এলেন জোহানে ব্ৰো (ইংৰাজী ভাষা: Ellen Johanne Broe, ১১ ফেব্ৰুৱাৰী ১৯০০ – ১ ছেপ্টেম্বৰ ১৯৯৪) এগৰাকী ডেনিছ নাৰ্ছ আছিল, যিয়ে ডেনমাৰ্কলৈ উভতি অহাৰ আগতে কেইবা দশক ধৰি বিদেশত কাম কৰি আৰু শিক্ষা গ্ৰহণ কৰি ডেনমাৰ্কত শিক্ষামূলক আৰু প্ৰশিক্ষণৰ পদক্ষেপসমূহ স্থাপন কৰাত সহায় কৰিছিল। তেওঁ নাৰ্ছিং ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নূন্যতম পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তাৰ লগতে নিৰন্তৰ শিক্ষাৰ নিৰ্দেশনা প্ৰস্তুত কৰাত সহায় কৰিছিল। তেওঁ আন্তৰ্জাতিক নাৰ্ছ পৰিষদত সক্ৰিয় আছিল আৰু প্ৰশিক্ষিত নাৰ্ছিং কৰ্মচাৰীৰ আটাইতকৈ প্ৰয়োজন হোৱা উন্নয়নশীল অঞ্চলসমূহলৈ নাৰ্ছিং শিক্ষা কেনেকৈ লৈ যাব পাৰি তাৰ উপায় বিচাৰিছিল। নাৰ্ছিং সেৱাত আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে তেওঁ ১৯৬১ চনত ফ্লৰেন্স নাইটিংগেল পদক লাভ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
এলেন জোহানে ব্ৰো ১৯০০ চনৰ ১১ ফেব্ৰুৱাৰীত ডেনমাৰ্কৰ হৰ্চেন্সত আন্না আৰু পিটাৰ জোহানেছ ব্ৰোৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। পৰিয়ালৰ তিনিগৰাকী কন্যাৰ ভিতৰত তেওঁ আছিল আটাইতকৈ সৰু। তেওঁৰ দেউতাক স্থানীয় কাৰাগাৰৰ এজন পাষ্টৰ আছিল। ১৯১৬ চনত তেওঁ হৰ্চেন্স ষ্টেট স্কুলত মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰে। তাৰ পিছত, যিহেতু তেওঁ ভ্ৰমণ কৰিব বিচাৰিছিল আৰু নাৰ্ছিঙক ইয়াৰ এটা উপায় হিচাপে দেখিছিল, ব্ৰোৱে ১৯১৯ চনত বিছপেবেৰ্গ হাস্পতালত নাৰ্ছিং শিক্ষাৰ বাবে নামভৰ্তি কৰিব বিচাৰিছিল। কিন্তু কাৰ্যসূচীটোৰ মুৰব্বী চাৰ্লট মুংকে তেওঁক অতি কম বয়সীয়া হোৱাৰ বাবে প্ৰত্যাখ্যান কৰিছিল। ব্ৰো ইংলেণ্ডলৈ গুচি যায় আৰু ১৯২১ চনলৈকে তাতেই থাকে। তাৰ পিছত তেওঁক বিছপেবেৰ্গৰ কাৰ্যসূচীত নামভৰ্তি কৰা হয় যিহেতু তেতিয়া তেওঁৰ বয়স প্ৰায় ২২ বছৰ হৈছিল, যিটো নামভৰ্তিৰ বাবে নূন্যতম বয়স আছিল। ১৯২৪ চনত তেওঁ নিজৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰে।
কৰ্মজীৱন
