অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

মিল্‌ৱাকী প্ৰ'ট'কল

মিল্‌ৱাকী প্ৰ'ট'কল (Milwaukee protocol) মানুহৰ জলাতংক ৰোগৰ বাবে কৰা এক পৰীক্ষামূলক চিকিৎসা পদ্ধতি। এই পদ্ধতিত ৰোগীক কৃত্ৰিম অচেতনতা (induced coma) অৱস্থালৈ লৈ যোৱা হয় আৰু এণ্টিভাইৰেল ঔষধ প্ৰযোগ কৰা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪১৪ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মিল্‌ৱাকী প্ৰ'ট'কল (Milwaukee protocol) মানুহৰ জলাতংক ৰোগৰ বাবে কৰা এক পৰীক্ষামূলক চিকিৎসা পদ্ধতি। এই পদ্ধতিত ৰোগীক কৃত্ৰিম অচেতনতা (induced coma) অৱস্থালৈ লৈ যোৱা হয় আৰু এণ্টিভাইৰেল ঔষধ প্ৰযোগ কৰা হয়। প্ৰথমে জিনা গিজি (Jeanna Giese) নামৰ ৰোগীগৰাকীক সুষ্ঠ কৰি তোলা ৰডনী ৱিল'বি, কনিষ্ঠই (Rodney Willoughby, Jr.) এই পদ্ধতিৰ বিকাশ আৰু নামকৰণ কৰিছিল।১

ৱিছ্‌কন্সিনৰ বাসিন্দা গিজি নামৰ যুৱতীগৰাকীয়েই আছিল জলাতংক প্ৰতিষেধক ব্যৱহাৰ নকৰাকৈ জলাতংকৰ পৰা আৰোগ্য লাভ কৰা প্ৰথম ৰোগী।২ মিল্‌ৱাকী প্ৰ'ট'কলক সেইবাবে ৱিছ্‌কন্সিন প্ৰ'ট'কল বুলিও কোৱা হয়।৩৪

ৰোগ্নাৱস্থাৰ ইতিহাস

প্ৰাৰম্ভিক সংক্ৰমণ

২০০৪ চনৰ ১২ ছেপ্টেম্বৰত৫ ছেইণ্ট মেৰী স্প্ৰিংছ হাইস্কুলৰ ১৫ বছৰীয়া ছাত্ৰী জিনা গিজিয়ে তেওঁৰ চহৰ ৱিন্‌কন্সিনৰ গীৰ্জাৰ পৰা আহোঁতে এটা বাদুলী ধৰে।৬ তেওঁ বাঁওহাতৰ তৰ্জনী আঙুলিত কামোৰৰ আঘাত প্ৰত্যক্ষ কৰে। আঘাতৰ ঠাই হাইড্ৰ'জেন পেৰ'ক্সাইষেৰে ধোৱাৰ পাছত তেওঁৰ পৰিয়ালে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পৰা বিৰত থাকিল।১৬ কামোৰৰ সাতত্ৰিছ দিনৰ পাছত গিজিৰ স্নায়ৱিক লক্ষণ (neurological symptom) দেখা পোৱা গ'ল। ১০২ °F (৩৯ °C) জ্বৰ, দ্বি-দৃষ্টি (double vision), অসংলগ্ন কথা আৰু বাঁও বাহুৰ সঞ্চালনে হোৱা অৱস্থাত জিনাক ছেইণ্ট এগ্‌নেছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।৬

তেওঁ চিকিৎসাত ভাল ফল পোৱা নাছিল আৰু আন ৰোগৰ বাবে কৰা পৰীক্ষাও ঋণাত্মক আছিল। অৱস্থা বেয়াৰ ফালে ঢাল খাওঁতে গিজিয়ে এমাহমান আগতে কামোৰ খোৱাৰ কথা মাকক সোঁৱৰাই দিলে। তেতিয়া তেওঁৰ ৰোগ জলাতংক বুলি নিৰূপণ কৰি ৱিন্‌কন্সিনৰ শিশু চিকিৎসালয়ৰ ৱিল'বিৰ ওচৰলৈ পঠিয়াই দিয়া হ'ল। পাছত Centers for Disease Control and Prevention-ত পৰীক্ষা কৰি এই ৰোগ নিশ্চিত কৰা হয়।৭৮

