অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

ম'ষ্ট ৱাণ্টেড ইৰাকী তাচপাত

২০০৩ চনত আমেৰিকাৰ নেতৃত্বত গঠিত মিত্ৰজোঁটে ইৰাক আক্ৰমণ কৰাৰ সময়ত আমেৰিকাৰ প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থাই ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইন চৰকাৰৰ ম'ষ্ট ৱাণ্টেড সদস্যসকলক চিনাক্ত কৰাত সৈন্যবাহিনীক সহায় কৰিবলৈ প্লেয়িং কাৰ্ডছ বা তাচপাতৰ এটা নমুনা প্ৰস্তুত কৰিছিল।

হালনাগাদ: ২২ মে’ ২০২৩ ২৩১ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

২০০৩ চনত আমেৰিকাৰ নেতৃত্বত গঠিত মিত্ৰজোঁটে ইৰাক আক্ৰমণ কৰাৰ সময়ত আমেৰিকাৰ প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থাই ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইন চৰকাৰৰ ম'ষ্ট ৱাণ্টেড সদস্যসকলক চিনাক্ত কৰাত সৈন্যবাহিনীক সহায় কৰিবলৈ প্লেয়িং কাৰ্ডছ বা তাচপাতৰ এটা নমুনা প্ৰস্তুত কৰিছিল। এই তাচপাতত আৰব ছ'চিয়েলিষ্ট বা'থ পাৰ্টিৰ ইৰাকী আঞ্চলিক শাখা বা ৰিভলিউশ্যনেৰী কমাণ্ড কাউন্সিলৰ উচ্চ পদস্থ সদস্য আৰু ছাদ্দাম হুছেইনৰ পৰিয়ালৰ কিছুসংখ্যক সদস্যৰ আলোকচিত্ৰ আছিল। কাৰ্ডসমূহৰ নাম আনুষ্ঠানিকভাৱে "পাৰ্চ'নেলিটী আইডেণ্টিফিকেশ্যন প্লেইং কাৰ্ড" (personality identification playing cards) ৰখা হৈছিল। ২০২১ চনলৈকে ইয়াৰে ৫২জন ম'ষ্ট ৱাণ্টেডৰ ভিতৰত চাৰিজনৰ বাহিৰে বাকী সকলোৰে মৃত্যু হৈছে বা তেওঁলোকক হত্যা নতুবা বন্দী কৰা হৈছে। ইয়াৰে এঘাৰজনক মুকলি কৰি দিয়া হৈছে।

কাৰ্ডসমূহৰ বিষয়ে

প্ৰতিখন কাৰ্ডত ব্যক্তিজনৰ ঠিকনা আৰু সেই ব্যক্তিজনে কৰা কামটোৰ কথা লিখা থাকে। ম'ষ্ট ৱাণ্টেড তালিকাৰ শীৰ্ষত থকা লোকসকলৰ বাবে এক্কা আৰু বাদশ্বাহৰ পৰা আৰম্ভ কৰি সৰ্বোচ্চ ৰেংকিঙৰ কাৰ্ড ব্যৱহাৰ কৰা হৈছিল। 'এছ অৱ স্পেডছ' বা ক'লাপানৰ এক্কা হৈছে ছাদ্দাম হুছেইন, ক্লাব (টেঙেচী) আৰু হাৰ্টৰ (লালপান) এক্কা হৈছে তেওঁৰ পুত্ৰ ক্ৰমে কুছাই আৰু উদয়, আৰু ডায়মণ্ডৰ (বৰফি) এক্কা হৈছে ছাদ্দামৰ ৰাষ্ট্ৰপতিৰ ছেক্ৰেটেৰী আবিদ হামিদ মাহমুদ আল-টিক্ৰিতি।

ডিফেন্স ইনটেলিজেন্স এজেন্সীৰ মুখপাত্ৰ তথা আমেৰিকাৰ নৌসেনাৰ লেফটেনেণ্ট কমাণ্ডাৰ জিম ব্ৰুকছৰ মতে, আমেৰিকাৰ গৃহযুদ্ধৰ সময়ৰে পৰাই আৰু পুনৰ দ্বিতীয় বিশ্বযুদ্ধত এনে তাচপাত ব্যৱহাৰ কৰা হৈছিল। ব্ৰুকছে কয় যে সৈনিকসকলে প্ৰায়ে সময় কটাবলৈ তাচ খেলে, আৰু খেলৰ সময়ত ৱাণ্টেড ইৰাকীসকলৰ নাম, চেহেৰা আৰু পদবী দেখাৰ কথাটোৱে সৈনিক আৰু নৌবাহিনীক সহায় কৰিব।১

অন্যান্য

ডনবাছ যুদ্ধৰ ৰাছিয়ান সমৰ্থক বিচ্ছিন্নতাবাদী নেতাসকলৰ ইউক্ৰেইনীয় ব্যক্তিত্ব চিনাক্তকৰণ তাচপাত ইৰাকৰ আমেৰিকানসকলৰ দ্বাৰা অনুপ্ৰাণিত।
ডনবাছ যুদ্ধৰ ৰাছিয়ান সমৰ্থক বিচ্ছিন্নতাবাদী নেতাসকলৰ ইউক্ৰেইনীয় ব্যক্তিত্ব চিনাক্তকৰণ তাচপাত ইৰাকৰ আমেৰিকানসকলৰ দ্বাৰা অনুপ্ৰাণিত।ছবি: Pryshutova Viktoria · CC BY 3.0

ইয়াৰ উপৰিও দুখন জ'কাৰ কাৰ্ডো আছে: এখনত আৰব জনজাতিৰ উপাধিৰ তালিকা দিয়া হৈছে, আনখনত ইৰাকী সামৰিক পদবীসমূহ তালিকাভুক্ত কৰিছে।২৩৪

তথ্যসূত্ৰ

  1. ↑ Burgess, Lisa. (17 April 2003). Buyers beware: The real Iraq 'most wanted' cards are still awaiting distribution. Stars and Stripes
  2. ↑ (2003-03-25). A NATION AT WAR: THE IRAQI CAPITAL; HUSSEIN RALLIES IRAQI DEFENDERS TO HOLD CAPITAL. The New York Times. পৃ. 2
  3. ↑ (2 September 2010). أبرز وجوه النظام العراقي السابق: أين هم الآن؟. BBC
  4. ↑ Mohammed, Riyadh, "Hussein Backer Set Free in Iraq", Los Angeles Times, 5 August 2010, p. 10

সম্পৰ্কিত শ্ৰেণী

যুদ্ধ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ম'ষ্ট ৱাণ্টেড ইৰাকী তাচপাত” প্ৰবন্ধৰ সংশোধন ৩৬৬৭৯৯ (২২ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।