লায়াল মুনিৰ আবুদ (ইংৰাজী ভাষা: Layal Abboud; জন্ম ১৫ মে' ১৯৮২) এগৰাকী লেবানিজ পপ গায়িকা, লোকসংগীত শিল্পী, শব্দ-গীতিকবি, নৃত্যশিল্পী, ফিট মডেল আৰু মুছলমান মানৱতাবাদী।১২৩
লেবাননৰ দক্ষিণ প্ৰদেশৰ টায়াৰ জিলাৰ কনিছাহ নামৰ গাঁৱৰ এটা সংগীত পৰিয়ালত জন্মগ্ৰহণ কৰা আবুদ এগৰাকী প্ৰাক্তন আভ্যন্তৰীণ নিৰাপত্তা বাহিনীৰ আৰক্ষী বিষয়া আছিল। তেওঁ লেবানিজ বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্য, বেইৰুত আৰব বিশ্ববিদ্যালয়ত অনুবাদ আৰু আমেৰিকান ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজীত সংগীতৰ অভিব্যক্তিৰ বিষয়ে অধ্যয়ন কৰিছিল। তেওঁ ২০০১ চনৰ পৰা ২০০২ চনলৈ এগৰাকী দক্ষিণ লেবানিজ প্ৰতিযোগী হিচাপে ষ্টুডিঅ' এল-ফান শৃংখলাৰ জৰিয়তে পোনপ্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰিছিল। ২০০৭ চনৰ শেষৰ ফালে মুক্তি পোৱা তেওঁৰ প্ৰথম এলবাম ফি শ্বৌক্-ৰ জৰিয়তে আবুদৰ সংগীত কেৰিয়াৰ বিকশিত হয়।৪ বিভিন্ন আৰবী উপভাষাত গীত গোৱা আবুদ লেবানিজ লোকসংগীতৰ উপস্থাপন আৰু গ্ৰীষ্মকালীন সংগীতানুষ্ঠান তথা ভ্ৰমণৰ বাবে বিখ্যাত।৫ তেওঁ লেবাননৰ পেছাদাৰী শিল্পী সন্থাৰ এগৰাকী গায়িকা সদস্য।৬
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
লায়াল আবুদৰ জন্ম লেবাননৰ টায়াৰ জিলাৰ দক্ষিণৰ গাঁও কনিছাহৰ এটা ডাঙৰ চিয়া মুছলমান পৰিয়ালত হৈছিল। আবুদৰ পিতৃ-মাতৃ মুনিৰ আৰু মৰিয়মৰ মুঠ তিনিজন পুত্ৰ আৰু ছয়গৰাকী কন্যা সন্তান আছিল। সৰুৰে পৰাই আবুদে গীত গাবলৈ আৰু নৃত্য কৰিবলৈ আৰম্ভ কৰিছিল আৰু তেওঁ মিচৰৰ পপ গায়ক আমৰ ডিয়াবৰ এগৰাকী অনুৰাগী আছিল।১৭ তেওঁৰ দেউতাকে তেওঁক উৎসাহিত কৰিছিল আৰু ছয় বছৰ বয়সত তেওঁক এটা বেহেলা কিনি দিছিল।৮ ১৪ বছৰ বয়সৰ পৰাই তেওঁ ১৩ জনতকৈও অধিক ছাত্ৰ-ছাত্ৰীক ঘৰুৱা শিক্ষক হিচাপে পাঠদান কৰিছিল।৯১০১১
আবুদে লেবানিজ বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্য আৰু বেইৰুত আৰব বিশ্ববিদ্যালয়ত অনুবাদ অধ্যয়ন কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১২ ইয়াৰ পিছত তেওঁ লেবানিজ নেচনেল হায়াৰ কনজাৰভেটৰী অৱ মিউজিকত দুবছৰ ধৰি সংগীত অধ্যয়ন কৰে।
আবুদে লেবানিজ আৰক্ষী বাহিনীৰ এজন বিষয়া হিচাপে সেৱা আগবঢ়াইছিল আৰু বেইৰুত-ৰফিক হৰিৰি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰিদৰ্শন বিভাগত দুবছৰ ধৰি নিৰাপত্তাৰ কাম কৰিছিল।১৩১৪
তথ্যসূত্ৰ
- ↑ Layal Abboud. insight-egypt.com. Insight Publishing House Limited, UK
- ↑ Layal Abboud: The unworthy recipient of a cultural award. now.mmedia.me. The NOW team
- ↑ (16 November 2016). ليال عبود – Layal Abboud. موقع السيرة الذاتية للمشاهير www.evobiography.com
- ↑ ليাল عبود layal abboud. asraroki.com/. Asraroki
- ↑ The official lebanese Top 20 – Layal Abboud. The official lebanese Top 20
- ↑ layale abboud. Syndicate of Professional Artists In Lebanon
- ↑ (15 June 2017). Al Kahera Wal Nas. youtube.com. You Tube
- ↑ (15 August 2017). لا أرغب أن يخوض أطفالي تجربة الفن … ليال عبود لـ"الوطن": الأغنية الشعبية السورية متصدرة في سباق الأغاني العربية… ولأنها تستهويني لدي أغنية "مغنج". alwatan.sy
- ↑ ليال عبود:وضع مسدساً في رأسي ولولا العناية الإلهية لما خرجتُ سالمة – ليالينا. ليالينا
- ↑ ليال عبود: كنت في الأمن الداخلي. وطليقي حاول أن يردعني. elfann.com. El-Fann
- ↑ (July 23, 2014). ليال عبود: "نجرحت كتير لأنو قلبي طيب".نيكولا داغر: "حلمي التلفزيون وكل شي بوقتو". Elfann News
- ↑ ليال عبود:"شيفرة تمام بليق كانت شيفرة إما أفتحها على نفسي أو أغلقها". elfann.com. El-Fann
- ↑ "سيدتي نت" تكشف سجلاّت ليال عبود في الشرطة اللبنانية. sayidaty.net. Sayidaty Magazine
- ↑ (June 30, 2012). BAYNETNA / 2012 Layal Abboud. mtv.com.lb. MTV Lebanon
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লায়াল আবুদ” প্ৰবন্ধৰ সংশোধন ৬০৫৪৮৭ (৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।