অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকা

ভাৰতত বহুদলীয় ব্যৱস্থা আছে। ভাৰতীয় নিৰ্বাচন আয়োগে বস্তুনিষ্ঠ মাপকাঠীৰ ভিত্তিত ৰাষ্ট্ৰীয় পৰ্যায় আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাজনৈতিক দলসমূহক স্বীকৃতি প্ৰদান কৰে।

হালনাগাদ: ১৯ অক্টোবৰ ২০২৪ ২০০ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

ভাৰতত বহুদলীয় ব্যৱস্থা আছে। ভাৰতীয় নিৰ্বাচন আয়োগে বস্তুনিষ্ঠ মাপকাঠীৰ ভিত্তিত ৰাষ্ট্ৰীয় পৰ্যায় আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাজনৈতিক দলসমূহক স্বীকৃতি প্ৰদান কৰে। এটা স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলে সংৰক্ষিত দলৰ প্ৰতীক, চৰকাৰী টেলিভিছন আৰু ৰেডিঅ'ত বিনামূলীয়া সম্প্ৰচাৰৰ সময়, নিৰ্বাচনৰ তাৰিখ নিৰ্ধাৰণৰ ক্ষেত্ৰত পৰামৰ্শ আৰু নিৰ্বাচনী নিয়ম আৰু বিধি নিৰ্ধাৰণৰ ক্ষেত্ৰত ইনপুট দিয়াৰ দৰে বিশেষাধিকাৰ লাভ কৰে। স্থানীয়, ৰাজ্যিক বা ৰাষ্ট্ৰীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা আন ৰাজনৈতিক দলসমূহ ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা পঞ্জীয়ন হোৱাটো বাধ্যতামূলক। পঞ্জীয়নভুক্ত দলসমূহক ইচিআইৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় দল বা ৰাজ্যিক পক্ষ হিচাপে উন্নীত কৰা হয় যদিহে তেওঁলোকে লোকসভা বা ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ পিছত প্ৰাসংগিক মাপকাঠী পূৰণ কৰে। স্বীকৃতিপ্ৰাপ্ত পক্ষৰ মৰ্যাদা ইচিআইয়ে সময়ে সময়ে পৰ্যালোচনা কৰে।

ৰাষ্ট্ৰীয় দল

পঞ্জীয়নভুক্ত দল এটাক ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি দিয়া হয় যদিহে ই তলত উল্লেখ কৰা তিনিটা চৰ্তৰ যিকোনো এটা পূৰণ কৰে:

  • কমেও তিনিখন ভিন্ন ৰাজ্যৰ পৰা লোকসভাৰ ২% আসন লাভ কৰে দলটোৱে।
  • লোকসভা বা বিধানসভাৰ সাধাৰণ নিৰ্বাচনত দলটোৱে যিকোনো চাৰিখন বা তাতকৈ অধিক ৰাজ্যৰ ৬% ভোট লাভ কৰে আৰু ইয়াৰ উপৰিও ই চাৰিখন লোকসভাৰ আসন লাভ কৰে।
  • চাৰিখন ৰাজ্যত দলটোৱে ৰাজ্যিক দল হিচাপে স্বীকৃতি লাভ কৰে।

৮ টা স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় দল হৈছে:

  1. তৃণমূল কংগ্ৰেছ
  2. বহুজন সমাজ পাৰ্টি
  3. ভাৰতীয় জনতা পাৰ্টি (বিজেপি)
  4. ভাৰতৰ কমিউনিষ্ট পাৰ্টি
  5. ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
  6. ভাৰতীয় জাতীয় কংগ্ৰেছ
  7. জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি
  8. নেছনেল পিপলছ পাৰ্টি (ভাৰত)

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাজনীতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৪৩৯৩০০ (১৯ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।