অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

বে'লৰ পক্ষাঘাত

বেলৰ পক্ষাঘাত (Bell's palsy) হৈছে কৰোটিক স্নায়ু (Cranial nerve) নং ৭-এ (ফেচিয়েল নাৰ্ভ) কাম নকৰাৰ ফলত হোৱা মুখমণ্ডলৰ একপ্ৰকাৰৰ পক্ষাঘাত। ইয়াৰ ফলত পক্ষাঘাত হোৱা ফালে মুখৰ মাংসপেশীবোৰৰ নিয়ন্ত্ৰণ হেৰাই যায়। কেইবাটাও কাৰণত মুখৰ পক্ষাঘাত হ'ব পাৰে, যেনে- মগজুৰ টিউমাৰ, ষ্ট্ৰোক, লাইম ৰোগ আদি।

হালনাগাদ: ২৪ ডিচেম্বৰ ২০২৩ ৪৬৩ শব্দ · ৩ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

বেলৰ পক্ষাঘাত (Bell's palsy) হৈছে কৰোটিক স্নায়ু (Cranial nerve) নং ৭-এ (ফেচিয়েল নাৰ্ভ) কাম নকৰাৰ ফলত হোৱা মুখমণ্ডলৰ একপ্ৰকাৰৰ পক্ষাঘাত। ইয়াৰ ফলত পক্ষাঘাত হোৱা ফালে মুখৰ মাংসপেশীবোৰৰ নিয়ন্ত্ৰণ হেৰাই যায়। কেইবাটাও কাৰণত মুখৰ পক্ষাঘাত হ'ব পাৰে, যেনে- মগজুৰ টিউমাৰ, ষ্ট্ৰ'ক, লাইম ৰোগ আদি। যদি পক্ষাঘাতৰ কোনো কাৰণ বিচাৰি পোৱা নাযায় তেতিয়া ইয়াক "বে'লৰ পক্ষাঘাত" বোলা হয়। আজিৰ পৰা দুশ বছৰ আগতে স্কটলেণ্ডৰ চাৰ্লছ বে'ল নামৰ চিকিৎসকজনে পোন প্ৰথমবাৰৰ বাবে এই ৰোগৰ বৰ্ণনা দিছিল কাৰণে ৰোগটোৰ লগত তেওঁৰ নাম যোগ দি "বেলচ্ পালচি" বুলি কোৱা হয়।

মস্তিষ্কৰ ভিতৰৰ পৰা ওলাই অহা ৭ নম্বৰ স্নায়ুডাল হ'ল আননী স্নায়ু বা ফেচিয়েল নাৰ্ভ। এই স্নায়ুডাল কাণৰ পিছফালে এটি সৰু ছিদ্ৰই দি আহি মুখমণ্ডলৰ মাংসপেশী বিলাকৰ সৈতে জড়িত হৈ পৰেহি। আমাৰ হঁহা, মুখৰ বিভিন্ন অংগী-ভংগী কৰা,চকু টিপ মৰা, চকু খোলা-মেলা কৰা আদি সকলো ক্ৰিয়া এই স্নায়ুৰ যোগেদিহে পৰিচালিত হয়। গতিকে ফেচিয়েল নাৰ্ভৰ পক্ষাঘাত হলে এই সকলোবিলাক ক্ৰিয়া বাধাপ্ৰাপ্ত হয়।

