অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

চিজাৰিয়ান ছেক্সন

চিজাৰিয়ান ছেক্সন (Caesarean section) হৈছে এক শল্য চিকিৎসা পদ্ধতি যাৰ সহায়ত এক বা একাধিক শিশুক মাকৰ গৰ্ভৰ পৰা এক ছেদনৰ দ্বাৰা প্ৰসৱ কৰোৱা হয়। চিজাৰিয়ান ছেক্সনক চি-ছেক্সন (C-section) বা চিজাৰিয়ান প্ৰসৱ (Caesarean delivery) বুলিও কোৱা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৪৩ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

চিজাৰিয়ান ছেক্সন (Caesarean section) হৈছে এক শল্য চিকিৎসা পদ্ধতি যাৰ সহায়ত এক বা একাধিক শিশুক মাকৰ গৰ্ভৰ পৰা এক ছেদনৰ দ্বাৰা প্ৰসৱ কৰোৱা হয়। চিজাৰিয়ান ছেক্সনক চি-ছেক্সন (C-section) বা চিজাৰিয়ান প্ৰসৱ (Caesarean delivery) বুলিও কোৱা হয়। কিছুমান ক্ষেত্ৰত যোনিয় প্ৰসৱত সন্তান আৰু মাক দুয়োৰে ক্ষতি হোৱাৰ সম্ভাৱনা দেখা যায় আৰু এনেকুৱা পৰিস্থিতিতেই চিকিৎসকে সাধাৰণতে চিজাৰিয়ান ছেক্সন পদ্ধতিটো সম্পন্ন কৰে।১ চি-ছেক্সন কৰিবলগীয়া হোৱা কাৰণবোৰ হৈছে বাধাপ্ৰাপ্ত প্ৰসৱ, যমজ গৰ্ভধাৰণ, মাকৰ উচ্চ ৰক্তচাপ, ব্ৰীচ জন্ম (প্ৰসৱৰ সময়ত মূৰৰ পৰিৱৰ্তে শৰীৰৰ নিম্নাংশ প্ৰথমে ওলোৱা), আৰু জননফুল বা নাভিৰজ্জুৰ সমস্যা।১২ মাকৰ শ্ৰোণিৰ আকৃতি আৰু পূৰ্বৱৰ্তী চি-ছেক্সনৰ ইতিহাসৰ ওপৰত ভিত্তি কৰি চিজাৰিয়ান প্ৰসৱ সম্পন্ন কৰিব পৰা যায়।১২ কিছুসংখ্যক মহিলা‌ই পূৰ্বতে চি-ছেক্সন প্ৰসৱৰ দ্বাৰা সন্তান জন্ম দিয়ে যদিও পৰৱৰ্তী সন্তানটো যোনিয় প্ৰসৱৰ দ্বাৰা জন্ম দিব খোজে। চি-চেক্সনৰ পিছত যোনিয় প্ৰসৱৰ (VBAC) দ্বাৰা সন্তান জন্ম দিব খোজাৰ কাৰণ এয়েই যে কিছুমানে অস্ত্ৰোপচাৰৰ বিপদাশংকা আৰু দীঘলীয়া আৰোগ্য পৰিহাৰ কৰিব বিচাৰে। আৰু আন কিছুমানে যোনিয় প্ৰসৱৰ অভিজ্ঞতা ল'ব বিচাৰে।১ বিশ্ব স্বাস্থ্য সংস্থাই জাৰি কৰা নীতিমতে চিজাৰিয়ান ছেক্সন কেৱল চিকিৎসাগতভাৱে প্ৰয়োজন হ'লেহে সম্পন্ন কৰিব লাগে।২৩ কিন্তু কিছুমান চি-ছেক্সন চিকিৎসাজনিত কাৰণ অবিহনেও সম্পন্ন কৰা হয়।১