কৃত্ৰিম অচেতনতা চিকিৎসা

ৰেবিজৰ এটা তত্ত্ব অনুসৰি ৰেবিজৰ ৰোগীৰ মৃত্যু মগজুৰ অস্থায়ী অকামিলা অৱস্থাই কৰে, ৰোগত মগজুৰ স্থায়ী ক্ষতি নহয়।৯ এই তথ্য ব্যৱহাৰ কৰি ৱিল'বিৰ দলে জলাতংকৰ এটা পৰীক্ষামূলক চিকিৎসা পদ্ধতি বিকাশ কৰিলে।৬ গিজিৰ কাম-দেউতাকে এই চিকিৎসাত সন্মতি প্ৰকাশ কৰে।৬

ৱিল'বিৰ উদ্দেশ্য আছিল গিজিক মস্তিষ্কৰ কমাবলৈ কৃত্ৰিম অচেতনাত ৰখা যাতে তেওঁৰ নিজা প্ৰতিৰক্ষা তন্ত্ৰই ভাইৰাছ বিৰোধী প্ৰতিদেহ (antibody) উৎপন্ন কৰে। গিজিক কেটামিন আৰু মিডাজ'লামৰ এটা মিশ্ৰণ দি সুপ্ত অৱস্থালৈ নি এণ্টিভাইৰেল ঔষধ ৰিবাভিৰিন আৰু এমেণ্টাডিন প্ৰযোগ কৰা হয়।৬ প্ৰতিৰক্ষা তন্ত্ৰৰ অগ্ৰগতি প্ৰত্যক্ষ হওঁতে ছদিনৰ পাছত গিজিক সুপ্তাৱস্থাৰ পৰা মুকলি কৰা হয়।

সংক্ৰমণৰ পাছত

৩১ দিন চিকিৎসালয়ত থকাৰ পাছত গিজিক ভাইৰাছ মুক্ত ঘোষণা কৰি অকলশৰীয়া অৱস্থাৰ পৰা আঁতৰোৱা হয়। তেওঁৰ মগজুৰ হ'ব পৰা ক্ষতি সম্পৰ্কে আশংকা কৰা হৈছিল। কিন্তু অলপ ক্ষতি সাধন হ'লেও ৰোগ আৰু চিকিৎসাই তেওঁৰ বোধ ক্ষমতা অটুট ৰাখিলে। কেইবাসপ্তাহো পুনৰ্বাসন চিকিৎসা লাভ কৰাৰ পাছত ২০০৫ চনৰ ১ জানুৱাৰীত গিজিক ঘৰলৈ যাবলৈ দিয়া হয়।১০ ২০০৫ চনৰ আৰম্ভণিত তেওঁ নিজে খোজ কাঢ়িব পৰা হ'ল আৰু বিদ্যালয়লৈ ওভতাৰ লগতে গাড়ী চলোৱাৰ শিক্ষাও আৰম্ভ কৰিলে।১১

মেয়' ক্লিনিকৰ নিউৰ'ল'জিষ্ট কেনেথ মেকে গিজিৰ অৱস্থা এইদৰে বৰ্ণনা কৰে: "তেওঁ খুব সুন্দৰভাৱে আৰোগ্য লাভ কৰিছে আৰু অৱস্থা অধিক উন্নত হ'ব।" ১১ গিজিয়ে ২০১১ চনত লে'কলেণ্ড কলেজৰ পৰা জীৱবিদ্যাৰ গ্ৰেজুৱেছন সম্পূৰ্ণ কৰে। গিজিয়ে বাদুলীত হোৱা গুৰুতৰ ৰোগৰ এখন গৱেষণাপত্ৰ লিখি উলিয়ায় আৰু জীৱবিজ্ঞানী বা পশুচিকিৎসক হিচাপে জীৱ-জন্তুৰ লগত জড়িত থকাৰ আশা প্ৰকাশ কৰে। বিদ্যালয়ত তেওঁ এগৰাকী এথ্‌লীট আছিল, কিন্তু ৰেবিজৰ পৰা হোৱা কিছু স্নাৱৱিক দুৰ্বলতাৰ বাবে তেওঁ দৌৰা আৰু সমতা ৰক্ষাত কিছু অসুবিধাত ভোগে।১২

