অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

বে'লৰ পৰিঘটনা

বে'লৰ পৰিঘটনা (বা palpebral oculogyric reflex) এটা চিকিৎসা বিজ্ঞানৰ চিহ্ন য'ত চকু বন্ধ কৰিবলৈ চেষ্টা কৰোঁতে চকুটো ওপৰলৈ আৰু বাহিৰলৈ পাক খাই যায়। বেছিভাগ মানুহৰে ক্ষেত্ৰত চকু ওপৰলৈ উঠি যোৱাটো দেখা পোৱা যায় আৰু ই এক ৰক্ষামূলক কৌশল।

হালনাগাদ: ৩১ মাৰ্চ ২০২৪ ১৩৯ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

বে'লৰ পৰিঘটনা (বা palpebral oculogyric reflex১) এটা চিকিৎসা বিজ্ঞানৰ চিহ্ন য'ত চকু বন্ধ কৰিবলৈ চেষ্টা কৰোঁতে চকুটো ওপৰলৈ আৰু বাহিৰলৈ পাক খাই যায়। বেছিভাগ মানুহৰে ক্ষেত্ৰত চকু ওপৰলৈ উঠি যোৱাটো দেখা পোৱা যায় আৰু ই এক ৰক্ষামূলক কৌশল।২ এই পৰিঘটনাটোক স্কটিছ শল্য চিকিৎসক আৰু শৰীৰতত্ববিদ চাৰ্লছ বে'লৰ নামেৰে নামকৰণ কৰা হৈছে।

প্ৰায় ৭৫% লোকৰ ক্ষেত্ৰত বে'লৰ পৰিঘটনা দেখা যায়। চকু জপাওঁতে বা আশংকা হ'লে (যেনে ব্যক্তিজনৰ কৰ্নিয়া স্পৰ্শ কৰিবলৈ কৰা চেষ্টা) এই ৰক্ষামূলক প্ৰতিৱৰ্তী কৌশল পোৱা যায়। গিয়া বাৰী ছীন্দ্ৰ'মত (Guillain–Barré syndrome) বা আন ৰোগত দ্বিপাক্ষিক বে'লৰ পক্ষাঘাত হ'লে অৰ্বিকুলাৰিছ অকুলি পেশী দুৰ্বল হৈ পৰে আৰু তেতিয়া এই পৰিঘটনা লক্ষণীয় হয়। স্বাস্থ্যবান মানুহে চকু জোৰেৰে জপালে পতাৰ পাছফালে হোৱা এই ঘটনাক অৱশ্যে ৰোগৰ চিহ্ন বুলি গণ্য কৰিব নালাগে।

তথ্যসূত্ৰ

  • Smith J, Henderson B. (2001). (Minerva.). BMJ. পৃ. 118
  • Basic Ophthalmology: Page 110, Ocular and Orbital Injuries, Vasim Lala.

আৰু চাওক

তথ্যসূত্ৰ

  1. ↑ Francis Fraco IC. BELL'S PHENOMENON: A STUDY OF 508 PATIENTS. Australian and New Zealand Journal of Ophthalmology. পৃ. 15–21
  2. ↑ Jones D. H. (2001). Bell's phenomenon should not be regarded as a pathognomonic sign. BMJ. পৃ. 935

সম্পৰ্কিত শ্ৰেণী

চিকিৎসা বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বে'লৰ পৰিঘটনা” প্ৰবন্ধৰ সংশোধন ৪১৬২৫৫ (৩১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।