যাদু বাস্তৱবাদ (Magic realism) হৈছে সাহিত্যিক কল্পকাহিনী আৰু শিল্পৰ এক শৈলী। ই পৃথিৱীৰ বাস্তৱিক দৃষ্টিভংগী চিত্ৰিত কৰাৰ লগতে যাদুকৰী উপাদানসমূহো যোগ কৰে। ই প্ৰায়ে কল্পনা আৰু বাস্তৱৰ মাজৰ ৰেখাডাল অস্পষ্ট কৰি তোলে।১ বোধহয়, যাদুকৰী বাস্তৱবাদে একেবাৰে সৰল ভাষাত সাহিত্যকে বুজায়, য'ত যাদুকৰী বা অতিপ্ৰাকৃতিক পৰিঘটনাসমূহ বাস্তৱ-জগতৰ বা লৌকিক পৰিৱেশত উপস্থাপন কৰা হয়, যিবোৰ সাধাৰণতে উপন্যাস আৰু নাটকীয় অভিনয়ত পোৱা যায়।২ কিছুমানক অন্তৰ্ভুক্ত কৰা সত্ত্বেও এইবোৰ যাদুকৰী উপাদান। ইয়াক সাধাৰণতে কল্পনাৰ পৰা পৃথক ধাৰা বুলি গণ্য কৰা হয়; কাৰণ যাদুকৰী বাস্তৱবাদে যথেষ্ট পৰিমাণৰ বাস্তৱিক বিৱৰণ ব্যৱহাৰ কৰে। লগতে বাস্তৱৰ বিষয়ে এটা কথা ক'বলৈ এক বা একাধিক যাদুকৰী উপাদান ব্যৱহাৰ কৰে, আনহাতে কল্পনা কাহিনীবোৰো প্ৰায়ে বাস্তৱৰ পৰা পৃথক কৰা হয়।৩৪৫৬৭৮৯ যাদুকৰী বাস্তৱবাদক প্ৰায়ে বাস্তৱ আৰু যাদুকৰী উপাদানৰ সংমিশ্ৰণ হিচাপে দেখা যায় যিয়ে সাহিত্যিক বাস্তৱবাদ বা কল্পনাতকৈ অধিক অন্তৰ্ভুক্ত লেখাৰ ৰূপ উৎপন্ন কৰে।৪
যাদু বাস্তৱবাদ শব্দটো সমালোচনাত্মকভাৱে কঠোৰ নহয়। বৰঞ্চ বহলভাৱে বৰ্ণনাত্মক। মেথিউ ষ্ট্ৰেচাৰে (১৯৯৯) ইয়াক সংজ্ঞায়িত কৰিছে এইদৰে, "যেতিয়া অতি বিশদ, বাস্তৱিক পৰিৱেশ এটাক বিশ্বাস কৰিব নোৱাৰাকৈ অতি অদ্ভুত কিবা এটাই সমৃদ্ধ কৰে; তেতিয়া কি হয়!"১০ এই শব্দটো আৰু ইয়াৰ বহল সংজ্ঞা প্ৰায়ে বিভ্ৰান্ত হ’ব পাৰে, কিয়নো বহু লেখকক যাদুকৰী বাস্তৱবাদী হিচাপে শ্ৰেণীভুক্ত কৰা হয়। এই শব্দটো ১৯২০ চনৰ জাৰ্মান আৰু ইটালীয় চিত্ৰশৈলীৰ প্ৰভাৱত পৰিছিল যিবোৰক একে নাম দিয়া হৈছিল।২
আইৰিন গুয়েন্থাৰে (১৯৯৫) এই শব্দটোৰ জাৰ্মান মূলৰ বিষয়ে আলোচনা কৰিছে, আৰু পূৰ্বৰ এটা যাদু বাস্তৱবাদী শিল্পক পৰৱৰ্তী যাদু বাস্তৱবাদী সাহিত্যৰ সৈতে কেনেকৈ জড়িত;-শীৰ্ষক প্ৰশ্নটো উত্থাপন কৰিছে।১১যাদু বাস্তৱবাদক সচৰাচৰ লেটিন-আমেৰিকীয় সাহিত্যৰ লগত সম্পৰ্কিত কৰা হয়। যাদু বাস্তৱবাদৰ প্ৰতিষ্ঠাতাসকলৰ ভিতৰতঃ লেখক গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজ, ইছাবেল এলেণ্ডে, জৰ্জ লুইছ বৰ্গেছ, জুয়ান ৰুলফো, মিগেল এঞ্জেল আষ্টুৰিয়াছ, এলেনা গাৰো, মিৰেয়া ৰ'বেলছ, ৰোমুলো গালেগোছ আৰু আৰ্টুৰো উছলাৰ পিয়েট্ৰি। ইংৰাজী সাহিত্যত ইয়াৰ মুখ্য প্ৰতিনিধিসকলৰ ভিতৰত আছে নীল গেইমেন, ছালমান ৰুছডি, এলিছ হফমেন, নিক জোৱাকিন, নিকোলা বাৰ্কাৰ। বাংলা