এটা চি-ছেক্সন সম্পন্ন কৰিবলৈ সাধাৰণতে ৪৫ মিনিটৰ পৰা এক ঘণ্টা সময় লাগে।১ এয়া স্পাইনেল এনেছথিজিয়া য'ত সাধাৰণতে মহিলাজনী সাৰে থাকে বা সাধাৰণ এনেছথিজিয়াৰ অধীনত সম্পন্ন কৰা হয়।১ অস্ত্ৰোপচাৰ আৰম্ভ কৰাৰ আগত মাকৰ মূত্ৰাশয় নিষ্কাশন কৰিবলৈ প্ৰস্ৰাৱৰ কেথেটাৰ এটা ব্যৱহাৰ কৰা হয়, আৰু তাৰ পিছত এণ্টিচেপ্টিকেৰে পেটৰ ছাল পৰিষ্কাৰ কৰা হয়।১ তাৰ পাছত মাকৰ পেটত প্ৰায় ১৫ চেণ্টিমিটাৰৰ (৬ ইঞ্চি) এক ছেদন কৰা হয়। সাধাৰণতে পেটৰ নিম্নাংশত এই ছেদন কৰা হয়।১ তাৰ পাছত আন এক ছেদনৰ সহায়ত জৰায়ু খুলি সন্তান প্ৰসৱ কৰোৱা হয়।১ সন্তানৰ প্ৰসৱ সম্পূৰ্ণ হোৱাৰ পাছত ছেদনবোৰ চিলাই কৰি বন্ধ কৰি দিয়া হয়।১ অস্ত্ৰোপচাৰ কক্ষৰ পৰা ওলাই অহাৰ পাছৰে পৰাই সাধাৰণতে মাকে শিশুক স্তন্যপান কৰাবলৈ আৰম্ভ কৰিব পাৰে।৪ মাক অস্ত্ৰোপচাৰৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হোৱালৈ চিকিৎসালয়তে থাকিবলগীয়া হয়। মাক আৰু শিশু দুয়োৰে স্বাস্থ্য স্বাভাৱিক অৱস্থালৈ অহাৰ পাছতহে তেওঁলোকক ঘৰলৈ পঠিওৱা হয়।১

চি-ছেক্সনৰ ফলত নিম্ন-বিপদাশংকা থকা গৰ্ভধাৰণত দুৰ্বল ফলাফলৰ পৰিমাণ কিছু বৃদ্ধি পায়।২ চি-ছেক্সনৰ পৰা আৰোগ্য হ'বলৈ প্ৰায় ৬ সপ্তাহ সময় লয়। ই যোনিয় প্ৰসৱৰ পৰা আৰোগ্য হ'বলৈ লগা সময়তকৈও অধিক।১ শিশুৰ উশাহ-নিশাহৰ সমস্যা, এম্নিঅ'টিক ফ্লুইড এম্বোলিজম আৰু মাকৰ প্ৰসৱোত্তৰ ৰক্তক্ষৰণ হৈছে বৰ্ধিত বিপদাশংকাসমূহৰ ভিতৰত অন্যতম।২ প্ৰতিষ্ঠিত নিৰ্দেশনাৱলীমতে কোনো চিকিৎসাজনিত কাৰণ অবিহনে গৰ্ভধাৰণৰ ৩৯ সপ্তাহৰ আগত চিজাৰিয়ান ছেক্সন ব্যৱহাৰ কৰিব নালাগে।৫ চি-ছেক্সন পদ্ধতিটোৱে পৰৱৰ্তী যৌন সম্ভোগত কোনোধৰণৰ প্ৰভাৱ পেলোৱা দেখা নাযায়।৬

তথ্যসূত্ৰ

  1. ↑ (1 February 2017). Pregnancy Labor and Birth. Office on Women’s Health, U.S. Department of Health and Human Services
  2. ↑ (March 2014). Safe Prevention of the Primary Cesarean Delivery. American Congress of Obstetricians and Gynecologists and the Society for Maternal-Fetal Medicine
  3. ↑ (2015). WHO Statement on Caesarean Section Rates
  4. ↑ Lauwers, Judith; Swisher, Anna. (2010). Counseling the Nursing Mother: A Lactation Consultant's Guide. Jones & Bartlett Publishers. পৃ. 274. ISBN 9781449619480
  5. ↑ American Congress of Obstetricians and Gynecologists. Five Things Physicians and Patients Should Question. Choosing Wisely: an initiative of the ABIM Foundation. American Congress of Obstetricians and Gynecologists
  6. ↑ Yeniel, AO; Petri, E. (January 2014). Pregnancy, childbirth, and sexual function: perceptions and facts. International Urogynecology Journal. পৃ. 5–14

সম্পৰ্কিত শ্ৰেণী

চিকিৎসা পদ্ধতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিজাৰিয়ান ছেক্সন” প্ৰবন্ধৰ সংশোধন ৩৮০৮২৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।