আৰোগ্যৰ তত্ত্ব

মিল্‌ৱাকী প্ৰ'ট'কলৰ মাজেৰে গিজিৰ আৰোগ্য লাভৰ কাৰণ বিতৰ্কৰ আৱৰ্তত। চিকিৎসাৰ পদ্ধতিয়ে বিচৰামতেই কাম কৰা সত্ত্বেও তেওঁ চিকিৎসকসকলে মত প্ৰকাশ কৰে যে গিজি সম্ভৱতঃ ভাইৰাছবিধৰ এটা দুৰ্বল প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হৈছিল,৬ বা কামোৰৰ ঠাই মগজুৰ পৰা আঁতৰত হোৱা বাবে তেওঁৰ প্ৰতিৰক্ষা তন্ত্ৰই ভাইৰাছৰ লগত যুঁজিবৰ বাবে যথেষ্ট সময় পাইছিল। চিকিৎসালয়ত ভৰ্তি হওঁতে তেওঁৰ গাৰ পৰা কেৱল প্ৰতিদেহহে পোৱা গৈছিল, কোনো ভাইৰাছ পোৱা নগৈছিল,১৩ আৰু পৰীক্ষাৰ বাবে বাদুলীটোও ধৰা হোৱা নাছিল।৬

চিকিৎসা বিশেষজ্ঞসকলে মিল্‌ৱাকী প্ৰ'ট'কলৰ কাৰ্যকাৰিতা সম্পৰ্কে সন্দেহ প্ৰকাশ কৰে। তেওঁলোকে কয় যে ৰক্ষা পৰা সকলো ৰোগীৰ দেহতে নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰতিদেহ পোৱা যায়।১৪ ই এইটোকে সূচায় যে কোনো জিনীয় (genetic) বা প্ৰতিৰোধমূলক (immunological) উপাদানে আৰোগ্যত প্ৰভাৱ পেলাব পাৰে।

অন্য চেষ্টাসমূহ

গিজিৰ চিকিৎসা বিধান আজিকালি সালসলনি কৰা হৈছে (দ্বিতীয় ৰূপত ৰিবাভিৰিন ঔষধ ব্যৱহাৰ নহয়)। প্ৰথম প্ৰ'ট'কল অনুসৰি চিকিৎসা কৰা ২৫জন ৰোগীৰ দুজন ৰক্ষা পৰে। সংশোধিত প্ৰ'ট'কল অনুসৰি আন দহজন লোকক চিকিৎসা কৰা হয় যাৰ মাজত দুজন অধিক ৰক্ষা পৰে।১৫

২০১১ চনৰ জুনত ৰেবিজ সংক্ৰমণৰ লক্ষণ ওলোৱাৰ আগতেই প্ৰতিষেধক নোলোৱা আন এটা শিশুৰ প্ৰাণৰক্ষা পৰে। কেলিফ'ৰ্নিয়াৰ প্ৰেচিয়াছ ৰে'নল্ডছ নামৰ আঠবছৰীয়া ছোৱালীজনীৰ ২০১১ চনৰ এপ্ৰিল মাহত এই ৰোগ হয় আৰু মে' মাহৰ মাজভাগমানলৈ তাই কোনো চিকিৎসা লাভ কৰা নাছিল। ইন্‌ফ্লুৱেঞ্জাৰ দৰে লক্ষণ ওলোৱাত প'লিঅ' হোৱাৰ সন্দেহ কৰি আইতাকে তাইক চিকিৎসকৰ ওচৰলৈ লৈ যায়। চিকিৎসকলে তাইক গিজিৰ দৰেই প্ৰ'ট'কল অনুসৰণ কৰি চিকিৎসা প্ৰদান কৰে। ICU-ত দুসপ্তাহ কটোৱাৰ অন্তত তাইৰ প্ৰাণ ৰক্ষা পৰে।১৬

