অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভাচিটি ছ'কো

ভাচিটি ছোকো (ইংৰাজী: Vasiti Soko) এগৰাকী ফিজিয়ান ভৌগোলিক তথ্য প্ৰণালী বিশেষজ্ঞ আৰু ফিজিৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কাৰ্যালয়ৰ সঞ্চালক। ২০২১ চনৰ অক্টোবৰ মাহত তেওঁ ৰাষ্ট্ৰসংঘৰ দুৰ্যোগ বিপদাশংকা হ্ৰাস কাৰ্যালয়ৰ পৰা উদ্বোধনী 'উইমেনছ ইণ্টাৰনেশ্যনেল নেটৱৰ্ক ফৰ ডিজাষ্টাৰ ৰিস্ক ৰিডাকচন' (WIN DRR)…

হালনাগাদ: ২৫ এপ্ৰিল ২০২৬ ২৬৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ভাচিটি ছোকো (ইংৰাজী ভাষা: Vasiti Soko) এগৰাকী ফিজিয়ান ভৌগোলিক তথ্য প্ৰণালী বিশেষজ্ঞ আৰু ফিজিৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কাৰ্যালয়ৰ সঞ্চালক। ২০২১ চনৰ অক্টোবৰ মাহত তেওঁ ৰাষ্ট্ৰসংঘৰ দুৰ্যোগ বিপদাশংকা হ্ৰাস কাৰ্যালয়ৰ পৰা উদ্বোধনী 'উইমেনছ ইণ্টাৰনেশ্যনেল নেটৱৰ্ক ফৰ ডিজাষ্টাৰ ৰিস্ক ৰিডাকচন' (WIN DRR) নেতৃত্ব বঁটা লাভ কৰে।১২

শিক্ষা

ভাচিটি ছোকোৱে ২০০৬ চনত ফিজিৰ ছুভাত অৱস্থিত ইউনিভাৰ্ছিটি অৱ দা চাউথ পেচিফিকৰ পৰা স্নাতক ডিগ্ৰী আৰু ভৌগোলিক তথ্য প্ৰণালীৰ ডিপ্লমা লাভ কৰে। ২০১৮ চনত তেওঁ অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত থকা আৰ এম আই টি বিশ্ববিদ্যালয়ৰ পৰা জিঅ’ডেছি আৰু স্থানিক বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩৪

কৰ্মজীৱন

স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ছোকোৱে থাইলেণ্ড, অষ্ট্ৰেলিয়া আৰু কেইবাখনো মাইক্ৰোনেছিয়ান দেশত গোলকীয় তথ্য প্ৰণালীৰ সৈতে জড়িত বিভিন্ন কামত নিয়োজিত হয়। ২০১৩ চনৰ পৰা ২০১৬ চনৰ ভিতৰত তেওঁ ফিজিৰ চেনি উদ্যোগ ট্ৰিবিউনেলত ভৌগোলিক তথ্য প্ৰণালী পৰিচালক হিচাপে কাম কৰিছিল। ২০১৯ চনত স্নাতকোত্তৰ শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত তেওঁ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কাৰ্যালয়ৰ প্ৰথমগৰাকী মহিলা সঞ্চালক হিচাপে নিযুক্তি লাভ কৰে। বৰ্তমান তেওঁ মানৱ গতিশীলতা সম্পৰ্কীয় পেচিফিক টেকনিকেল ৱৰ্কিং গ্ৰুপৰ সহ-অধ্যক্ষ আৰু দুৰ্যোগ সম্পৰ্কীয় পৰিসংখ্যাৰ এছিয়া-পেচিফিক ৱৰ্কিং গ্ৰুপৰ উপ-অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।৩৪৫

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কাৰ্যালয়ৰ সঞ্চালকৰ দায়িত্ব লৈ ছোকোৱে সংবাদমেলৰ জৰিয়তে ফিজিৰ জনসাধাৰণৰ মাজত অতি কম সময়তে পৰিচিত হৈ পৰে। তেওঁ সকলো সংবাদমেলত সাংকেতিক ভাষাৰ প্ৰচলন কৰা প্ৰথমগৰাকী সঞ্চালক।২৩৫

বঁটা আৰু সন্মান

২০২১ চনৰ অক্টোবৰ মাহত ছোকোৱে অষ্ট্ৰেলিয়ান এইডৰ সহযোগত প্ৰদান কৰা উইমেনছ ইণ্টাৰনেশ্যনেল নেটৱৰ্ক ফৰ ডিজাষ্টাৰ ৰিস্ক ৰিডাকচন উৎকৃষ্ট নেতৃত্ব বঁটা লাভ কৰে। দুৰ্যোগ বিপদাশংকা হ্ৰাসৰ আন্তঃৰাষ্ট্ৰীয় দিৱসত এই বঁটা ঘোষণা কৰা হৈছিল। ৰাষ্ট্ৰসংঘৰ দুৰ্যোগ বিপদাশংকা হ্ৰাস কাৰ্যালয়ে উল্লেখ কৰে যে তেওঁ উন্নত নীতি আৰু আইনৰ জৰিয়তে ফিজিৰ দুৰ্যোগ ব্যৱস্থাপনা শক্তিশালী কৰিছে আৰু মহিলা তথা বিশেষভাৱে সক্ষম ব্যক্তিসকলক এই প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰাৰ নতুন পথ বিচাৰি পাইছে।১২৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ 10 Outstanding Fijians 2020. Fiji Sun
  2. ↑ Inaugural women's leadership awards for disaster risk reduction granted to Fijian trailblazer and Indonesian scientist mobilising youth. UNDRR
  3. ↑ Ms. Vasiti Soko. International Conference on Disaster Resilient Infrastructure
  4. ↑ Vasit Soko. LinkedIn
  5. ↑ Inaugural women’s leadership awards for disaster risk reduction granted to Fijian trailblazer. Pacific News Service

সম্পৰ্কিত শ্ৰেণী

ফিজিমহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাচিটি ছ'কো” প্ৰবন্ধৰ সংশোধন ৬০২৫৬৯ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।