অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

লিপষ্টিক লেচবিয়ান

লিপষ্টিক লেচবিয়ান (ইংৰাজী: Lipstick lesbian) হ’ল এনে এগৰাকী লেচবিয়ানক বুজাবলৈ ব্যৱহাৰ কৰা এক শ্লেং বা কথিত শব্দ, যিয়ে প্ৰচুৰ পৰিমাণে নাৰীসুলভ বৈশিষ্ট্য প্ৰদৰ্শন কৰে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৭৬ শব্দ · ৩ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

লিপষ্টিক লেচবিয়ান (ইংৰাজী ভাষা: Lipstick lesbian) হ’ল এনে এগৰাকী লেচবিয়ানক বুজাবলৈ ব্যৱহাৰ কৰা এক শ্লেং বা কথিত শব্দ, যিয়ে প্ৰচুৰ পৰিমাণে নাৰীসুলভ বৈশিষ্ট্য প্ৰদৰ্শন কৰে। ইয়াৰ ভিতৰত প্ৰসাধন সামগ্ৰী (make-up) ব্যৱহাৰ কৰা, ফ্ৰক বা স্কাৰ্ট পিন্ধা আৰু নাৰীসুলভ মহিলাৰ সৈতে জড়িত অন্যান্য বৈশিষ্ট্যসমূহ অন্তৰ্ভুক্ত।১ জনপ্ৰিয় ব্যৱহাৰত এই শব্দটো উভকামী মহিলাসকলৰ নাৰীসুলভ লিংগ প্ৰকাশক বুজাবলৈও ব্যৱহাৰ কৰা হয়।১ ইয়াৰ উপৰিও নাৰীসুলভ মহিলাসকলৰ মাজত হোৱা যৌন কাৰ্যকলাপৰ বিস্তৃত বিষয়টোক বুজাবলৈও এই শব্দটোৰ প্ৰয়োগ ঘটে।২

'লিপষ্টিক লেচবিয়ান'ৰ এটা বিকল্প শব্দ হ’ল 'ডইলী ডাইক' (doily dyke)।৩

সংজ্ঞা আৰু সমাজ

'লিপষ্টিক লেচবিয়ান' শব্দটো চান ফ্ৰান্সিস্কোত অতি কমেও ১৯৮০-ৰ দশকৰ পৰাই ব্যৱহৃত হৈ আহিছে। ১৯৮২ চনত গে' বাতৰি কাকত 'চেনটিনেল'ৰ সাংবাদিক প্ৰিচিলা ৰোডছে "লেচবিয়ানছ ফৰ লিপষ্টিক" নামৰ এক বিশেষ প্ৰতিবেদন লিখিছিল।৪

১৯৯০ চনত 'আউটউইক' নামৰ গে' বাতৰি কাকতখনে 'লেচবিয়ান লেডিজ ছচাইটি' নামৰ ৱাশ্বিংটন ডি.চি. ভিত্তিক এক সামাজিক গোটৰ বিষয়ে বাতৰি পৰিৱেশন কৰিছিল। এইটো "নাৰীসুলভ লেচবিয়ান"সকলৰ এটা গোট আছিল য'ত মহিলাসকলে তেওঁলোকৰ অনুষ্ঠানত ফ্ৰক বা স্কাৰ্ট পিন্ধাটো বাধ্যতামূলক আছিল।৫

'লিপষ্টিক লেচবিয়ান' শব্দটো 'লছ এঞ্জেলছ টাইমছ'ৰ সাংবাদিক ডেবোৰা বাৰ্গমেনে ব্যৱহাৰ কৰাৰ পিছত অধিক জনপ্ৰিয় হৈ পৰে।৬

