অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চাৰ্কিট ব্ৰেকাৰ

চাৰ্কিট ব্ৰেকাৰ হৈছে এবিধ স্বয়ংক্ৰীয় বিদ্যুৎ নিয়ন্ত্ৰক যন্ত্ৰ যাৰ দ্বাৰা বৈদ্যুতিক বৰ্তনী (চাৰ্কিট)ক যিকোনো বিপদসংকুল পৰিৱেশ যেনে অ'ভাৰলোড অথবা চৰ্ট চাৰ্কিট আদিৰ পৰা সুৰক্ষা দিয়া হয়। ইয়াৰ প্ৰধান কাৰ্য্য হৈছে যিকোনো দোষী অৱস্থা অনুসন্ধান কৰা আৰু যথাক্ৰমে সেই অংশত বিদ্যুৎ কৰ্তন কৰা।

হালনাগাদ: ৬ জুন ২০২১ ৮১ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

চাৰ্কিট ব্ৰেকাৰ হৈছে এবিধ স্বয়ংক্ৰীয় বিদ্যুৎ নিয়ন্ত্ৰক যন্ত্ৰ যাৰ দ্বাৰা বৈদ্যুতিক বৰ্তনী (চাৰ্কিট)ক যিকোনো বিপদসংকুল পৰিৱেশ যেনে অ'ভাৰলোড অথবা চৰ্ট চাৰ্কিট আদিৰ পৰা সুৰক্ষা দিয়া হয়। ইয়াৰ প্ৰধান কাৰ্য্য হৈছে যিকোনো দোষী অৱস্থা অনুসন্ধান কৰা আৰু যথাক্ৰমে সেই অংশত বিদ্যুৎ কৰ্তন কৰা। "ফিউজ"ৰ দৰে ইয়াক প্ৰত্যেকটো কাৰ্য্যৰ বাবে সলনি কৰাব নালাগে। তাৰ পৰিৱৰ্তে ইয়াক "ৰিচেট" (স্বয়ংক্ৰীয় বা অস্বয়ংক্ৰীয় ভাৱে) কৰি পুনৰ চলাচল কৰিব পাৰি। চাৰ্কিট ব্ৰেকাৰ ঘৰুৱা ব্যৱহাৰৰ পৰা আৰম্ভ কৰি উচ্চ ক্ষমতাসম্পন্ন "ছুইচগিয়াৰ"ৰ লৈকে বিভিন্ন আকাৰত পোৱা যায়।

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

বৈদ্যুতিক শক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাৰ্কিট ব্ৰেকাৰ” প্ৰবন্ধৰ সংশোধন ২৮০৬৪৪ (৬ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।