ভেষ্টা (ইংৰাজী: Vesta) ৰোমান ধৰ্মত জুইশাল, ঘৰ আৰু পৰিয়ালক প্ৰতিনিধিত্ব কৰা কুমাৰী দেৱী। তেওঁক মানৱ ৰূপত খুব কমেইহে চিত্ৰিত কৰা হৈছিল, আৰু বেছিকৈ তেওঁক ৰোমান ফ'ৰামৰ তেওঁৰ মন্দিৰৰ জুই হিচাপে চিত্ৰিত কৰিছিল। তেওঁৰ মন্দিৰত কেৱল তেওঁৰ পুৰোহিত ভেষ্টাল ভাৰ্জিনসকলৰহে প্ৰৱেশৰ অনুমতি আছিল। ৰোমৰ অস্তিত্ব ৰক্ষাৰ বাবে তেওঁলোকৰ কুমাৰীত্ব অপৰিহাৰ্য বুলি গণ্য কৰা হৈছিল; যদি অসতীত্বৰ দোষী সাব্যস্ত হয়, তেন্তে তেওঁলোকক জীৱিত অৱস্থাত সমাধিস্থ কৰা হৈছিল। যিহেতু ভেষ্টাক ৰোমান জনগোষ্ঠীৰ ৰক্ষক বুলি গণ্য কৰা হৈছিল, সেয়েহে তেওঁৰ উৎসৱ ভেষ্টালিয়া (৭–১৫ জুন)ক ৰোমানসকলৰ অন্যতম গুৰুত্বপূৰ্ণ বন্ধৰ দিৱ হিচাপে গণ্য কৰা হৈছিল।১ ভেষ্টালিয়া উৎসৱৰ সময়ত বিশেষ সুবিধাপ্ৰাপ্ত মেট্ৰনসকলে চহৰৰ মাজেৰে খালী ভৰিৰে খোজ কাঢ়ি মন্দিৰলৈ গৈছিল, য’ত তেওঁলোকে খাদ্য-প্ৰসাদ আগবঢ়াইছিল। ৰোমান ধৰ্মৰ বাবে ভেষ্টাৰ গুৰুত্ব ইমানেই আছিল যে খ্ৰীষ্টান ধৰ্মৰ উত্থানৰ পিছত এতিয়াও সক্ৰিয় হৈ থকা শেষৰ অখ্ৰীষ্টান সংস্কৃতিসমূহৰ ভিতৰত ই অন্যতম আছিল৷ কিন্তু খ্ৰীষ্টান সম্ৰাট প্ৰথম থিয়ডছিয়াছে ৩৯১ খ্ৰীষ্টাব্দত ইয়াক বলপূৰ্বকভাৱে বন্ধ কৰি দিছিল।
ভেষ্টা আৰু তেওঁৰ পুৰোহিতসকলক চিত্ৰিত কৰা খুব কমসংখ্যকহে শ্ৰুতিকথা আছে; তাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য শ্ৰুতিকথা আছিল পবিত্ৰ অগ্নিকুণ্ডৰ পৰা উদ্ভৱ হোৱা লিংগই এগৰাকী কুমাৰী পুৰোহিতক অলৌকিকভাৱে গৰ্ভধাৰণ কৰাৰ কাহিনী — দেৱীৰ প্ৰকাশ পুৰুষ অলৌকিক সত্তাৰ সৈতে সংযুক্ত। কিছুমান ৰোমান পৰম্পৰাত ৰোমৰ প্ৰতিষ্ঠাপক ৰোমুলাছ আৰু ৰেমুছ (Romulus and Remus) আৰু ৰজা চাৰ্ভিয়াছ টুলিয়াছ (Servius Tullius) এইদৰেই গৰ্ভধাৰণ কৰিছিল।২ ভেষ্টাক ৰোমান প্যান্থেয়নৰ বাৰজন সন্মানীয় দেৱতা ডিই কনচেণ্টেছৰ (Dii Consentes) ভিতৰৰ এজন বুলি গণ্য কৰা হয়।৩ তেওঁ ছেটাৰ্ণ আৰু অপছৰ কন্যা আৰু জুপিটাৰ, নেপচুন, প্লুটো, জুনো আৰু চেৰেছৰ ভগ্নী। তেওঁৰ গ্ৰীক সমতুল্য দেৱী হেষ্টিয়া।৪
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেষ্টা” প্ৰবন্ধৰ সংশোধন ৪৭৮৩৯৮ (১৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।