কিছুমান লেখকে মন্তব্য কৰিছে যে 'লিপষ্টিক লেচবিয়ান' শব্দটো প্ৰায়ে নাৰীসুলভ উভকামী মহিলা বা সেইসকল বিষমকামী মহিলাক বুজাবলৈ বহুলভাৱে ব্যৱহাৰ কৰা হয় যিসকলে পুৰুষক আকৰ্ষিত কৰিবলৈ আন মহিলাৰ প্ৰতি সাময়িকভাৱে ৰোমাণ্টিক বা যৌন আগ্ৰহ প্ৰদৰ্শন কৰে। উদাহৰণস্বৰূপে, জডী ব্ৰায়ানৰ মতে লিপষ্টিক লেচবিয়ানৰ এক সাধাৰণ চিত্ৰণত এনে আকৰ্ষণীয় মহিলাসকল অন্তৰ্ভুক্ত থাকে যিসকলে পৰস্পৰক কামনা কৰে, কিন্তু তেওঁলোকৰ এই ইচ্ছা কেৱল পুৰুষ দৰ্শকৰ বাবে এক প্ৰদৰ্শন বা পুৰুষৰ সৈতে যৌন সম্পৰ্কৰ পূৰ্বসূৰীহে।২ আনহাতে, 'ইণ্টাৰচেকচনেলিটী, চেক্সুৱেলিটী এণ্ড চাইক’লজিকেল থেৰাপীজ' (২০১২) গ্ৰন্থত লিপষ্টিক লেচবিয়ানক এগৰাকী লেচবিয়ান বা উভকামী মহিলা হিচাপে সংজ্ঞা দিয়া হৈছে যিয়ে প্ৰসাধন, সাজ-পাৰ আৰু ওখ হিলৰ জোতা পিন্ধাৰ দৰে 'নাৰীসুলভ' বৈশিষ্ট্য প্ৰদৰ্শন কৰে।

কিছুমান লিপষ্টিক লেচবিয়ানে কয় যে তেওঁলোকে আৰোপিত নাৰীত্বৰ পৰিৱৰ্তে নিজৰ ইচ্ছানুসৰি নাৰীত্বক উপস্থাপন কৰিবলৈ বাছি লয়। তেওঁলোকৰ মতে ই সমাজৰ বাধ্যতামূলত নাৰীত্বৰ ধাৰণাটোক প্ৰত্যাহ্বান জনায়। তেওঁলোকে প্ৰায়ে সাধাৰণ নাৰীসুলভ শৈলীত কিছু সালসলনি ঘটাই ইয়াক কম বিষমকামী-আদৰ্শবাদী (less heteronormative) কৰি তোলে; যেনে চুটি স্কাৰ্টৰ সৈতে 'ডক্টৰ মাৰ্টিনছ' জোতা পিন্ধা।৭

সংবাদ মাধ্যমত লিপষ্টিক লেচবিয়ানসকলৰ প্ৰাধান্যৰ বিষয়ে ৰোজালিণ্ড গিলে কৈছে যে বিজ্ঞাপনত এই 'আকৰ্ষণীয় লেচবিয়ান'সকলক তেওঁলোকৰ অত্যন্ত ধুনীয়ী আৰু পৰম্পৰাগত নাৰীসুলভ ৰূপৰ বাবে গুৰুত্ব দিয়া হয়। যদিও কিছুমান লেখকে কয় যে লিপষ্টিক লেচবিয়ানৰ অস্তিত্বই বিষমকামী আদৰ্শটোক অস্থিতিশীল কৰে, আন কিছুমানে কয় যে লিপষ্টিক লেচবিয়ানসকল এতিয়াও পুৰুষৰ দৃষ্টি (male gaze)ৰ অধীন আৰু তেওঁলোকৰ নাৰীত্বৰ বাবেহে সমাজত গ্ৰহণযোগ্য হৈ থাকে।

সংবাদ মাধ্যমত

এই শব্দটো ১৯৯০-ৰ দশকত বহুলভাৱে প্ৰচলিত হৈছিল বুলি ধৰা হয়। ১৯৯৭ চনত 'এলেন' (Ellen) নামৰ দূৰদৰ্শন ধাৰাবাহিকখনৰ এটা খণ্ডই এই বাক্যাংশটোক অধিক জনপ্ৰিয় কৰি তোলে। ধাৰাবাহিকখনত এলেন ডিজেেনেৰেছৰ চৰিত্ৰটোক যেতিয়া তেওঁৰ পিতৃ-মাতৃয়ে সোধে যে এগৰাকী নিৰ্দিষ্ট মহিলা 'ডিপষ্টিক লেচবিয়ান' নেকি, তেতিয়া তেওঁ বুজাই দিয়ে যে আচল শব্দটো হ’ল 'লিপষ্টিক লেচবিয়ান' আৰু লগতে ধেমেলীয়াকৈ কয় যে— "মই চাগে এজনী চেপষ্টিক লেছবিয়ান হ’ম।" ১৯৯৯ চনৰ চলচ্চিত্ৰ 'বাট আই এম এ চিয়াৰলিডাৰ'ৰ শেষৰ শ্ৰেয় সূচীত (credits) জুলী ডেল্পীৰ চৰিত্ৰটোক "লিপষ্টিক লেচবিয়ান" হিচাপে চিনাক্ত কৰা হৈছে।৮