ব্ৰোৱে অট’ মোলাৰ্ছ বাৰ্থ ক্লিনিকত নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। কিন্তু মুংকৰ উৎসাহত তেওঁ অতি সোনকালেই মৰক্কোত বসবাস কৰা এটা ইংৰাজ পৰিয়ালৰ ব্যক্তিগত নাৰ্ছ হিচাপে কামত যোগদান কৰে। ইয়াৰ পিছত তেওঁ পেৰিছ আৰু পিছলৈ নেদাৰলেণ্ডত ব্যক্তিগত নাৰ্ছ হিচাপে কাম কৰে। ১৯৩০ চনত তেওঁ নিউয়ৰ্ক চ চহৰৰ ইষ্ট হাৰলেম নাৰ্ছিং এণ্ড হেলথ চাৰ্ভিচ আৰু প্ৰেচবিটেৰিয়ান হাস্পতালত অধ্যয়ন আৰু কাম কৰে। অৱশ্যে অসুস্থ পিতৃৰ যত্ন ল’বলৈ তেওঁ ডেনমাৰ্কলৈ উভতি আহিবলগীয়া হয়। তেওঁ অতি কম সময়ৰ বাবে হাল্ড চেনেটৰিয়ামৰ মুৰব্বী হয় আৰু তাৰ পিছত ক'পেনহেগেনৰ চেণ্ট্ৰেল টিউবাৰকুলোচিছ চেণ্টাৰত কাম আৰম্ভ কৰে। ১৯৩৩ চনত ব্ৰো চুইণ্ডবী হাস্পতালৰ হেড নাৰ্ছ হয় আৰু ১৯৩৮ চনলৈকে তাতেই সেৱা আগবঢ়ায়। এই সময়ছোৱাত তেওঁ শিশু মৃত্যুৰ হাৰ হ্ৰাস কৰাত সহায়ক হোৱাকৈ নাৰ্ছসকলৰ বাবে এটা নিৰন্তৰ শিক্ষাৰ পাঠ্যক্ৰম প্ৰস্তুত কৰিছিল। এই কাৰ্যই যথেষ্ট প্ৰভাৱ পেলাইছিল আৰু ইয়াৰ বাবেই তেওঁ ছুটী লৈ ১৯৩৬-১৯৩৭ চনত নিউয়ৰ্ক চহৰৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ টিচাৰ্ছ কলেজত নাৰ্ছিং সংগঠন আৰু প্ৰশাসনৰ বিষয়ে অধ্যয়ন কৰাৰ সুযোগ পায়। এই পাঠ্যক্ৰমৰ ফলত ১৯৩৭ চনত ৰোগ আৰু মৃত্যু নিয়ন্ত্ৰণ আইন শীৰ্ষক এক আইনো গৃহীত হয়।
একে সময়তে ব্ৰো ডেনিছ নাৰ্ছ সংগঠনৰ সৈতে জড়িত হৈ পৰে। ১৯৩৪ চনৰ পৰা ১৯৫০ চনৰ ভিতৰত তেওঁ অতিৰিক্ত প্ৰশিক্ষণ সমিতি আৰু ভৱন সমিতিকে ধৰি বিভিন্ন সমিতিত কাম কৰিছিল। ১৯৩৮ চনৰ পৰা তেওঁ সংগঠনটোৰ শিক্ষণ সমিতিত কাম কৰে আৰু ১৯৪৩ চনৰ পৰা ১৯৪৬ চনলৈকে ইয়াৰ অধ্যক্ষ আছিল। এই সমিতিৰ কাম আছিল নাৰ্ছিং ছাত্ৰ-ছাত্ৰীৰ বাবে নূন্যতম পাঠ্যক্ৰম আৰু মৌলিক শিক্ষাগত অৰ্হতাৰ প্ৰস্তাৱ আগবঢ়োৱা। ১৯৩৮ চনত নিউয়ৰ্কৰ পৰা উভতি অহাৰ পিছত ব্ৰোক আৰ্হাছ বিশ্ববিদ্যালয়ত নাৰ্ছ আৰু জ্যেষ্ঠ নাৰ্ছসকলক প্ৰশিক্ষণ দিয়াৰ নতুন কাৰ্যসূচীৰ প্ৰশিক্ষণ পৰিচালক হিচাপে নিযুক্তি দিয়া হয়। তেওঁ ১৯৪০ চনত ডেনিছ ফ্লৰেন্স নাইটিংগেল সমিতি আৰু নৰ্ডিক দেশসমূহৰ নাৰ্ছ সমবায়ত যোগদান কৰে আৰু নাৰ্ছিং মানদণ্ড বিকাশৰ বাবে আন্তৰ্জাতিক সহযোগিতা বিচাৰিছিল। ১৯৪৫ চনৰ এপ্ৰিল আৰু মে’ মাহৰ ভিতৰত ব্ৰোৱে ডেনিছ ৰেড ক্ৰছে স্থাপন কৰা পাডবোৰ্গ কোৱাৰেণ্টাইন ষ্টেচনত কাম কৰিছিল। এই উদ্ধাৰ অভিযান আছিল জাৰ্মানীৰ কনচেণ্ট্ৰেশ্যন কেম্পৰ পৰা অসুস্থ বন্দীসকলক ডেনমাৰ্কলৈ লৈ অহা। বন্দীসকলক কোৱাৰেণ্টাইন ষ্টেচনত স্নান কৰোৱা, আহাৰ দিয়া আৰু প্ৰাথমিক চিকিৎসা সেৱা আগবঢ়োৱা হৈছিল। এৰাতি পৰীক্ষণৰ অন্তত সকলো লোকক চুইডেনলৈ পঠিয়াই দিয়া হৈছিল আৰু জাৰ্মানীৰ আত্মসমৰ্পণলৈকে তাতেই তেওঁলোকৰ যত্ন লোৱা হৈছিল। ১৯৪৭ চনত ব্ৰোৱে আন্তৰ্জাতিক নাৰ্ছ পৰিষদত যোগদান কৰে আৰু বিদেশত অধ্যয়নৰ বাবে ছুটী লয়।
