ক্ৰিষ্টিয়ান এলিজাবেথ ৰেইমেন (ইংৰাজী ভাষা: Christiane Elisabeth Reimann; ৬ মে’ ১৮৮৮ – ১২ এপ্ৰিল ১৯৭৯) এগৰাকী ডেনিছ নাৰ্ছ আছিল। নাৰ্ছিং বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা তেওঁ আছিল ডেনমাৰ্কৰ প্ৰথমগৰাকী নাৰ্ছ। তেওঁ আন্তৰ্জাতিক নাৰ্ছ পৰিষদৰ (ICN) প্ৰথম দৰমহা প্ৰাপ্ত সচিব আছিল। তেওঁৰ সন্মানত নাৰ্ছিং ক্ষেত্ৰৰ আটাইতকৈ মৰ্যাদাপূৰ্ণ বঁটা 'ক্ৰিষ্টিয়ান ৰেইমেন বঁটা' প্ৰৱৰ্তন কৰা হৈছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৮৮৮ চনৰ ৬ মে’ত ক'পেনহেগেনত ষ্টকব্ৰোকাৰ কাৰ্ল ৰেইমেন আৰু মাৰ্গিট মাইষ্টাৰলিনৰ ঘৰত ৰেইমেনৰ জন্ম হৈছিল।১ ২৫ বছৰ বয়সত পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে গৈ তেওঁ ক'পেনহেগেনৰ বিছপেবেৰ্গ হাস্পতালত নাৰ্ছিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। ১৯১৬ চনত তিনিবছৰীয়া প্ৰশিক্ষণ সমাপ্ত কৰি ৰেইমেনে নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত শিক্ষকতাৰ প্ৰশিক্ষণ লয় আৰু ১৯২১ চনত স্নাতক (BS) তথা ১৯২৫ চনত স্নাতকোত্তৰ (MA) ডিগ্ৰী লাভ কৰে।১২
নাৰ্ছিং কৰ্মজীৱন
১৯২২ চনত ৰেইমেন আন্তৰ্জাতিক নাৰ্ছ পৰিষদৰ সচিব হিচাপে নিৰ্বাচিত হয়। প্ৰথম অৱস্থাত এই পদটো অবৈতনিক আছিল যদিও ১৯২৫ চনত তেওঁ পুনৰ নিৰ্বাচিত হোৱাৰ পিছত তেওঁক কাৰ্যবাহী সচিবৰ খিতাপ দিয়া হয় আৰু তেওঁ পৰিষদৰ প্ৰথম দৰমহা প্ৰাপ্ত সচিব হিচাপে পৰিগণিত হয়।১২
ৰেইমেনে আন্তৰ্জাতিক নাৰ্ছ পৰিষদক নাৰ্ছসকলৰ এক স্বীকৃত আন্তৰ্জাতিক কণ্ঠস্বৰ হিচাপে গঢ়ি তুলিবলৈ সংকল্পবদ্ধ আছিল। তেওঁ চৰকাৰ আৰু স্বাস্থ্য কৰ্তৃপক্ষৰ বাবে নাৰ্ছিং পৰামৰ্শদাতা সেৱা স্থাপন কৰিছিল আৰু অন্যান্য প্ৰাসংগিক আন্তৰ্জাতিক সংস্থাসমূহৰ সৈতে অংশীদাৰিত্ব গঢ়ি তুলিছিল। নিজাকৈ চহকী হোৱাৰ বাবে ৰেইমেনে পৰিষদৰ সদস্যসকলক লগ ধৰিবলৈ সমগ্ৰ ইউৰোপ ভ্ৰমণ কৰিছিল। তেওঁ নিজৰ খৰচত পৰিষদৰ মুখপত্ৰ 'দ্য বুলেটিন' (পিছলৈ 'ইণ্টাৰনেচনেল নাৰ্ছিং ৰিভিউ') আৰম্ভ কৰিছিল।১২
স্বাস্থ্যৰ অৱনতি আৰু পৰিষদৰ অন্য সদস্যসকলৰ সৈতে হোৱা মতভেদৰ বাবে ৰেইমেনে ১৯৩৪ চনত পদত্যাগ কৰে। সেই বছৰতে তেওঁ উইলহেম এফ চি অল্টাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ৰেইমেনে চিলিৰ ছিৰাকুজত এটা সম্পত্তি কিনিছিল। তেওঁ 'ক্ৰিষ্টিয়ান ৰেইমেন বঁটা' নামৰ এটি বঁটা প্ৰৱৰ্তন কৰে যিটো ১৯৮৫ চনত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হৈছিল। তেওঁৰ উদ্দেশ্য আছিল এই বঁটাক 'নাৰ্ছিং ক্ষেত্ৰৰ নোবেল বঁটা' হিচাপে গঢ়ি তোলা।১
১৯৭৯ চনৰ ১২ এপ্ৰিলত ছিৰাকুজত ৰেইমেনৰ মৃত্যু হয়।১
ৰেইমেন বঁটা
নাৰ্ছিং ক্ষেত্ৰৰ আটাইতকৈ মৰ্যাদাপূৰ্ণ বঁটা 'ক্ৰিষ্টিয়ান ৰেইমেন বঁটা' তেওঁৰ সন্মানত প্ৰতিষ্ঠা কৰা হৈছিল। এই বঁটা লাভ কৰা একাংশ ব্যক্তি হ’ল:৩
- ১৯৮৫: ভাৰ্জিনিয়া হেণ্ডাৰচন, আমেৰিকা যুক্তৰাষ্ট্ৰ
- ১৯৮৯: ডেম নীতা বেৰো, বাৰ্বাডোজ
- ১৯৯৩: ডেম শ্বিলা কুইন, যুক্তৰাজ্য
- ১৯৯৭: ড° মো-ইম কিম কোৰ আৰু ড° হিল্ডেগাৰ্ড পেপলাউ, আমেৰিকা যুক্তৰাষ্ট্ৰ
- ২০০৫: ড° মাৰ্গেট্ৰা ষ্টাইলচ, আমেৰিকা যুক্তৰাষ্ট্ৰ
- ২০০৯: ড° মেক্সিমো এ গুণজালেজ জুৰাডো, স্পেইন
- ২০১৩: কিৰ্ষ্টেন ষ্টলকনেক্ট, ডেনমাৰ্ক
- ২০১৭: ড° শ্বিলা লু, বষ্টৱানা আৰু ড° লিণ্ডা আইকেন, আমেৰিকা যুক্তৰাষ্ট্ৰ
- ২০২১: ড° চেউয়ান লী, টাইৱান নাৰ্ছ এছ’চিয়েশ্যন
তথ্যসূত্ৰ
- ↑ Bynum. (2007). Dictionary of medical biography. vol. 4: M - R. Greenwood Press. পৃ. 1066 and 843. ISBN 978-0-313-32881-7
- ↑ Malchau, Susanne. Christiane Reimann (1888-1979). kvinfo
- ↑ Christiane Reimann Prize. International Council of Nurses
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ৰিষ্টিয়ান এলিজাবেথ ৰেইমেন” প্ৰবন্ধৰ সংশোধন ৫৮৮০০২ (১৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।