পতাকাৰ বিতৰ্ক

লিপষ্টিক লেচবিয়ান পতাকাখন ২০১০ চনত নাটালী মেক্ৰেইয়ে 'দিচ লেচবিয়ান লাইফ' নামৰ ৱেব্লগত প্ৰৱৰ্তন কৰিছিল।৯ ইয়াৰ নক্সাত ৰঙা আৰু গুলপীয়া ৰঙৰ ছয়টা ছাঁ আৰু মাজত এটা বগা দণ্ড থকা সাতটা পথালি আঁচৰ ওপৰত বাওঁফালৰ কোণত এটা ৰঙা চুমাৰ চিহ্ন আছিল।১০ অৱশ্যে এই পতাকাখন সকলোৱে গ্ৰহণ কৰা নাছিল। বহুতো লেচবিয়ানে অভিযোগ কৰিছিল যে ইয়াত 'বাচ্চ' লেচবিয়ানসকলক অন্তৰ্ভুক্ত কৰা হোৱা নাই। আনহাতে একাংশই দাবী কৰিছিল যে মেক্ৰেইয়ে তেওঁৰ ব্লগত উভকামী-বিদ্বেষী, বৰ্ণবাদী আৰু ট্ৰেন্সজেণ্ডাৰ-বিদ্বেষী মন্তব্য কৰিছিল।১১

লিপষ্টিক লেচবিয়ান পতাকাৰ ৰংসমূহ ব্যৱহাৰ কৰিয়েই "গুলপীয়া" লেচবিয়ান পতাকাখন তৈয়াৰ কৰা হৈছিল (চুমাৰ চিহ্নটো বাদ দি)। এই গুলপীয়া পতাকাখন এসময়ত সাধাৰণ লেচবিয়ান প্ৰাইড পতাকা হিচাপে যথেষ্ট ব্যৱহৃত হৈছিল, যদিও শেহতীয়া বছৰবোৰত ইয়াক ২০১৮ চনত সৃষ্টি কৰা "কমলা-গুলপীয়া" পতাকাখনে প্ৰতিষ্ঠাপিত কৰিছে, যিখন অধিক সৰ্বব্যাপী বুলি গণ্য কৰা হয়।১২

তথ্যসূত্ৰ

  1. ↑ (2012). Intersectionality, Sexuality and Psychological Therapies: Working with Lesbian, Gay and Bisexual Diversity. BPS Blackwell. পৃ. 49. ISBN 978-0470975008
  2. ↑ (2009). Encyclopedia of Gender and Society, Volume 1. SAGE Publications. পৃ. 491–493. ISBN 978-1560237020
  3. ↑ Keshia Kola. (16 November 2007). The Shesaurus: America's First Women's Dictionary-Thesaurus
  4. ↑ (2011). The Multimedia Encyclopedia of Women in Today's World. SAGE Publications. পৃ. 549–551. ISBN 978-1412976855
  5. ↑ Lynch, Patsy. (4 April 1990). Lesbian Ladies (or where did all the femmes go?). OutWeek. পৃ. 44
  6. ↑ Faderman, Lillian; Simmons, Stuart. (2006). Gay L.A.: A History of Sexual Outlaws, Power Politics, and Lipstick Lesbians. ISBN 978-0465022885
  7. ↑ Blackman, Inge; Perry, Kathryn. (1990). Skirting the Issue: Lesbian Fashion for the 1990s. Feminist Review. পৃ. 67–78
  8. ↑ Noh, David. (September 2007). But I'm a Cheerleader. Film Journal International
  9. ↑ Mathers, Charlie. (1 January 2018). 18 Pride flags you might not have seen before. Gay Star News
  10. ↑ McCray, Natalie. (July 2010). LLFlag. This Lesbian Life
  11. ↑ Brabaw, Kasandra. (June 20, 2019). A Complete Guide To All The LGBTQ+ Flags & What They Mean. Refinery29
  12. ↑ (18 March 2021). Lesbian flag: The history, origins, meaning and symbolism. Cosmopolitan

সম্পৰ্কিত শ্ৰেণী

এলজিবিটি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিপষ্টিক লেচবিয়ান” প্ৰবন্ধৰ সংশোধন ৬৩০৯৩৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।