অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বৈষ্ণো দেৱী

বৈষ্ণো দেৱী (Vaishno Devi) কিছু বিশ্বাস মতে হিন্দু মাতৃ দেৱী দুৰ্গাৰ ৰূপ আৰু আন কিছু বিশ্বাসত তেওঁ লক্ষ্মী দেৱীৰ ৰূপ। তেওঁক মাতা ৰাণী, ত্ৰিকুতা, অম্বে আৰু বৈষ্ণৱী বুলিও জনা যায়। বৈষ্ণো দেৱীক মহাকালি, মহালক্ষ্মী আৰু মহাসৰস্বতী দেৱীৰ সংযুক্ত অৱতাৰ হিচাপে পূজা কৰা হয়।

হালনাগাদ: ১৭ ফেব্ৰুৱাৰী ২০২৫ ১৫২ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বৈষ্ণো দেৱী (Vaishno Devi) কিছু বিশ্বাস মতে হিন্দু মাতৃ দেৱী দুৰ্গাৰ ৰূপ আৰু আন কিছু বিশ্বাসত তেওঁ লক্ষ্মী দেৱীৰ ৰূপ। তেওঁক মাতা ৰাণী, ত্ৰিকুতা, অম্বে আৰু বৈষ্ণৱী বুলিও জনা যায়। বৈষ্ণো দেৱীক মহাকালি, মহালক্ষ্মী আৰু মহাসৰস্বতী দেৱীৰ সংযুক্ত অৱতাৰ হিচাপে পূজা কৰা হয়।১২৩

কিংবদন্তী

অধ্যাপক তথা লেখক মনোহৰ সাজনানীয়ে কৈছে, হিন্দু বিশ্বাস অনুসৰি বৈষ্ণো দেৱীৰ আদি বাসস্থান আছিল অৰ্ধ কুঁৱৰী, যি কটৰা চহৰ আৰু গুহাৰ মাজৰ বাটত থকা অৱস্থিত। শিশুৱে ৯ মাহ মাকৰ গৰ্ভত যেনেকৈ স্থিত হয়, ঠিক তেনেকৈয়ে তেওঁ গুহাটোত ৯ মাহ ধ্যান কৰিছিল।৪ কোৱা হয় যে ভৈৰৱ নাথে বৈষ্ণো দেৱীক কৰায়ত্ব কৰিবলৈ পিছে পিছে দৌৰিছিল। দেৱীয়ে পাহাৰৰ এটা গুহাৰ ওচৰ পালে, তেওঁ হনুমানক মাতি আনি ক'লে, "মই এই গুহাত ন মাহ তপস্যা কৰিম, তেতিয়ালৈকে ভৈৰৱ নাথক গুহাত প্ৰৱেশ কৰিবলৈ নিদিবা।" হনুমানে মাতৃৰ আদেশ পালন কৰে। ভৈৰৱনাথক হনুমানে গুহাৰ ভিতৰত প্ৰবেশ কৰিব দিয়া নাছিল আৰু আজি এই পবিত্ৰ গুহাটোক 'অৰ্ধ কুঁৱৰী' নামেৰে জনা যায়।৫

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Allard, Syama. (2022-09-30). All about Vaishno Devi: the goddess of Jammu's cave shrine. Hindu American Foundation
  2. ↑ Gulia. (2007). Mountains of the God: spiritual ecology of Himalaya region. Himalaya past and present series. Isha Books. ISBN 978-81-8205-420-2
  3. ↑ Discovery · Shri Mata Vaishno Devi Shrine Board. www.maavaishnodevi.org
  4. ↑ Manohar Sajnani. (2001). Encyclopaedia of Tourism Resources in India, Volume 1. Gyan Publishing House. পৃ. 158. ISBN 9788178350172
  5. ↑ Virodai, Yashodhara. (5 October 2017). Story of Mata Vaishnodevi. newstrend.news. Newstrend Network Communication Pvt Ltd

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৈষ্ণো দেৱী” প্ৰবন্ধৰ সংশোধন ৪৭৯০৪৭ (১৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।