বৰ্ণিহাট মেঘালয়ৰ পশ্চিম অঞ্চলত অৱস্থিত এখন সৰু চহৰ। এইখন চহৰ স্থানীয় ৰাইজৰ মাজত বজাৰ চহৰ হিচাপে পৰিচিত। বৰ্ণিহাট পৰ্যটকৰ মাজত ইয়াৰ প্ৰাকৃতিক দৃশ্যৰ বাবে জনাজাত। ইয়াত প্ৰধানকৈ জনজাতীয় লোকে বসবাস কৰে আৰু ইয়াত পুৰণি পৰম্পৰাগত মন্দিৰ, গীৰ্জা আৰু অন্যান্য ঐতিহ্যমণ্ডিত ভৱন আছে।
ইয়াতে কেইবাখনো চৰকাৰী-বেচৰকাৰী বিদ্যালয় আছে। তাৰে এখন হ'ল ডনবস্ক স্কুল, হাৰ্লিবাগান।১
যাতায়ত
বৰ্ণিহাটৰ পৰা মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ দূৰত্ব হৈছে প্ৰায় ৭৬ কি.মি.। তদুপৰি ৰাষ্ট্ৰীয় ঘাইপথ ৬ খন বৰ্ণিহাটৰ ওপৰেদি পাৰ হৈ গৈছে।২ বৰ্ণিহাটৰ পৰা কেইবাখনো চৰকাৰী-বেচৰকাৰী বাছ, অটোʼ- টেক্সি, ব্যক্তিগত যান-বাহন চলাচল কৰে, যাৰ সহায়ত অতি সহজেই মেঘালয়ৰ আন আন অঞ্চলসমূহলৈ অহা-যোৱা কৰিব পাৰি।
ৰে'ল
সম্প্ৰতি ভাৰত চৰকাৰে তেতেলিয়া জংচনৰ পৰা বৰ্ণিহাট হৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰে'ল লাইন সম্প্ৰসাৰণ প্ৰস্তুতি চলাইছে। এই ৰেলপথটোত কেইবাখনো সুৰংগ নিৰ্মাণৰ কাম চলি আছে। ইয়াৰ সমাপ্তিৰ পিছত এইখন মেন্দিপথাৰৰ পিছতে মেঘালয়ৰ দ্বিতীয় খন ৰে'ল ষ্টেচন হিচাপে বিবেচিত হ'ব। যাৰ ফলত অসমৰ লগতে মেঘালয়ৰ যাতায়ত কম খৰচী আৰু সুবিধাজনক হৈ পৰিব।৩
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি
- ↑ (28 April 2010). Rationalization of Numbering Systems of National Highways. Govt of India
- ↑ ukhrultimes.com/meghalaya-govt-under-pressure-fr
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰ্ণিহাট” প্ৰবন্ধৰ সংশোধন ৪৪৮১০০ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।