সাহিত্যত যাদু বাস্তৱবাদৰ বিশিষ্ট সাহিত্যিকসকলৰ ভিতৰত নবাৰুন ভট্টাচাৰ্য, আখতেৰুজ্জামান ইলিয়াছ, শ্বাহিদুল জাহিৰ, জিবাননন্দ দাস আৰু চৈয়দ ৱালিউল্লাহ আদি উল্লেখযোগ্য। জাপানী সাহিত্যত এই ধাৰাটোৰ অন্যতম গুৰুত্বপূৰ্ণ লেখক হ’ল হাৰুকি মুৰাকামি। কন্নড় সাহিত্যত সাহিত্যিক শিৱৰাম কৰণ্থ আৰু দেৱানুৰ মহাদেৱে তেওঁলোকৰ অতি বিশিষ্ট গ্ৰন্থসমূহত যাদুকৰী বাস্তৱবাদৰ সঞ্চাৰ কৰিছে। পোলেণ্ডৰ সাহিত্যত যাদু বাস্তৱবাদক প্ৰতিনিধিত্ব কৰিছে ২০১৮ চনৰ সাহিত্যৰ নোবেল বঁটা বিজয়ী অলগা টোকাৰচুকে।
তথ্যসূত্ৰ
- ↑ What Is Magical Realism? Definition and Examples of Magical Realism in Literature, Plus 7 Magical Realism Novels You Should Read. MasterClass
- ↑ Bowers, Maggie Ann. (2004). Magic(al) Realism. Routledge. ISBN 978-0-415-26854-7
- ↑ Cornés, Eladio. (1992). Dictionary of Mexican Literature. Greenwood Publishing Group. পৃ. books.google.es/books?id=j-K-13qmBSoC&pg=PA3 397
- ↑ Wexler, Joyce. (2002). What Is a Nation? Magic Realism and National Identity in Midnight's Children and Clear Light of Day. The Journal of Commonwealth Literature. পৃ. 137–155
- ↑ Hegerfeldt, Anne C. (2005). Lies that Tell the Truth: Magic Realism Seen Through Contemporary Fiction from Britain. Rodopi. পৃ. books.google.es/books?id=FdrXgdj5TZAC&pg=PA6 6
- ↑ Shultz, Christopher. How Is Magical Realism Different From Fantasy?. Litbreaker
- ↑ Davidson, Lale. (16 May 2018). The Difference Between Magic Realism and Fantasy. Luna Station Quarterly
- ↑ Allmann, Emma. (8 February 2018). What is magical realism?. bookriot.com
- ↑ Evans, Jon. (23 October 2008). Magic realism: Not fantasy. Sorry. tor.com
- ↑ Strecher, Matthew C. 1999. "Magical Realism and the Search for Identity in the Fiction of Murakami Haruki." Journal of Japanese Studies 25(2):263–98. p. 267
- ↑ Guenther, Irene. (1995). Magical Realism: Theory, History, Community. Duke University Press. পৃ. 33–73. ISBN 0-8223-1640-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যাদু বাস্তৱবাদ” প্ৰবন্ধৰ সংশোধন ৬৩১৪১২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।