লুডৱিগ ভেন বীথোভেন (, উচ্চাৰণ: লুটৱিস ফান বিটহ'ফন, ১৭ ডিচেম্বৰ ১৭৭০ত বাপ্টাইজড১-২৬ মাৰ্চ ১৮২৭) এগৰাকী জাৰ্মান সুৰকাৰ। পাশ্চাত্য সংগীতৰ শাস্ত্ৰীয় যুগৰ পৰা ৰোমাণ্টিক যুগলৈ পৰিৱৰ্তনৰ কালচোৱাৰ এইগৰাকী সুৰকাৰ বিশ্বৰ অতিকৈ বিখ্যাত আৰু প্ৰভাৱশালী সংগীতজ্ঞৰ অন্যতম। ৯টা চিম্ফণি, ৫টা পিয়ান' কন্সাৰ্ট', ১টা ৱায়'লিন কন্সাৰ্ট', ৩২টা পিয়ান' চ'নাটা, ১৬টা ষ্ট্ৰিং কোৱাৰ্টেট আৰু তেখেতৰ বিখ্যাত মাছ মিছা চ'লেম্নিছ আৰু ফেডেলিঅ' অ'পেৰা তেওঁৰ আটাইতকৈ জনপ্ৰিয় সুৰৰ অন্যতম।
জীৱন

বিটহ'ফন ' ডাচি অৱ ব্ৰাবাণ্ট 'ৰ সংগীতজ্ঞ লুটৱিস ফান বিটহ'ফনৰ পৌত্ৰ। ককাক লুটৱিস পাছলৈ বন নামৰ ঠাইলৈ গ'ল।২ বনতে বিটহ'ফনৰ জন্ম হ'ল। য'দিও লুটৱিসৰ জন্মৰ তৰিখৰ কোনো অনুষ্ঠানিক প্ৰমাণ নাই, এই কথা জনা যায় যে তেওঁক ১৭ ডিচেম্বৰ ১৭৭০ত বাপ্টাইজ কৰা হৈছিল। আৰু যিহেতু সেই সময়ত জন্মৰ পাছদিনাই শিশুক বাপ্টাইজ কৰা হৈছিল, তেওঁৰ গুৰুৱে তেওঁৰ জন্মদিন ১৬ ডিচেম্বৰত পালন কৰিছিল।৩
তথ্যসূত্ৰ
- ↑ Beethoven was baptised on 17 December. His date of birth was often given as 16 December and his family and associates celebrated his birthday on that date, and most scholars accept that he was born on 16 December; however there is no documentary record of his birth
- ↑ Grove Online, section 1
- ↑ Thayer 1921, p. 53
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুটৱিস ফান বিটহ'ফন” প্ৰবন্ধৰ সংশোধন ৩৯৭৮৮১ (১৬ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।