scorer højt på utroværdighedsskala. DR.dk
- ↑ (9 June 2016). Anklagers afsluttende bemærkning: Sygeplejerske dræbte i et bizart skuespil. Politikken
- ↑ (March 23, 2023). 'Inside Denmark's Most Sensational Criminal Trial.' - The Nurse by Kristian Corfixen now a Netflix series! - Storiesbysaga. www.storiesbysaga.com
- ↑ 'The Nurse' Cast Guide: Who's Who in This Shocking Danish Crime Series. Netflix Tudum
- ↑ Danish Series 'The Nurse' Launches on Netflix April 27 and Reveals First Teaser
- ↑ Is The Nurse based on a true story?. Radio Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ৰিষ্টিনা আইষ্ট্ৰাপ হেনচেন” প্ৰবন্ধৰ সংশোধন ৬০৫৭০৫ (১০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।