কিছুমান সমালোচকে কয় যে প্ৰাণৰক্ষা পৰাসকলৰ (৩৬ গৰাকীৰ ভিতৰত ৫ গৰাকী) এক জিনিয জলাতংক প্ৰতিৰোধ ক্ষমতা আছিল আৰু মিল্‌ৱাকী প্ৰ'ট'কলৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।১৭ কিন্তু এই মতে চাবলৈ গ'লে পূৰ্বে কোনো আৰোগ্য হোৱা ৰোগীৰ তথ্য নথকা সত্ত্বেও পাঁচ গৰাকী ৰোগী মিল্‌ৱাকী প্ৰ'ট'কল গ্ৰহণ কৰোঁতে কাক্‌তালীয়ভাৱে ৰক্ষা পৰে।

কেটামিনৰ তেবিজ ভাইৰাছৰ বিৰুদ্ধে প্ৰত্যক্ষ প্ৰভাৱ থকাৰ প্ৰমাণ পোৱা গৈছে।১৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Rodney E. Willoughby, Jr., online "A Cure for Rabies?" Scientific American, V. 256, No. 4, April 2007, p. 95
  2. ↑ Jordan Lite. (2008-10-08). Medical Mystery: Only One Person Has Survived Rabies without Vaccine--But How?. Scientific American
  3. ↑ "Rabies Rescue Protocol Fails in New Cases" accessed 15 January 2012
  4. ↑ "Human Rabies --- Indiana and California, 2006" Accessed 15 January 2012
  5. ↑ Pommerville, Jeffrey. (2007). Alcamo's Fundamentals of Microbiology. Jones and Bartlett. পৃ. 464. ISBN 978-0-7637-3762-7
  6. ↑ Johnson, Mark; Kawanza Newson. (2006-05-11). Hoping again for a miracle. Milwaukee Journal Sentinel
  7. ↑ Monica Murphy; Bill Wasik. (July 26, 2012). Undead: The Rabies Virus Remains a Medical Mystery. Wired
  8. ↑ Johnson, Mark; Newson, Kawanza. (2005-06-18). Down to a Prayer. Milwaukee Journal Sentinel
  9. ↑ Anthony N. van den Pol. (2009). Viral infection leading to brain dysfunction: more prevalent than appreciated?. Neuron. পৃ. 17-20
  10. ↑ (2005-01-03). First Unvaccinated Rabies Survivor Goes Home. Daily News Central
  11. ↑ "Giese Overcomes Rabies, Heads to College", WEAU, August 30, 2007, Retrieved September 4, 2007
  12. ↑ Johnson, Mark. "Rabies survivor Jeanna Giese graduates from college", Milwaukee Journal Sentinel, May 8, 2011. Retrieved June 13, 2011
  13. ↑ Willoughby, RE; Tieves, KS; Hoffman, GM. (June 2005). Survival after treatment of rabies with induction of coma. New England Journal of Medicine. পৃ. 2508–14
  14. ↑ Jackson AC. (July 2013). Current and future approaches to the therapy of human rabies.. Antiviral Res.. পৃ. 61–7
  15. ↑ Willoughby RE. (2009). Are we getting closer to the treatment of rabies?: medical benchmarks. Future Virology. MedScape. পৃ. 563– 570
  16. ↑ UC Davis Children's Hospital patient becomes third person in U.S. to survive rabies. UC Davis Medical Center
  17. ↑ Undead: The Rabies Virus Remains a Medical Mystery
  18. ↑ Lockhart BP, Tordo N, Tsiang H. (1992). Inhibition of rabies virus transcription in rat cortical neurons with the dissociative anesthetic ketamine. Antimicrob Agents Chemother. পৃ. 1750–5

সম্পৰ্কিত শ্ৰেণী

চিকিৎসা পদ্ধতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিল্‌ৱাকী প্ৰ'ট'কল” প্ৰবন্ধৰ সংশোধন ৬৩১৩৪২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।