লক্ষণসমূহ

মুখ মণ্ডলৰ এফাল হঠাতে ৰাতিটোৰ ভিতৰত বেঁকা হৈ পৰে। সেই ফালৰ চকুটো সম্পূৰ্ণকৈ জপাব নোৱাৰা হয়। হাঁহিলে মুখখন এপিনে বেঁকা হৈ পৰে। খাওঁতে,গিলোতে কিছু অসুবিধা অনুভৱ হয়। দুদিনৰ ভিতৰত লক্ষণসমূহ স্পষ্ট হৈ ধৰা দিয়ে। কেতিয়াবা কাণৰ ভিতৰত কিছু বিষৰ অনুভৱ হয়। লেলাওটি ব'ব পাৰে। বন্ধ নোহোৱা চকু শুষ্ক বা পানী বৈ থকা পৰিলক্ষিত হয়। মুখৰ ৰুচি কমি যায়। পুৰুষ মহিলা সকলোৰে এই ৰোগ হব পাৰে। সাধাৰণতে ১৫ৰ পৰা ৬০ বছৰৰ বয়সত এই ৰোগ হোৱা দেখা যায়। কিন্তু যি কোনো বয়সতে এই ৰোগ হব পাৰে। বিশ্বৰ মুঠ জনসংখ্যাৰ ০. ০২ % লোকক এই ৰোগত ভোগা দেখা গৈছে। ইংলেণ্ডত প্ৰতি বছৰে প্ৰত্যেক ৫০০০জনৰ ভিতৰত এজনে এই ৰোগত ভোগে। আনহাতে আমেৰিকাত বছৰি ৪০০০০জনে "বেলচ্ ফেচিয়েল পালচিত আক্ৰান্ত হয়। ডায়েবেটিচ, গৰ্ভাৱস্থা, শ্বাসজনিত ৰোগত ভোগা লোক আৰু ৰোগ প্ৰতিৰোধৰ কম ক্ষমতা থকা লোকক সহজতে ৰোগাক্ৰান্ত হোৱা দেখা যায়। ৯৯% ৰোগীৰ মুখমণ্ডলৰ দুৰ্বলতা বা পেৰালাইচিচ এফালেহে হয়। কাচিৎ ১% ৰোগীৰ দুয়োপিনে দুৰ্বলতা হোৱা দেখা যায়। ৮৫% ৰোগী তিনিসপ্তাহৰ ভিতৰত সম্পূৰ্ণ আৰোগ্য হয়। বাকী ১৫%ৰ ক্ষেত্ৰত ৩ৰ পৰা ৬মাহ সময় লাগে। সাধাৰণতে দেখা দিয়া উপসৰ্গসমূহ হ'ল - মাংসপেশী কঠোৰ অনুভৱ হোৱা, মাংসপেশীৰ কঁপনি উঠা আৰু চকুলো সঘনাই নিগৰি থকা।

ৰোগৰ কাৰণ

ৰোগৰ উৎপত্তিৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই। হাৰপিজ বংশৰ এবিধ বা কেইবাবিধো ভাইৰাচে কৰা সংক্ৰমণৰ ফলত ফেচিয়েল নাৰ্ভৰ এটা অংশ ফুলি উঠে আৰু নাৰ্ভৰ অনিষ্ট হোৱাৰ ফলত লক্ষণসমূহ ফুটি উঠে। ১ কিন্তু মনত ৰাখিব লাগিব মগজুৰ টিউমাৰ, আঘাত বা সংক্ৰমণৰ দ্বাৰাও ফেচিয়েল নাৰ্ভৰ পেৰালাইচিচ হব পাৰে।

ৰোগৰ চিনাক্তকৰণ আৰু যাবতীয় পৰীক্ষাসমূহ

সাধাৰণতে ৰোগ প্ৰাথমিক পৰীক্ষাতেই চিনাক্ত হয়। ৰোগীৰ মগজুৰ চিটি স্কেন বা এম আৰ আই কৰি তেওঁৰ যে টিউমাৰ, সংক্ৰমণ বা আঘাতপ্ৰাপ্ত হৈ ফেচিয়েল পেৰালাইচিচ হোৱা নাই - সেয়া থিৰাং কৰা হয়। কেতিয়াবা নাৰ্ভৰ পৰিবহণ সমক্ষতা আদিও পৰীক্ষা কৰা হয়।

চিকিৎসা

বহুক্ষেত্ৰত বিনা ঔষধেও ৰোগৰ নিৰাময় হোৱা দেখা যায়। এণ্টি ভাইৰেল দৰবে কোনো উপকাৰ সাধন কৰা প্ৰমাণিত নহ'ল। ষ্টেৰইড সাধাৰণতে (প্ৰেডনিচলন নামৰ) এসপ্তাহ কাল ব্যৱহাৰ কৰি উপকৃত হোৱা দেখা যায়।২৩ বন্ধ নোহোৱা চকুৰ জখম নহবলৈ যতন লব লাগে। ফিজিঅ'থিৰাপি বা মাংসপেশীৰ উপযুক্ত ব্যায়ামো লাগতিয়াল। কদাচিত মুখায়বৰ বিকৃতি ৰৈ গলে প্লাষ্টিক চাৰ্জাৰীৰ প্ৰয়োজন হয়।

তথ্যসূত্ৰ

  1. ↑ Facial Nerve Problems and Bell's Palsy Information on MedicineNet.com
  2. ↑ Sullivan FM; Swan IR; Donnan PT. (2007). Early treatment with prednisolone or acyclovir in Bell's palsy. N. Engl. J. Med.. পৃ. 1598–607
  3. ↑ Salinas RA, Alvarez G, Daly F, Ferreira J. (2010). Corticosteroids for Bell's palsy (idiopathic facial paralysis). Cochrane Database Syst Rev. পৃ. CD001942

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বে'লৰ পক্ষাঘাত” প্ৰবন্ধৰ সংশোধন ৩৯৮৮০১ (২৪ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।