১৯৫১ চনত ব্ৰোক লণ্ডনৰ ফ্লৰেন্স নাইটিংগেল ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ অধীনত আন্তৰ্জাতিক নাৰ্ছ পৰিষদৰ শিক্ষা বিভাগৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়। তেওঁৰ নিৰ্দেশনাত ফাউণ্ডেশ্যনে বিভিন্ন স্তৰৰ নাৰ্ছিং শিক্ষাৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰিছিল। তেওঁ বহুতো দেশ ভ্ৰমণ কৰিছিল আৰু নাৰ্ছসকলৰ প্ৰশিক্ষণ উন্নত কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। তেওঁৰ ভ্ৰমণৰ সূচীত অষ্ট্ৰেলিয়া, ভাৰত, জৰ্ডান, লেবানন, ম্যানমাৰ, নিউজিলেণ্ড, পাকিস্তান আৰু কেইবাখনো ইউৰোপীয় দেশ আছিল। তেওঁ ১৯৫৬ চনত ফ্ৰান্সত আৰু ১৯৬০ চনত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত নাৰ্ছিং গৱেষণা সম্পৰ্কীয় দুখন আন্তৰ্জাতিক সন্মিলনৰ পৰিকল্পনা আৰু নেতৃত্ব দিছিল। বিশেষকৈ উন্নয়নশীল দেশসমূহৰ নাৰ্ছিং প্ৰশিক্ষণ আৰু শিক্ষা উন্নত কৰাই আছিল তেওঁৰ কামৰ মূল লক্ষ্য। ১৯৬১ চনত তেওঁক ফ্লৰেন্স নাইটিংগেল পদক প্ৰদান কৰি সন্মানিত কৰা হয়।
১৯৬২ চনত ব্ৰোৱে আন্তৰ্জাতিক নাৰ্ছ পৰিষদৰ পৰা পদত্যাগ কৰে আৰু বিশ্ৰামৰ বাবে ডেনমাৰ্কলৈ উভতি আহে। ১৯৬৩ চনৰ পৰা তেওঁ ডেনিছ ৰেড ক্ৰছৰ নাৰ্ছিং উপদেষ্টা হয় আৰু জাইৰত নিৰ্মাণ হৈ থকা ডেনিছ হাস্পতালৰ বাবে কৰ্মচাৰী নিযুক্তিৰ প্ৰচেষ্টাৰ নেতৃত্ব দিয়ে। ১৯৭১ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে আৰু সংগঠনটোৰ পৰা 'প্ৰ' হিউমেনিটেট' পদক লাভ কৰে। অৱসৰৰ সময়ছোৱাত ব্ৰোৱে নাৰ্ছসকলৰ জ্যেষ্ঠ সংস্থা গঠনত সহায় কৰিছিল।
উত্তৰাধিকাৰ আৰু মৃত্যু
১৯৯৪ চনৰ ১ ছেপ্টেম্বৰত ক'পেনহেগেনৰ লিঅ’বাচষ্ট্ৰেনেছ নাৰ্ছিং হোমত ব্ৰোৰ মৃত্যু হয়। নাৰ্ছিং শিক্ষা আৰু গৱেষণাৰ ওপৰত ডেনিছ আৰু আন্তৰ্জাতিক পত্ৰিকাসমূহত বৃহৎ সংখ্যক প্ৰবন্ধ প্ৰকাশ কৰাৰ উপৰিও ব্ৰোৱে নাৰ্ছিঙৰ ইতিহাস আৰু ইয়াৰ বিকাশৰ ওপৰত এখন পাঠ্যপুথি লিখিছিল।
প্ৰকাশন
বিভিন্ন আলোচনী আৰু অন্যান্য গৱেষণামূলক কৰ্মত আগবঢ়োৱা অগণন অৱদানৰ উপৰিও ব্ৰোৱে দুখন কিতাপ প্ৰকাশ কৰিছিল:
- মেডিচিনেন্স হিষ্ট'ৰি, ১৯৫৮
- চিগাপ্লেজেন্স হিষ্ট'ৰি অগ ফৰ্টচেট উডভিকলিং, ১৯৬০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলেন জোহানে ব্ৰো” প্ৰবন্ধৰ সংশোধন ৫৮৭৯৬২ (১৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।